Bangladeshi National Pushed Back :পুনৰ কৰিমগঞ্জ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ…

এজন বাংলাদেশী নাগৰিকক পুনৰ আটক কৰিছে অসম আৰক্ষীয়ে । খবৰ অনুসৰি, কৰিমগঞ্জ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বাংলাদেশী নাগৰিকজনে ।

Bangladeshi National Pushed Back :পুনৰ কৰিমগঞ্জ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ...

ভাৰত-বাংলাদেশ সীমান্ত

Published: 

09 Nov 2024 21:40 PM

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এজন বাংলাদেশী নাগৰিকক পুনৰ আটক কৰিছে অসম আৰক্ষীয়ে । খবৰ অনুসৰি, কৰিমগঞ্জ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বাংলাদেশী নাগৰিকজনে । অনুপ্ৰৱেশকাৰীজনক আটক কৰা লগতে তালাচী চলোৱাৰ পাছত পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে অসম আৰক্ষীয়ে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, যাতে কোনো অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে সীমান্তত কঠোৰ নিৰাপত্তা বজাই ৰাখিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অনুপ্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশৰ নাগৰিকজনৰ নাম হৈছে মজিবুৰ ৰহমান ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘শুকুৰবাৰে নিশা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা মজিবুৰ ৰহমান নামৰ এগৰাকী অনুপ্ৰৱেশকাৰীক আটক কৰে অসম আৰক্ষীয়ে । লগতে তেওঁক অসম আৰক্ষীয়ে পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে ।’

অসম আৰক্ষীৰ জোৱানক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে,’আমি আমাৰ সীমান্তত অবৈধ অনুপ্ৰৱেশত বাধা দিবৰ বাবে কঠোৰভাৱে নিৰীক্ষণ কৰি আছো।’ সূত্ৰৰ তথ্য অনুসৰি, বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা এতিয়ালৈকে প্ৰায় ১৮০ জনতকৈ অধিক বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিয়া হৈছে । লগতে অনুপ্ৰৱেশক বাধা দিবৰ বাবে বাংলাদেশৰ সৈতে উত্তৰ-পূবে ভাগ-বতৰা কৰা ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বে দাবী কৰিছিল যে, দক্ষিণৰ বস্ত্ৰ উদ্যোগত কাম কৰাৰ বাবে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীয়ে অসমক পথ হিচাপে ব্যৱহাৰ কৰি আহিছে । ইয়াৰ লগতে উল্লেখ কৰিছিল যে, অসম, ত্ৰিপুৰা, মেঘালয়কে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যই এই সময়ছোৱাত অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে সীমান্তত কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । সমান্তৰালভাৱে পশ্চিম বংগ চৰকাৰেও অনুপ্ৰৱেশকাৰীক বাধা দিব বাবে সহযোগিতামূলকভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই ।

শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী
আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...