পুনৰ বাংলাদেশীক আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে | Bangladesh national pushed back at border: CM Himanta Biswa Sarma Assam news - Assam Tv9

চলিত মাহত ১৮ জন ! পুনৰ আন এজন বাংলাদেশীক আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে

Published: 

11 Sep 2024 21:06 PM

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজন বাংলাদেশী নাগৰিকৰ আটক কৰি বিতাৰিত কৰে অসম আৰক্ষীয়ে । বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সূত্ৰ অনুসৰি, অসম আৰক্ষীয়ে চলিত মাহত এতিয়ালৈকে মুঠ ১৮ জন অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে বুলি জানিব পৰা গৈছে ।

চলিত মাহত ১৮ জন ! পুনৰ আন এজন বাংলাদেশীক আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে

প্ৰতীকী ফটো

Follow Us On

পুনৰ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজন বাংলাদেশী নাগৰিকৰ আটক কৰি বিতাৰিত কৰে অসম আৰক্ষীয়ে । বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সূত্ৰ অনুসৰি, অসম আৰক্ষীয়ে চলিত মাহত এতিয়ালৈকে মুঠ ১৮ জন অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে বুলি জানিব পৰা গৈছে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত পোষ্ট শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অবৈধভাৱে অসম তথা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা টয়ু শ্বেইখ নামৰ এজন বাংলাদেশী নাগৰিকক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । বুধবাৰে পুৱা ০১:৪৫ বজাত তেওঁক বিতাৰিত কৰা কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয়,”আমাৰ বাহিনী সীমান্তত হাই এলাৰ্টত আছে আৰু আমি ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশৰ যিকোনো প্ৰচেষ্টা ৰোধ কৰিবলৈ সাজু আছো । ”

লগতে পঢ়ক: পুনৰ অনুপ্ৰৱেশৰ চেষ্টা পাঁচ বাংলাদেশীৰ, আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে

ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী শৰ্মাই অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰা তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ শ্বেয়াৰ কৰা তথ্য অনুসৰি, যোৱা দেওবাৰে বিতাৰিত কৰা দুজন অনুপ্ৰৱেশকাৰীকে ধৰি যোৱা চাৰি ছেপ্টেম্বৰৰ পৰা আজিলৈকে আন ১৭ জন বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰি বিতাৰিত কৰিছে । বুধবাৰে আটক কৰা বাংলাদেশী নাগৰিকজনকে ধৰি ১৮ জন ।

লগতে পঢ়ক: কৰিমগঞ্জ ছেক্টৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক চিনাক্ত

মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে দাবী কৰিছিল যে, চুবুৰীয়া দেশখনত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা আগষ্টৰ শেষলৈকে প্ৰায় ৫০ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাৰিত কৰা হৈছিল । তেওঁ কয় যে, অনুপ্ৰৱেশকাৰীসকলে বস্ত্ৰ উদ্যোগত কাম কৰিবলৈ ভাৰতৰ অন্যান্য ৰাজ্যলৈ যোৱাৰ বাবে অসমক পথ হিচাপে ব্যৱহাৰ কৰি আহিছে।

লগতে পঢ়ক: পুনৰ অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা তিনি বাংলাদেশীৰ, চিনাক্ত কৰি বিতাৰিত কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

উল্লেখ্য যে, বাংলাদেশৰ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ সমান্তৰালে অসম আৰক্ষীয়েও আন্তঃৰাষ্ট্ৰীয় সীমান্তত অবৈধ প্ৰৱেশত বাধা দিবৰ বাবে হাই এলাৰ্ট অব্যাহত ৰাখিছে বুলি জানবলৈ দিছিল অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

লগতে পঢ়ক: ভাৰতীয় ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি দেশ এৰাৰ চেষ্টা বাংলাদেশীৰ ! লক্ষ্ণৌ বিমানবন্দৰত গ্ৰেপ্তাৰ এজনক…

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version