কৰিমগঞ্জত সীমান্ত নিৰাপত্তা বৃদ্ধি, বলৱৎ কৰা হৈছে কঠোৰ ব্যৱস্থা ! | Bangladesh crisis : Border security heightened in Assam's Karimganj, strict measures enforced Assam news - Assam Tv9

Bangladesh Crisis: অসমৰ কৰিমগঞ্জত সীমান্ত নিৰাপত্তা বৃদ্ধি, বলৱৎ কৰা হৈছে কঠোৰ ব্যৱস্থা

Published: 

10 Aug 2024 13:43 PM

বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ল । কিন্তু দেশখনত এতিয়াও শান্তিৰ পৰিবেশ ঘূৰি অহা নাই। সেয়েহে, এনে পৰিস্থিতিৰ মাজতে সাম্ভাব্য অনুপ্ৰৱেশ ৰোধ কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা যিকোনো ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্তৰক্ষী বাহিনীয়ে । ইয়াৰ সমান্তৰালভাৱে অসমৰ কৰিমগঞ্জ জিলাৰ বাংলাদেশৰ সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ গঢ়ি তোলা হৈছে ।

Bangladesh Crisis: অসমৰ কৰিমগঞ্জত সীমান্ত নিৰাপত্তা বৃদ্ধি, বলৱৎ কৰা হৈছে কঠোৰ ব্যৱস্থা

প্ৰতীকী ফটো

Follow Us On

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছে যদিও দেশখনৰ ৰাজনৈতিক অস্থিৰতাই চুবুৰীয়া ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলক অতি চিন্তিত কৰি ৰাখিছে । যোৱা দুদিন ধৰি ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, বাংলাদেশৰ হাজাৰ হাজাৰ নাগৰিকে সীমান্তৰে ভাৰতবৰ্ষত অনুপ্ৰৱেশ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে । বাংলাদেশ-বংগ সীমান্তত হাজাৰ হাজাৰ বাংলাদেশৰ নাগৰিকে ভিৰ কৰাৰো খবৰ প্ৰকাশ পাইছে । বাংলাদেশী লোকসকলে আনকি ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীৰ সৈতেও হতাহতিত লিপ্ত হোৱা বুলি একাংশ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।

উল্লেখ্য যে, বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ল । কিন্তু দেশখনত এতিয়াও শান্তিৰ পৰিবেশ ঘূৰি অহা নাই। সেয়েহে, এনে পৰিস্থিতিৰ মাজতে সাম্ভাব্য অনুপ্ৰৱেশ ৰোধ কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত শান্তি শৃংখলা বিঘ্নিত কৰিব পৰা যিকোনো ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্তৰক্ষী বাহিনীয়ে । ইয়াৰ সমান্তৰালভাৱে অসমৰ কৰিমগঞ্জ জিলাৰ বাংলাদেশৰ সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ গঢ়ি তোলা হৈছে ।


এই বিষয়ত কৰিমগঞ্জ জিলাৰ উপায়ুক্ত মৃদুল যাদৱে জানিবলৈ দিছে যে, হিংসাত্মক পৰিস্থিতিৰ কোনো সম্ভাৱ্য ঘটনা ৰোধ কৰিবলৈ কৰ্তৃপক্ষই সতৰ্কতা বৃদ্ধি কৰিছে। যাদৱে কয় যে, “আমি হাই এলাৰ্টত আছো, যাতে কোনো ধৰণৰ অশুভ কাণ্ড সংঘটিত নহয়।” ইয়াৰ লগতে সীমান্ত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তীক্ষ্ণ নজৰ ৰখাৰ কথাও উল্লেখ কৰিছে মৃদুল যাদৱে ।

লগতে তেওঁ কয়, ‘সোমবাৰৰ পৰা ইন্টিগ্ৰেটেড চেক পোষ্ট (আইচিপি)বন্ধ কৰি দিয়া হৈছে । ইয়াৰ ফলত আমদানি-ৰপ্তানিৰ সকলো কাম-কাজৰ লগতে সীমান্তৰ সিপাৰে মানুহৰ অহা-যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। যোৱা সপ্তাহৰ পৰা এই বন্ধ কঠোৰভাৱে বলৱৎ কৰা হৈছে ।’ তদুপৰি তেওঁ কয় যে, সেনাৰ এটা কোম্পানীয়ে অতিৰিক্ত নিৰাপত্তাৰ বাবে বি এছ এফৰ সৈতে সহযোগিতা আগবঢ়াইছে । লগতে যোৱা সপ্তাহৰ পৰা কোনো ভাৰতীয় ছাত্ৰ বা ভাৰতীয় নাগৰিক কৰিমগঞ্জ সীমান্তৰে ভাৰতলৈ অহাৰ খবৰ লাভ কৰা নাই বুলি উল্লেখ কৰিছে কৰিমগঞ্জ জিলাৰ উপায়ুক্ত মৃদুল যাদৱে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version