অখিল গগৈৰ পত্নী সন্দৰ্ভত অশ্লীল মন্তব্যৰ পাছতেই ক্ষমা খুজিবলৈ বাধ্য হ’ল আজমল
অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল বদৰুদ্দিন আজমল। অখিল গগৈৰ পত্নী সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ পাছত তেওঁ ক্ষমা খোজে।

বদৰুদ্দিন আজমল
অতি জঘন্য, লজ্জাজনক মন্তব্য কৰি অৱশেষত মহিলা সমাজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল। অখিল গগৈৰ পত্নী সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পাছতেই সমালোচনাৰ পাত্ৰ হৈ পৰিছিল আজমল। বিভিন্নজনে আজমলক কঠোৰ সমালোচনা কৰাৰ লগতে জাতীয় নাৰী বাহিনীয়ে দাখিল কৰিছিল এজাহাৰ। যাৰ পাছত সোমবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে আজমলে তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা খোজে।
আজমলে কয় যে, “সংবাদ মাধ্যমৰ সৈতে কথা বতৰা হোৱাৰ সময়ত মোক অখিল গগৈৰ বৌৰ কথা সুধিছিল। মই কোনো কটাক্ষ বা বেইজ্জত কৰি কথা কোৱা নাছিলো। মই মহিলাক সন্মান কৰো। আমাৰ বিদ্যালয়, কলেজত হাজাৰ হাজাৰ মহিলাই অধ্যয়ন কৰে। গতিকে সমগ্ৰ পৃথিৱীয়ে জানে মই মহিলাক কিমান সন্মান কৰো। মই কাকো অপমান কৰি মন্তব্য কৰা নাছিল”।
লগতে তেওঁ কয় যে, “মিডিয়াৰ মানুহে মই কোৱা কথাটো ইচ্ছ্যু বনাই পেলাইছে। কিয় এয়া কৰিছে মই নাজানো। যদি অখিল গগৈৰ পত্নী বা কোনো মহিলাই মই কৰা মন্তব্যৰ বাবে দুখ পাইছে তেন্তে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। ইয়াৰ বাবে মোৰ লাজ নালাগে। যদি কাৰোবাৰ মনত আঘাত দিছো তেন্তে ক্ষমা কৰি দিয়ক। দৰকাৰ হ’লে মই ১০ বাৰ ক্ষমা খুজিম। কিন্তু এই ইচ্ছ্যুটো ইয়াতেই বন্ধ কৰক”।
কি কৈছিল বদৰুদ্দিন আজমলে
উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি অখিল গগৈৰ পত্নী সন্দৰ্ভত ৰাজ্য়ত বিতৰ্কৰ সৃষ্টি হৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছিল যে অখিল গগৈৰ পত্নীয়ে বক্ৰ পথেৰে চাকৰি লৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে কৈছিল যে- “অখিল গগৈৰ পত্নী বুঢ়া হৈছে, গতিকে মই মাত নামাতো। কোনো জৱান পত্নীৰ কথা সুধিলে মাত মাতিম। মই বুঢ়া হৈছো কিন্তু মনটো জৱান হৈ আছে । অখিল গগৈৰ পত্নী বুঢ়ী, গতিকে মই কিয় মাত মাতিম”।
আজমলৰ এই চূড়ান্ত অপমানজনক এই মন্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও আজমলে মহিলাৰ বিৰুদ্ধে বহু অশালীন আৰু আপত্তিজনক মন্তব্য কৰিছিল। বাৰে বাৰে মহিলাৰ বিৰুদ্ধে ঘৃণনীয় মন্তব্য কৰা আজমলৰ যেন এক অভ্যাসত পৰিণত হৈছে। আজমলৰ এই মন্তব্যই প্ৰমাণ কৰে মানুহ ৰাজনীতিৰ বাবে কিমান তললৈ নামিব পাৰে বা আজিৰ সময়তো এজন জনপ্ৰতিনিধিয়ে মহিলাক কি হিচাপে গন্য কৰে। এনেবোৰ কাৰণতে আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে একাংশই।