5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা তিনি বাংলাদেশীৰ, চিনাক্ত কৰি বিতাৰিত কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পুনৰ তিনি গৰাকী বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰিত কৰে কৰিমগঞ্জ আৰক্ষীয়ে । এই তথ্য সামাজিম মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

পুনৰ অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা তিনি বাংলাদেশীৰ, চিনাক্ত কৰি বিতাৰিত কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে
অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ
Follow Us
manas-borah
Manas Borah | Updated On: 28 Aug 2024 15:38 PM

ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ এতিয়াও অব্যাহত আছে । শেহতীয়াকৈ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পুনৰ তিনি গৰাকী বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰিত কৰে কৰিমগঞ্জ আৰক্ষীয়ে । এই তথ্য সামাজিম মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গভীৰ নিশা কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা তিনি বাংলাদেশী নাগৰিকক বাধা দি বিতাড়ন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই শ্বেয়াৰ কৰা তথ্য অনুসৰি, অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা বাংলাদেশী নাগৰিক কেইজনৰ নাম হৈছে-এম ডি জুবাইৰ শ্বেখ, জুৱেল শ্বেখ আৰু ৰুমা খাতুন । অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই তথ্য প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ সীমান্ত সুৰক্ষাৰ প্ৰতি অব্যাহত থকা দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে । মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আমাৰ সীমান্তক যিকোনো অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৰিমগঞ্জ আৰক্ষীয়ে তিনি গৰাকী বাংলাদেশী নাগৰিকক চিনাক্ত কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পুনৰ বাংলাদেশলৈ বিতাৰিত কৰে ।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশৰ এই দুই নাগৰিকক আৰক্ষীয়ে আটক কৰাৰ তথ্য প্ৰকাশ কৰিছিল । অসম আৰক্ষীয়ে আটক কৰা এই দুই বাংলাদেশী নাগৰিকৰ নাম ক্ৰমে মসুম খান (৩৬) আৰু ছোনিয়া আখতাৰ(১৫)। মাধুপপুৰ (বি.ডি.)-অগৰতলা পথেৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল এই দুই বাংলাদেশীয়ে । সূত্ৰৰ তথ্য অনুসৰি, বাংগালুৰুৰ অভিমুখে যাত্ৰা কৰিছিল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা মসুম আৰু ছোনিয়াই । এই যাত্ৰাৰ কালতে দুয়োগৰাকী বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে ।

যোৱা ১৯ আগষ্ট নিশাও ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা তিনি বাংলাদেশীক অসম আৰক্ষীয়ে আটক কৰা খবৰ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বাংলাদেশী নাগৰিক কেইজনৰ মাজৰ এজনৰ পৰা এখন আধাৰ কাৰ্ড জব্দ কৰিছিল আৰক্ষীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰিছিল যে, এই তিনিও গৰাকী বাংলাদেশীয়ে কৰ্মসূত্ৰে চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । অন্যহাতে এই তিনিওজন বাংলাদেশীক আটক কৰাৰ পাছত পুনৰ বাংলাদেশলৈ বিতাৰিত কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

সেই একেদৰে যোৱা সপ্তাহতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক ধুবুৰী চহৰৰ জগমায়া ঘাটৰ পৰা আটক কৰিছিল ধুবুৰী আৰক্ষীয়ে । উদ্বেগজনক কথাটো হল, ধুবুৰী আৰক্ষীয়ে আটক কৰা এই বাংলাদেশী মহিলা গৰাকী বাংলাদেশৰ হালিম আৰু আন এজন ভাৰতৰ আলী উপাধিৰ দুজন দালালৰ সহায়ত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল ।

Latest News