নাৰী সৰবৰাহৰ ভয়ংকৰ জাল, দুধনৈৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আন্তঃৰাষ্ট্ৰীয় এজেণ্টক!

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাৰী সৰবৰাহকাৰীটোৰ নাম আমিনুল ইছলাম। ধৃত আমিনুলৰ ঘৰ গোৱালপাৰাৰ কৃষ্ণাইত। দিল্লী আৰক্ষীয়ে দুধনৈ আৰক্ষীৰ সহযোগত দুধনৈৰ দামৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আমিনুলক। উইংগাৰ বাহনেৰে মেঘালয়ৰ বাঘমাৰাৰ পৰা অসম হৈ দিল্লীলৈ বাংলাদেশৰ যুৱতী-মহিলাক প্ৰেৰণ কৰে ধৃত আমিনুলে।

নাৰী সৰবৰাহৰ ভয়ংকৰ জাল, দুধনৈৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আন্তঃৰাষ্ট্ৰীয় এজেণ্টক!

দুধনৈত আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী!

Updated On: 

29 Dec 2024 18:25 PM

এক হত্যাকাণ্ড সন্দৰ্ভত চলোৱা তদন্তৰ আঁত ধৰি অসমত উপস্থিত হোৱা দিল্লী আৰক্ষীৰ জালত পৰিছে নাৰী সৰবৰাহৰ এজেণ্ট। দুধনৈত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ এজন যুৱকক। অসমত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰৰ এজেণ্ট জালত পৰাটোৱে এক ভয়ংকৰ তথ্য উন্মোচন কৰিছে।

দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাৰী সৰবৰাহকাৰীটোৰ নাম আমিনুল ইছলাম। ধৃত আমিনুলৰ ঘৰ গোৱালপাৰাৰ কৃষ্ণাইত। দিল্লী আৰক্ষীয়ে দুধনৈ আৰক্ষীৰ সহযোগত দুধনৈৰ দামৰাৰ পৰা গ্ৰেপ্তাৰ কৰে আমিনুলক। উইংগাৰ বাহনেৰে মেঘালয়ৰ বাঘমাৰাৰ পৰা অসম হৈ দিল্লীলৈ বাংলাদেশৰ যুৱতী-মহিলাক প্ৰেৰণ কৰে ধৃত আমিনুলে। আমিনুলক গ্ৰেপ্তাৰ কৰাৰ উপৰিও দিল্লী আৰক্ষীয়ে জব্দ কৰিছে এখন উইংগাৰ বাহন। তাৰ পাছত নিশাই জব্দ কৰা উইংগাৰ বাহনৰ লগতে আমিনুলক ট্ৰেঞ্জিট ৰিমাণ্ডত দিল্লীলৈ লৈ যায় আৰক্ষীয়ে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ক্ষেত্ৰত নাৰী সৰবৰাহৰকাৰীসকলে ব্যৱহাৰ কৰিছিল এক সমন্বিত পথ। যাৰ যোগেদি ভুক্তভোগীসকল বাংলাদেশৰ পৰা মেঘালয়ৰ গাৰো পাহাৰৰ বাঘমাৰালৈ পৰিবহন কৰা হৈছিল। তাৰ পৰা মহিলাসকলক অসমলৈ স্থানান্তৰ কৰা হৈছিল। ইয়াৰ বাবে দুধনৈ আৰু কৃষ্ণাই হৈ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা দিল্লীৰ উপস্থিত কৰোৱা হৈছিল।

দিল্লীত সংঘটিত এক হত্যাকাণ্ড তদন্তৰ চলাই আৰক্ষী উপস্থিত হয় অসমত। দিল্লীত হত্যা কৰা হৈছিল এজন বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ দালালক।দালালটোৰ নাম আছিল চিণ্টু। চিণ্টুৰ মৃত্যু পাছত আৰক্ষীয়ে চলোৱা তদন্তত চিণ্টুৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল বহু ভুৱা আধাৰ কাৰ্ড, ভোটাৰ IDৰ লগতে পেন কাৰ্ড । প্ৰথমে চিণ্টুৰ হত্যাকাণ্ডক লৈ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহিলাসহ ৪ অবৈধ বাংলাদেশীক। পাছত চিণ্টুৰ ঘৰত ভুৱা নথি পত্ৰ জব্দ হোৱাক লৈ ৰুজু কৰা হৈছিল অন্য এটা গোচৰ। গোচৰটোত সন্দৰ্ভত চলোৱা অভিযানত ৫ বাংলাদেশীসহ ১১জনীয়া ভুৱা নথি প্ৰস্তুত কৰা এটা চক্ৰক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে । ইয়াৰ পাছতে এই ঘটনাৰ লিংক বিচাৰি দেশৰ বিভিন্ন প্ৰান্তত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। যাৰ বাবে অসমত উপস্থিত হৈ তদন্ত চলাই আৰক্ষীৰ দলটোৱে।

ইফালে দিল্লী আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে নাৰী সৰবৰাহৰ বিস্ফোৰক তথ্য। দেহ ব্যৱসায়ৰ বাবে ভাৰতলৈ বাংলাদেশৰ যুৱতী মহিলাক সৰবৰাহত জড়িত আছে এটা চক্ৰ। বাংলাদেশৰ পৰা অসম হৈ এই চক্ৰটোৱে দিল্লীলৈ সৰবৰাহৰ কৰে যুৱতী-মহিলা। মেঘালয়ৰ বাঘমাৰাৰ পৰা বাংলাদেশী মহিলা-যুৱতীক অসমত প্ৰৱেশ কৰোৱাৰ দায়িত্বত আছিল কৃষ্ণাইৰ আমিনূল ইছলাম। বাংলাদেশৰ পৰা মেঘালয়ৰ বাঘমাৰা হৈ অসমত প্ৰৱেশ কৰে অবৈধ বাংলাদেশী মহিলা যুৱতী। অসমত প্ৰৱেশ কৰাৰ পিছতে বাহনেৰে দুধনৈ কৃষ্ণাই হৈ বঙাইগাঁও ৰে’ল ষ্টেচনত উপস্থিত হৈ ৰে’লযোগে দিল্লীলৈ বাংলাদেশী মহিলা যুৱতীক সৰবৰাহ কৰে চক্ৰটোৱে। আনিছ নামৰ আন এজনৰ সৈতে মিলি চিণ্টুৱে দিল্লীলৈ সৰবৰাহ কৰিছিল বাংলাদেশী যুৱতী-মহিলাক।

 

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...