5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন মন্ত্ৰী, বিধায়কে! কোন এই কেইগৰাকী নেতা…

Assam: ভূপেন বৰাই কোৱাৰ মতে বিজেপিৰ প্ৰাক্তন নেতা, মন্ত্ৰী তথা বিধায়কে যোগদান কৰিব কংগ্ৰেছ দলত। যদি এনে হয়, তেন্তে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপিৰ বাবে শুভ খবৰ নহয়।

কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন মন্ত্ৰী, বিধায়কে! কোন এই কেইগৰাকী নেতা…
ভূপেন বৰা
barasha-sarma
Barasha Sarma | Published: 30 Sep 2024 16:22 PM

বিভিন্ন বিষয়ক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি থকা বাক বিতণ্ডাৰ মাজতেই এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এক ডাঙৰ মন্তব্য কৰে। বিজেপিৰ বহু প্ৰাক্তন নেতা- মন্ত্ৰীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি কোৱাৰ লগতে উপ- নিৰ্বাচন সন্দৰ্ভত মত প্ৰকাশ কৰে বৰাই। তেওঁ কয়, “বিজেপি দলৰ বহু নেতা- কৰ্মী কংগ্ৰেছ দলত যোগদান কৰিব। কেইদিনমানৰ ভিতৰত বিজেপিৰ কেইবাজন প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰীয়ে বিজেপি কংগ্ৰেছত যোগদান কৰিব”।

বিজেপিৰ প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰীয়ে কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত চৰ্চা অব্যাহত আছে যদিও কেতিয়া, কোনে শাসকীয় পক্ষক এৰি কংগ্ৰেছৰ হাতত ধৰি সেয়া জানিব পৰা হোৱা নাই।  ভূপেন বৰাইও এই সন্দৰ্ভত স্পষ্টকৈ মত প্ৰকাশ কৰা নাই। ইয়াৰোপৰি উপ- নিৰ্বাচন সন্দৰ্ভত মত প্ৰকাশ কৰি  বৰাই কয় যে, উপ- নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিত ৫ খন সমিতি গঠন কৰি দিয়া হৈছে। সমিতিখনে সক্ৰিয়ভাৱে দিনে নিশাই কাম কৰি আছে। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ’ব।

কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান সন্দৰ্ভত বৰাই কয় যে, পূজাৰ পাছত বিভিন্নটা সমষ্টিত কংগ্ৰেছে ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। ইতিমধ্যে ইয়াৰ আৰম্ভণি গৌৰৱ গগৈয়ে কৰিছে। কিন্তু পূজাৰ পাছতেই হ’ব কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান। সম্ভৱতঃ ২০ অক্টোবৰৰ পূৰ্বে কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হ’ব বুলি কয় বৰাই।

উল্লেখ্য যে, লোকসভা  নিৰ্বাচনৰ আগৰ পৰা বিজেপিৰ মাজত আৰম্ভ হোৱা বিসম্বাদ নিৰ্বাচনৰ পাছত পূৰ্ণ পৰ্যায় পাইছিলগৈ। এই সময়চোৱাত কেইবাগৰাকী নেতাই বিজেপিৰ হৈ অসন্তুষ্ট ব্যক্ত কৰিছিল। তেনে সময়তে বিজেপি এৰি কংগ্ৰেছ যোগদান কৰিছিল বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। প্ৰাক্তন বিধায়কগৰাকীয়ে বিজেপিৰ লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিও মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছিল।

ইয়াৰোপৰি ন- পুৰণি বিজেপিৰ যুঁজ খনো তীব্ৰতৰ হৈ উঠিছিল। বিজেপিৰ বহু বাঘা বাঘা নেতাই দলটোৰ বিৰুদ্ধে থিয় হৈ নিজৰ স্থিতি প্ৰকাশ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত কিছু পৰিমাণে এই বিবাদ শাম কাটিছিল। এসময়ৰ অসন্তুষ্ট নেতা ৰমেন ডেকাক ৰাজ্যপালৰ পদ প্ৰদান কৰাৰ লগতে বিভিন্ন ধৰণে শাসকীয় দলটোৱে এই বিবাদ কিছু পৰিমাণে মষিমূৰ কৰাইছিল। এই সকলোবোৰৰ মাজতে খবৰ আহিছিল যে বিজেপি নেতা ৰাজেন গোহাঁইয়ে খুলিব নতুন ৰাজনৈতিক দল। অৱশ্যে পাছলৈ এই বিষয়টোৱে কোনো পূৰ্ণতা লাভ কৰা নাছিল।

এনে ধৰণ ঘটনাৰাজি কিছু পৰিমাণে শাম কটাৰ পাছত পুনৰ উক দিয়াৰ পিনে বিজেপিৰ বিসম্বাদ। কিয়নো ভূপেন বৰাই কোৱাৰ মতে বিজেপিৰ প্ৰাক্তন নেতা, মন্ত্ৰী তথা বিধায়কে যোগদান কৰিব কংগ্ৰেছ দলত। যদি এনে হয়, তেন্তে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া বিজেপিৰ বাবে শুভ খবৰ নহয়। অৱশ্যে কোনে, কেতিয়া কোনটো দললৈ গতি কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

Latest News