ইতিহাস বিজড়িত কাৰেংঘৰ! এই ৰাজপ্ৰসাদ নিৰ্মাণৰ আঁৰত আছে আহোম ৰাজত্বকালৰ বহু ৰহস্য
ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, এইসমূহ কেৱল আমাৰ অসমৰ পূৰণি কীৰ্তিচিহ্নই নহয়, ই প্ৰতিজন অসমীয়াৰ আবেগ আৰু স্বাভিমান । শিৱসাগৰ জিলাৰ গড়গাঁওত অৱস্থিত কাৰেং ঘৰ পিৰামিড আকৃতিৰ এটা ৰাজমহল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই কাৰেংঘৰ ৰ নিৰ্মাণ আৰম্ভ কৰিছিল। আজি জানো াহক কাৰেহৰ ৰহস্যৰ বিষয়ে...

কাৰেং হৈছে আহোম ৰাজধানী গড়গাঁৱত নিৰ্মিত এটি কীৰ্তিচিহ্ন। এয়া আহোম ৰজাসকলৰ অন্যতম প্ৰসাদ আছিল। এই প্ৰসাদটো প্ৰথমে স্বৰ্গদেই চুক্লেংমুঙে ১৫৪০ খ্ৰীষ্টাব্দত কাঠ আৰু শিলেৰে নিৰ্মাণ কৰাইছিল। পিছলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৭ খ্ৰীষ্টাব্দত এই প্ৰসাদৰ সন্মুখত ইটাৰে এখন প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰে। বৰ্তমানৰ এই বহু কোঠালীযুক্ত তিনিমহলীয়া প্ৰসাদটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫১-৬৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। এই প্ৰসাদটোৰ প্ৰথম মহলাৰ চাৰিওকোণত নিৰিক্ষণৰ বাবে চাৰিটা পহৰাদাৰ কোঠাও নিৰ্মাণ কৰিছিল, যাৰ অৱশেষ আজিও দেখা যায়।
ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, এইসমূহ কেৱল আমাৰ অসমৰ পূৰণি কীৰ্তিচিহ্নই নহয়, ই প্ৰতিজন অসমীয়াৰ আবেগ আৰু স্বাভিমান । শিৱসাগৰ জিলাৰ গড়গাঁওত অৱস্থিত কাৰেং ঘৰ পিৰামিড আকৃতিৰ এটা ৰাজমহল।
আমি গড়গাঁৱৰ কাৰেংঘৰটোৰ এতিয়া যিধৰণে দেখা পাওঁ, আচলতে সেইটো তেনে নাছিল। ইয়াৰ বহু অংশ ধ্বংস হ’ল। পূৰ্বতে কাৰেংঘৰৰ আকাৰ কিছু সুকীয়া আছিল। অভেদ্য দুৰ্গ সদৃশ এই ৰাজকাৰেংটোৱে আজিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

এতিয়াৰ কাৰেংঘৰ আৰু তাহানিৰ কাৰেংঘৰ
কাৰেং ঘৰ নামকৰণ
আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।
অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নাম কাৰেং ঘৰ। ইয়াত ঘৰ শব্দটো অপ্ৰয়োজনীয় যদিও এইক্ষেত্ৰত ‘ঘৰ’ শব্দটো এটা বিশেষ ৰাজকাৰেংৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে।
কাৰেংঘৰ নিৰ্মাণ আৰু ৰহস্য
১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। এই প্ৰসাদটোৰ প্ৰথম মহলাৰ চাৰিওকোণত নিৰিক্ষণৰ বাবে চাৰিটা পহৰাদাৰ কোঠাও নিৰ্মাণ কৰিছিল, যাৰ অৱশেষ আজিও দেখা যায়।
ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবিচজনে (বৰকাকতী) লিখিছিল, “গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল”। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল।
আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হ’-লুঙ বুলি কোৱা হৈছিল। মীৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ’ল, “ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটুৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্য দেখা যায়। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ’ল গড়গাঁৱৰ কাৰেং ঘৰ।
আহোম ৰাজত্বকাত নিৰ্মিত ৰাজকাৰেং হিচাপে পৰিচিত বৰ্তমানৰ এই পৰ্যটনস্থলী দৰ্শন কৰিবলৈ প্ৰতি বছৰে উপস্থিত হয় বহু দেশী বিদেশী পৰ্যটক ৷