কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যাই? পোহৰলৈ কাৰণ…
দেওবাৰে পুৱা প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যাৰ ৰহস্যজনক মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

দেওবাৰে পুৱা গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। ছাঁদৰ পৰা পৰি অকালতে মৃত্যুক সাৱতি লৈছিল প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যাই। প্ৰথম অৱস্থাত এয়া এক দুৰ্ঘটনা যেন লাগিছিল যদিও পৰৱৰ্তী সময়ৰ ইয়াৰ অন্য কিছু তথ্যহে পোহৰলৈ আহে। জানিব পৰা মতে, চৰম পন্থা গ্ৰহণ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ কন্যাই। আজি পুৱা ৭.৫৫ মান বজাত সংঘটিত হয় এই ঘটনা।
স্থানীয় লোকে জনোৱা অনুসৰি মানসিক ভাৰসাম্য হেৰুৱাই যুৱতীগৰাকীয়ে চৰম পন্থা গ্ৰহণ কৰিছে। যুৱতীগৰাকীয়ে প্ৰায়ে মাকক কৈ আছিল তেওঁ আৰু জীয়াই নাথাকে। দীৰ্ঘদিন ধৰি তেওঁ মানসিক অসুস্থতাত ভুগি আছিল। যাৰ বাবে যুৱতীগৰাকীয়ে ছাঁদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। স্থানীয়লোকৰ মতে, ভৃগু ফুকনৰ মৃত্যুক পাছতে মানসিক হতাশাত ভুগিছিল যুৱতীগৰাকীয়ে। মানসিক ৰোগৰ চিকিৎসাও কৰি আছিল । মাকক বাৰে বাৰে আত্মহত্যা কৰাৰ কথা কৈছিল।
শনিবাৰেও যুৱতীগৰাকীয়ে মাতৃক কৈছিল যে তেওঁ আৰু জীয়াই নাথাকে। তাৰ পাছতে দেওবাৰে পুৱা মৃত্যু হয় যুৱতীগৰাকীৰ। জানিব পৰা মতে, ঘটনাৰ সময়ত যুৱতীগৰাকীৰ মাতৃয়ে কাম কৰি আছিল। তেতিয়াই বাহিৰত কিবা শব্দ শুনি তেওঁ দৌৰি যায় আৰু তলত জীয়েকক পৰি থকা দেখে। লগে লগে মাতৃয়ে ওচৰ চুবুৰীয়াক খবৰ দিয়ে আৰু পাছত হাস্পাতাললৈ লৈ যায়। প্ৰথম অৱস্থাত যুৱতীগৰাকীয়ে উশাহ লৈ আছিল যদিও হাস্পাতাল নিয়াৰ পাছত চিকিৎসকে মৃত ঘোষণা কৰে।
বৰ্তমান জি এম চি এইচৰ মৰ্গত আছে যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীৰ কেনেকৈ মৃত্যু হ’ল, এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যাব। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, অগপৰ এজন জনপ্ৰিয় নেতা আছিল ভৃগু ফুকন। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা অসম আন্দোলনৰ এজন গুৰি ধৰোতা আছিল তেওঁ। অসম চুক্তি স্বাক্ষৰ কৰা ৪ ব্যক্তিৰ ভিতৰত ভৃগু ফুকনো আছিল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ অসম আন্দোলনৰ সৈতে জড়িত আছিল। পৰৱৰ্তী সময়ত অসমত যেতিয়া অগপ চৰকাৰ গঠন হৈছিল তেতিয়া সেই চৰকাৰৰ তেওঁ গৃহমন্ত্ৰী আছিল। কিন্তু প্ৰফুল্ল মহন্তৰ লগত মনোমালিন্য হোৱাত তেওঁ সেই পদ আৰু দল ত্যাগ কৰিছিল।
ৰাজনীতিৰ বিভিন্ন উত্থান-পতনৰ মাজেৰে গতি কৰি তেওঁ ২০০৪ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদলৈ ঘূৰিছিল। ১৯৮৫ চনৰপৰা একেৰাহে তিনিবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছিল ফুকন। ২০০৬ চনৰ ২০ মাৰ্চত এই নেতাগৰাকীৰ মৃত্যু হৈছিল।
অসমৰ ৰাজনীতিত দপদপাই থকা এই নেতাগৰাকীৰ পৰিয়াল আজি সমাজত এলাগী। অগপ নেতৃবৃন্দই যেন পাহৰি গৈছে ভৃগু ফুকনক। আনকি কিছুদিন পূৰ্বে ভৃগু ফুকনৰ মৃত্যু তিথিটো কোনো এজন নেতা তেওঁৰ বাসগৃহত উপস্থিত হোৱা নাছিল। আজি নেতাগৰাকীৰ কন্যাৰ মৃত্যুৰ সময়তো অকলশৰীয়া মাতৃৰ ওচৰত কোনো নেতা উপস্থিত নাই।
অন্য খবৰ পঢ়কঃ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ কন্যা উপাসাৰ মৃত্যু, কেনেকৈ প্ৰাণ গ’ল যুৱতীগৰাকীৰ ?