অসমত নিষিদ্ধ হ’ল গো মাংসঃ হোটেল-ৰেষ্টুৰেন্ট, সামাজিক অনুষ্ঠানতো নিষিদ্ধ…

Beef ban in Assam: বুধবাৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যত চলি থকা গো মাংস বিতৰ্কৰ মাজতেই অসম নিষিদ্ধ কৰা হ'ল গো মাংস। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ ৰাজহুৱা ঘোষণা কৰে।

অসমত নিষিদ্ধ হল গো মাংসঃ  হোটেল-ৰেষ্টুৰেন্ট, সামাজিক অনুষ্ঠানতো নিষিদ্ধ...

গো মাংস নিষিদ্ধ

Updated On: 

04 Dec 2024 18:58 PM

ৰাজ্যত চলি থকা গো মাংস বিতৰ্কৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক ডাঙৰ ঘোষণা কৰে। আজি নতুন দিল্লীত এক  সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসমৰ হোটেল, ৰেষ্টুৰেন্টত আজিৰ পৰা নচলিব গো মাংস। ৰাজহুৱা স্থানতো নিষিদ্ধ গো মাংস। এই বিষয়টো পুুখাংনুুপুংখভাৱে আলোচনা কৰাৰ পাছত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,  যোৱা কেইটামান দিনৰ পৰা কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দলৰ নেতা ৰবিকুল হুচেইনে গো মাংসকলৈ অস্বস্তি প্ৰকাশ কৰিছে। তেওঁলোকে এনে এক বাৰ্তা দিব বিচাৰি আছে যে তেওঁলোকেও অসমত গো মাংসৰ প্ৰচলন নিবিচাৰে। গতিকে এই ক্ষেত্ৰত আজিৰ কেবিনেটত বিস্তৰভাৱে আলোচনা কৰা হয় আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আজিৰ পৰা অসমৰ ৰাজহুৱা স্থানত নচলিব গো মাংস।

শৰ্মাই কয় যে, আমি কেবিনেটৰ আলোচনাৰ সময়ত আমি দেখিবলৈ পালো যে অসমত থকা গো মাংস নিবাৰণী আইনখন যথেষ্ঠ শক্তিশালী। কিন্তু তাত  এটা কথা উল্লেখ নাই  যে হোটেল, ৰেষ্টুৰেন্ট, সামাজিক- ধৰ্মীয় কাম-কাজ বা সামাজিকভাৱে গো মাংস খাব পৰা যাব নে নাই। গতিকে আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে. অসমৰ কোনো হোটেল, ৰেষ্টুৰেন্টত নচলিব গো মাংস। ইমানেই নহয়, সামাজিক কাম- কাজ, ধৰ্মীয় বা সামাজিক স্থানতো গো মাংস নিষিদ্ধ আৰোপ কৰা হৈছে। কংগ্ৰেছে অভিযোগ কৰিছিল যে ৰাজহুৱা স্থানত গো মাংস খুওৱা হৈছিল, গতিকে ইয়াক নিষিদ্ধ কৰা হ’ল। আগতে কেৱল মন্দিৰৰ ৫ কিলোমিটাৰৰ আশে- পাশে গো মাংস বিক্ৰী কৰিব পৰা নাছিল, এতিয়া সমগ্ৰ অসমতে গো মাংস ৰাজহুৱা স্থানত খাব নোৱাৰিব।

উল্লেখ্য যে, যোৱা কেইটামান দিনত গো মাংস বিতৰ্কই অসমৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছিল। কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনে ডাঙৰ অভিযোগ উত্থাপন কৰি কৈছিল যে গো হত্যা কৰি চামগুৰি নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে। আনকি নিৰ্বাচনৰ আগদিনা গৰু কাটি ভোজ দিছে বিজেপিয়ে যাৰ বাবে জয়ী হৈছে। হুচেইনে কয় যে, চামগুৰিৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ আগনিশা ২ বজাত বোৰ্খা পিন্ধা একাংশ ভোটাৰক দাৱত খুৱাবলৈ যাম বুলি কৈ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল । এই বিতৰ্কত সোমাই পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। তেওঁ কৈছিল যে, অসমৰ সমস্যাৰ কথা ক’লেই বিজেপিয়ে হিন্দুত্বৰ কথা কয় । কিন্তু চামগুৰিত হিন্দুত্বৰ নগ্ন ৰূপ বিজেপিয়ে উদঙাইছে।

পৰৱৰ্তী সময়ত এই কথাৰ প্ৰত্যুত্তৰ দিছিল মুখ্যমন্ত্ৰী শৰ্মাই আৰু কংগ্ৰেছক প্ৰশ্ন কৰিছিল যে ইমান বছৰে গৰু খুৱাই কংগ্ৰেছে নিৰ্বাচনত জয় লাভ কৰিছিল নেকি। আনকি ভূপেন বৰা, ৰকিবুল হুচেইনে বিচাৰিলে গো নিষিদ্ধ কৰিব বুলিও কৈছিল শৰ্মাই। গতিকে ৰাজ্যত চলি থকা গো মাংস বিতৰ্কৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰে।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...