অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক পুনৰ ঘূৰাই পঠোৱা হৈছে: আৰক্ষী, BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ | bangladeshi citizen sent back across the border assam cm himanta biswa sarma praises police and bsf Assam news - Assam Tv9

অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক পুনৰ ঘূৰাই পঠোৱা হৈছে: আৰক্ষী, BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিছে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে । সীমান্তৰ ওচৰত ধৰা পৰা এজন বাংলাদেশী নাগৰিকক চুবুৰীয়া দেশলৈ ঘূৰাই পঠোৱা হৈছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী আৰু বিএছএছ কৰ্মীসকলৰ শলাগ লয়।

অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক পুনৰ ঘূৰাই পঠোৱা হৈছে: আৰক্ষী, BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

আৰক্ষী আৰু BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

Published: 

20 Oct 2024 18:06 PM

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামজিক মাধ্যমযোগে জনাই যে সীমান্তৰ ওচৰৰ পৰা আটক কৰা এজন বাংলাদেশী নাগৰিকক চুবুৰীয়া দেশলৈ ঘূৰাই পঠোৱা হৈছে। অসম আৰক্ষী আৰু BSFৰ এই প্ৰচেষ্টাক সামাজিক মাধ্যমযোগে প্ৰশংসা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাই কয় যে সকলো অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ আৰক্ষী আৰু BSF ২৪ ঘণ্টা সতৰ্ক হৈ আছে।

অবৈধভাৱে ভাৰতৰ সীমা অতিক্ৰম কৰি কৰিমগঞ্জ জিলাত প্ৰৱেশ কৰাৰ সময়ত এজন বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল। তাৰ পাছত তেওঁক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছিল।
সামাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে- “বাংলাদেশী অনুপ্ৰৱেশকাৰী মহিবুল্লাহক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত আটক কৰা হৈছিল আৰু কৰিমগঞ্জৰ সীমান্তলৈ প্ৰেৰণ কৰা হৈছে।”

 

অসমৰ কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু দক্ষিণ চালমাৰা-মানকাচাৰ জিলাই বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ-বতৰা কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাৰ অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত অনুপ্ৰৱেশৰ সকলো প্ৰচেষ্টা বিফল কৰিবলৈ ২৪ ঘণ্টাই সতৰ্ক হৈ আছে। আমাৰ টীমটোৱে ভাল কাম কৰিছে।”

কৰিমগঞ্জৰ চুটাৰকান্দিত আছে এটা ইণ্টিগ্ৰেটেড চেক পোষ্ট (IPC)। উত্তৰ-পূবত মুঠ তিনিটা আইচিপি আছে। যাৰ ভিতৰত বাকী দুটা মেঘালয়ৰ ডাউকি আৰু ত্ৰিপুৰাৰ আখাউৰাত অৱস্থিত। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জিপি সিঙে পূৰ্বে কৈছিল যে, অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিবলৈ তেওঁলোকে সকলো সম্ভৱ চেষ্টা কৰিব। ৰাজ্যিক আৰক্ষী আৰু বিএছএফে আইন অনুসৰি বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ বিদেশী নাগৰিকৰ যিকোনো প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সকলো প্ৰচেষ্টা কৰিব। তেওঁ লগতে কৈছিল যে, ভাৰতীয় পাছপোৰ্ট থকাসকলক সংকটগ্ৰস্ত বাংলাদেশৰ পৰা ৰাজ্যখনৰ প্ৰৱেশ দুৱাৰেৰে উভতি আহিবলৈ অনুমতি দিয়া হ’ব।

মনকৰিবলগীয়া যে, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে অবৈধ বাংলাদেশী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ তথ্য প্ৰায়ে প্ৰকাশ কৰি আহিছে । ইয়াৰ লগতে সীমান্ত অনুপ্ৰৱেশৰ চেষ্টাক বিফল কৰাৰ ক্ষেত্ৰত আৰক্ষী, BSFৰ প্ৰচেষ্টাকো প্ৰশংসা কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা ১ অক্টোবৰ নিশাও বিশেষ সূত্ৰৰ তথ্য ভিত্তিত দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা অসম আৰক্ষীয়ে ১৪ জন বাংলাদেশী নাগৰিকক আটক কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, আটক কৰা ১৪ জনৰ ভিতৰত ৯ জনৰ ওপৰত ভাৰতীয় আধাৰ কাৰ্ড লাভ কৰা গৈছিল । ইফালে এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, আটক কৰা আটাইকেইজন লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা যায়। শুকুৰবাৰে নিশাও অবৈধভাৱে ভাৰতৰ সীমা অতিক্ৰম কৰিব বিচৰা মহম্মদ আৰিফ নাম বাংলাদেশী নাগৰিকজনক আটক কৰি ঘূৰাই পঠিওৱা হৈছিল।

 

Latest Stories
ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...