5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰোগীৰ মাজত হাহাকাৰ! ব্যক্তিগত চিকিৎসালয়ত বন্ধ আয়ুষ্মান কাৰ্ডৰ সুবিধা..

বিভাগীয় কৰ্তৃপক্ষই ফোন কৰি কয় যে ব্যক্তিগত চিকিৎসালয়ত বন্ধ হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা। হাস্পাতাল কৰ্তৃপক্ষই চিকিৎসা সম্পূৰ্ণ নোহোৱা ৰোগী কেইজনৰ টকা কোনে দিব বুলি প্ৰশ্ন কৰে বিভাগীয় কৰ্তৃপক্ষক। ইয়াৰ উত্তৰত সেই ধন ৰোগীৰ পৰাই তেওঁলোকে ল'ব লাগিব বুলি কয়। 

ৰোগীৰ মাজত হাহাকাৰ! ব্যক্তিগত চিকিৎসালয়ত বন্ধ আয়ুষ্মান কাৰ্ডৰ সুবিধা..
আয়ুষ্মান কাৰ্ড
barasha-sarma
Barasha Sarma | Published: 25 Jul 2024 10:18 AM

আয়ুষ্মান কাৰ্ডৰ হিতাধিকাৰীসকললৈ বেয়া খবৰ। এতিয়াৰে পৰা এই আঁচনিৰ সুবিধা নাথাকিব ব্যক্তিগত হাস্পাতালত। এই কথা পোহৰলৈ অহাৰ পাছতেই এতিয়া ৰোগীৰ মাজত দেখা দিছে হাহাকাৰ। কাৰ্ড বন্ধ হোৱাৰ লগে লগে চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মাজত চিন্তাই বিৰাজ কৰিছে। জানিব পৰা মতে কোনো ধৰণৰ জাননী নিদিয়াকৈ হঠাতে এই সিদ্ধান্ত লৈছে বিভাগীয় কৰ্তৃপক্ষই।

উল্লেখ কৰা প্ৰয়োজন যে এই আঁচনিৰ অধীনত এজন ৰোগীয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ সুবিধা আছে। এই কাৰ্ডৰ অধীনত ব্যক্তিগত হাস্পাতালতো ইয়াৰ সুবিধা লয় ৰোগীয়ে। কিন্তু ইয়াৰ মাজতে এক খবৰ পোহৰলৈ আহে যে বঙাইগাঁৱৰ ল’ৱাৰ আসাম হাস্পাতালত বন্ধ কৰা হয় আয়ুষ্মান কাৰ্ড। বৰ্তমান এই কাৰ্ডৰ অধীনত চিকিৎসালয়খনত ১০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। এই খবৰ লাভ কৰাৰ পাছতেই এতিয়া তেওঁলোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

হাস্পাতাল কৰ্তৃপক্ষই জনাই যে, বৰ্তমান ল’ৱাৰ আসাম হাস্পাতালত ১০ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰো ৪ গৰাকীক বুধবাৰে ভৰ্তি কৰোৱা হৈছিল। জেনেৰেল চাৰ্জাৰী ৱাৰ্ডত ভৰ্তি কৰোৱা এই ৰোগীসকলৰ ইতিমধ্যে চাৰ্জাৰী হৈ গৈছে। কিন্তু  যেতিয়া এই ৰোগী কেইজনৰ তথ্য হাস্পাতালত কৰ্তৃপক্ষই পোৰ্টেলত আপলোড কৰিবলৈ লয় তেতিয়া পোৰ্টেলৰ চাৰ্ভাৰ ডাউন হৈ পৰে। বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে জনোৱাত কয় যে, কেতিয়াবা চাৰ্ভাৰ ডাউন হয়, কিন্তু নিজে নিজে ঠিক হ’ব।

কিন্তু আজি (২৫ জুলাই) পুৱা হঠাতে বিভাগীয় কৰ্তৃপক্ষই ফোন কৰি কয় যে ব্যক্তিগত চিকিৎসালয়ত বন্ধ হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা। হাস্পাতাল কৰ্তৃপক্ষই জনাই যে সেই ৰোগী কেইজনৰ চিকিৎসা এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে টকা কোনে দিব বুলি প্ৰশ্ন কৰে বিভাগীয় কৰ্তৃপক্ষক। ইয়াৰ উত্তৰত সেই ধন ৰোগীৰ পৰাই তেওঁলোকে ল’ব লাগিব বুলি কয়।

হাস্পাতাল কৰ্তৃপক্ষই কয় যে, আমি ৰেহাই দি ৰোগীক বিল দিম। কিন্তু তেওঁলোকে টকা দিব বিচৰা নাই। কাৰণ তেওঁলোক দুখীয়া ঘৰৰ লোক। জানিব পৰা মতে এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক জাননী অহা নাই। কেৱল ফোনতহে জনাইছে  সকলো কথা।

উল্লেখ কৰা প্ৰয়োজন যে, চৰকাৰে ল’ৱাৰ আসাম হাস্পাতালক প্ৰায় ২ কোটি টকা দিব আছে। ইয়াৰোপৰি আৰু বিভিন্ন হাস্পাতালত চৰকাৰে ধন দিবলৈ বাকী আছে। গতিকে ধন দিব নোৱাৰাৰ বাবে চৰকাৰে এনে সিদ্ধান্ত লৈছে বুলি অভিযোগ উঠিছে। অৱশ্যে চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক ঘোষণা কৰিলেহে ইয়াৰ বিষয়ে সবিশেষ জানিব পৰা যাব।

Latest News