বৰপেটা সত্ৰৰ বৰ্ষফল ঘোষণাঃ মুখ্যমন্ত্ৰীৰ পৰা কংগ্ৰেছ, আছু, প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত কি ক’লে, জানক…
Barpeta satra Astrology: প্ৰতি বছৰৰ দৰে এইবাৰো পহিলা বহাগত বৰপেটা সত্ৰই বৰ্ষফল গণনা ঘোষণা কৰে।এই সময়চোৱাত সত্ৰই মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, বিৰোধী দল আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত ভৱিষ্যদ্বাণী কৰে।

আজি ব’হাগৰ ২ তাৰিখ আৰ্থাৎ অসমীয়া নৱবৰ্ষৰ দ্বিতীয়টো দিন। প্ৰতিবছৰৰ পৰম্পৰা অব্যাহত ৰাখি এইবাৰো বৰপেটা সত্ৰত পহিলা ব’হাগৰ দিনটোত গণনা কৰা হয় বৰ্ষফল। নিত্য-নৈমত্তিক প্ৰসংগৰ পাছতে বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে বৰ্ষফল ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ বিভিন্ন দিশৰ বিষয়ে ভৱিষ্যদ্বাণী কৰে। সত্ৰৰ গুৰু আসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ প্ৰথমে বৰ্ষফল গণনা কৰাৰ পিছত ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে।
বৰপেটা সত্ৰৰ গণনা অনুসৰি, অহা বছৰ অৰ্থাৎ ২০২৬ চনৰ নৱেম্বৰ মাহলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভ দশা চলি থাকিব। এই সময়চোৱাত শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ হ’ব। ইয়াৰোপৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা। উত্তম দশা চলি আছে মুখ্যমন্ত্ৰীগৰাকীৰ। যাৰ বাবে শত্ৰুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে।
বৰ্ষফল ঘোষণা কৰি বৰপেটা সত্ৰই লগতে কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ পৰা অধিক সন্মান আৰু প্ৰীতি লাভ কৰিব। দান ধৰ্ম শ্ৰেষ্ঠ। দান আৰু ধাৰ্মিকতাৰ বাবে তেওঁৰ শত্ৰু দমন হ’ব। গণনাত লগতে কয় যে, অহা ১৪ আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰখনত শৰ্মা কিছু সাৱধান হোৱা ভাল। কেতিয়া নিজৰ ভুলত কাৰ্য নষ্ট হ’ব পাৰে। ইয়ৰোপৰি দেহৰ যত্ন লব লাগিব আৰু কথা কওতে সাৱধান হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী।
ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈকে কোনো শুভ কাৰক দেখা দিয়া নাই বুলি উল্লেখ কৰে বৰ্ষফল গণনাত । লগতে কয়, সদৌ অসম ছাত্ৰ সন্থাৰ বাবেও বছৰটো ভাল নহয়। ইয়াৰোপৰি ৰাজ্যৰ আন সংগঠনসমূহৰো কোনো ভাল শুভ কাৰক নাই। যাৰ বাবে সংগঠনসমূহে ভাবি চিন্তি কাম কৰা ভাল। ইয়াৰ লগতে ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে। অন্য দিশৰ ওপৰত বৰপেটা সত্ৰৰ বৰ্ষফলত কোৱা হয় যে, এই বৰ্ষত ভূমিকম্প, শিলাবৃষ্টি আৰু ঘূৰ্ণি বতাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে।
প্ৰধানমন্ত্ৰী সন্দৰ্ভত বৰ্ষফল গণনা কৰি তেওঁ কয় যে, অহা ২৭ মে’ ২০২৫ চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভ কাৰক নহয়। এই সময়চোৱাত তেওঁ শাৰীৰিক আৰু মানসিক কষ্টত ভুগিব পাৰে। উল্লেখ্য যে, প্ৰতি বছৰে পহিলা ব’হাগত বৰপেটা সত্ৰই বৰ্ষফল গণনা ঘোষণা কৰে।
অন্য খবৰ পঢ়কঃ আমি এনে এটা জাতি হ’বলৈ গৈ আছো যি কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিব: উৎপল শৰ্মা