ৰকিবুল হুচেইন ইছলাম বিৰোধী, তেওঁৰ বাবে ৰাজ্যত নিষিদ্ধ হ’ল গো মাংস!
ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, বিজেপিয়ে উন্নয়ন কৰাত ব্যৰ্থ হৈছে সেয়ে এইবোৰ ইচ্ছ্যু উলিয়াই লৈছে। এয়া এক ৰাজনৈতিক সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁ কয় যে, কংগ্ৰেছে সুবিধা দিয়া বাবে বিজেপিয়ে এনে কৰিবলৈ পালে।
![ৰকিবুল হুচেইন ইছলাম বিৰোধী, তেওঁৰ বাবে ৰাজ্যত নিষিদ্ধ হল গো মাংস! ৰকিবুল হুচেইন ইছলাম বিৰোধী, তেওঁৰ বাবে ৰাজ্যত নিষিদ্ধ হল গো মাংস!](https://images.assamtv9.com/uploads/2024/12/beef-ban-assam-2.png?q=50&w=1280)
ৰকিবুল হুচেইন
ৰাজ্যত চলি থকা গো মাংস বিতৰ্কৰ মাজতেই বুধবাৰে ৰাজ্য চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যিক কেবিনেটত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা হোটেল- ৰেষ্টুৰেন্ট, ৰাজহুৱা স্থান আদিত গো মাংস খাব নোৱাৰিব। পূৰ্বতে নামঘৰ, মন্দিৰ আদিৰ ৫ কিলোমিটাৰৰ আশে- পাশে গো মাংসৰ প্ৰচলনত নিষেধাজ্ঞা আছিল যদিও এতিয়া এই নিষেধাজ্ঞা সমগ্ৰ অসমতে আৰোপ কৰা হয়। চৰকাৰৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰকিবুল হুচেইন আৰু ভূপেন বৰাই এই বিষয়টো উত্থাপন কৰি থকাৰ বাবে কেবিনেটত আলোচনা কৰি গো মাংস নিষিদ্ধ কৰা হৈছে।
চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংখ্যালঘু জনতাকে ধৰি বিভিন্নজন বিধায়কে ৰকিবুল হুচেইনৰ বাবে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয়। ধুবুৰীৰ কলগাছিয়াত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি সাংসদ ৰকিবুল হুচেইনৰ প্ৰৱেশ নিষিদ্ধ কৰে। প্ৰতিবাদকাৰীসকলে কয় যে, ৰকিবুল হুচেইনে ইছলাম ধৰ্মৰ মানুহখিনিক সুৰক্ষা দিব বুলি ভাবিছিলো। কিন্তু তেনে নহ’ল। তেওঁ ষড়যন্ত্ৰ কৰি অসমত গো মাংস নিষিদ্ধ কৰালে। ৰকিবুল হুচেইন মুছলিম বিৰোধী মানুহ, গতিকে তেওঁক ধুবুৰীত প্ৰয়োজন নাই। ইয়াৰোপৰি আগন্তুক নিৰ্বাচনত ৰকিবুলে ৫০০ ভোটো লাভ নকৰে বুলি কয় প্ৰতিবাদকাৰীসকলে।
ইয়াৰোপৰি এই ক্ষেত্ৰত ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, বিজেপিয়ে উন্নয়ন কৰাত ব্যৰ্থ হৈছে সেয়ে এইবোৰ ইচ্ছ্যু উলিয়াই লৈছে। এয়া এক ৰাজনৈতিক সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁ কয় যে, কংগ্ৰেছে সুবিধা দিয়া বাবে বিজেপিয়ে এনে কৰিবলৈ পালে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে এই ইচ্ছ্যু উলিয়াইছে। সকলোৱে জানে বিজেপিয়ে হিন্দুত্ব ৰাজনীতি কৰে। তেনে ক্ষেত্ৰত গো মাংসৰ বিষয়টো উলিয়াই কংগ্ৰেছে কিয় এয়া খেলিবলৈ গ’ল সেয়া বুজা টান। আগৰ পৰা গো মাংসক লৈ অসমত এখন আইন আছেই, কিন্তু কংগ্ৰেছে ৰাজনীতি কৰিবলৈ গৈ অসমত সম্পূৰ্ণৰূপে গো মাংস নিষিদ্ধ কৰালে। এই দায়িত্ব কংগ্ৰেছ ল’ব লাগিব বুলি কয় বিধায়কগৰাকীয়ে।
ইয়াৰোপৰি এয়া এক ইতিবাচক সিদ্ধান্ত বুলি উল্লেখ কৰি মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, এয়া এক ভাল সিদ্ধান্ত। এয়া সকলোৱে বিভিন্ন সময়ৰ পৰা দাবী কৰি আহিছে। ৰকিবুল হুচেইনে এই সিদ্ধান্ত নিশ্চয় ভালপাইছে বুলি তেওঁ কয়।
উল্লেখ্য যে,ৰাজ্যত অনুষ্ঠিত হোৱা উপ- নিৰ্বাচনৰ পাছতেই গো-মাংস বিতৰ্কই গা কৰি উঠিছিল। কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনে অভিযোগ উত্থাপন কৰি কৈছিল যে, নিৰ্বাচনৰ আগদিনা বিজেপিয়ে গৰু কাটি ভোজ দিছে। যাৰ বাবে বিপুল ভোটত বিজেপিয়ে জয় লাভ কৰিছে। এই ক্ষেত্ৰত তেওঁ এটা ভিডিঅ দেখুৱাইছিল। সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাই কৈছিল যে যদি কংগ্ৰেছে বিচাৰে, ভূপেন বৰাই পত্ৰ লিখি কয় তেন্তে অসমত গো মাংস নিষিদ্ধ কৰা হ’ব। তাৰ কেইদিনমান পাছতেই ৰাজ্যত গো মাংস নিষিদ্ধ কৰে ৰাজ্য চৰকাৰে।