5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আৰ্থিক সংকটত বাংলাদেশ, প্ৰত্যেক দিনে বৃদ্ধি পাবলৈ ধৰিছে অনুপ্ৰৱেশ : হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা চুবুৰীয়া দেশখনৰ নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ কাৰণ হিচাপে বাংলাদেশৰ আৰ্থিক সংকট অধিক ভয়াৱহ হৈ পৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আৰ্থিক সংকটত বাংলাদেশ, প্ৰত্যেক দিনে বৃদ্ধি পাবলৈ ধৰিছে অনুপ্ৰৱেশ : হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 25 Dec 2024 16:37 PM

বাংলাদেশীৰ অনুপ্ৰৱেশকাৰী বিষয়টোৱে চুবুৰীয়া পশ্চিমবংগৰ লগতে উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য়কেইখনত উদ্বেগ সৃষ্টি কৰি আহিছে । বিশেষকৈ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা দেশখনৰ সৈতে সীমা ভাগ-বতৰা কৰা ভাৰতৰ ৰাজ্য়কেইখনত ‘অনুপ্ৰৱেশ’ বিশেষভাৱে চৰ্চা বিষয় হৈ আহিছে । ইয়াৰ কাৰণ হৈছে বিশেষকৈ আৰ্থিক সংকটত পৰি বৃহৎ সংখ্যক বাংলাদেশৰ নাগৰিকে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাব পাৰে । বিশ্লেষক সকলেও এই সম্ভাৱনা নুই কৰা নাই । শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মনকৰিবলগীয়া যে, প্ৰায় প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সীমান্তত বাধা দিয়া খবৰ সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰি আহিছে । যোৱা এমাহত অসম আৰক্ষীয়ে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা বহু বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰিছে । এই বিষয়টোত উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা চুবুৰীয়া দেশখনৰ নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ কাৰণ হিচাপে বাংলাদেশৰ আৰ্থিক সংকট অধিক ভয়াৱহ হৈ পৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তেওঁ কয়,‘প্ৰতিদিনে ২০ ৰ পৰা ২৫ জন বাংলাদেশী নাগৰিকে নিজৰ দেশৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বাবে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে। আমি এনে অনুপ্ৰৱেশ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা ৰূপায়ণ কৰিছো।’ তেওঁ লগতে আলোকপাত কৰে যে, বৰ্তমান বাংলাদেশে তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হৈছে । যাৰ ফলত বৈদেশিক মুদ্ৰাৰ সংকট আৰু মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। এই আৰ্থিক সমস্যাবোৰে সেই দেশৰ লোকসকলক সীমান্তৰ সিপাৰে আশ্ৰয় আৰু কৰ্ম সংস্থাপনৰ সুযোগ বিচাৰিবলৈ বাধ্য কৰাইছে বুলি আলোকপাত কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে তেওঁ উল্লেখ কৰে যে, এই বিষয়টোকলৈ অসমে অধিক সতৰ্ক হোৱাটো প্ৰয়োজন । অসম চৰকাৰে সীমান্ত নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । প্ৰত্যেক দিনে অনুপ্ৰৱেশকাৰীক বাধা দি আহিছে অসম আৰক্ষীয়ে। লগতে তেওঁ কয়, ‘আমি নজনাকৈ কিমান বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিছে সেয়া বুজিব নোৱাৰা কথা । ‘

মনকৰিবলগীয়া যে, দুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১৬ গৰাকীকৈ বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ উল্লেখ কৰিছিল যে, এই বাংলাদেশী নাগৰিক কেইজনে বাংগালুৰুৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহিছিল । ইয়াৰ পাছত শিশু-মহিলাসহ ৬ গৰাকীকৈ বাংলাদেশী নাগৰিকক দক্ষিণ শালমাৰা-মানকাচৰ দিশে গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে । ইয়াৰ পাছতে আৰক্ষীৰ তদন্তত তেওঁলোক বাংলাদেশী বুলি নিশ্চিত হয় । পৰৱৰ্তী সময়ত অইনী প্ৰক্ৰিয়া অনুসৰি তেওঁলোকক পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে অসম আৰক্ষীয়ে ।

যোৱা দেওবাৰে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ আন এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে যে, ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে আইনী প্ৰক্ৰিয়া অনুসৰি তেওঁলোকক পুনৰ বাংলাদেশ কৰ্তৃপক্ষক গতাই দিয়ে অসম আৰক্ষীয়ে । অৱশ্যে তেওঁলোকক কোন স্থানৰ পৰা বিতাৰিত কৰা হৈছে সেই কথা উল্লেখ কৰা নাছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

Latest News