অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰীয়ে ১ বছৰত সকলো জিলা ভ্ৰমণ কৰা নাছিলঃ হিমন্ত বিশ্ব
Himanta biswa sarma: "আমাৰ অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত যি মিছা কথা কৈ আহিছে সেই বিষয়ে যাতে চৰ্চা নহয় তাৰ বাবে অন্য এটা বিষয় বিজেপিয়ে আনিব বিচাৰিছে"।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী আখ্যা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ। তেওঁ কয় যে, কিছুমান মিছা কথা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে এতিয়া অন্য বিষয় টানি অনাৰ চেষ্টা কৰিছে। অসমৰ নিবনুৱা সমস্যাক লৈও সৰৱ হৈ পৰে বৰা। সংবাদ মাধ্যমৰ আগত বৰাই কয় যে, আমাৰ অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত যি মিছা কথা কৈ আহিছে সেই বিষয়ে যাতে চৰ্চা নহয় তাৰ বাবে অন্য এটা বিষয় বিজেপিয়ে আনিব বিচাৰিছে। হিমন্ত বিশ্বই কৈছে, এন আৰ চি বহিৰ্ভুত মানুহখিনিত গতিয়াই বাহিৰ কৰা হ’ব। এই কথা ঝাৰখণ্ডত ৰাজহুৱা কৰিছে কিন্তু উচ্চতম ন্যায়ালয়ত কিয় আবেদন দাখিল কৰা নাই বুলি প্ৰশ্ন বৰাৰ।
লগতে কয় যে, ঝাৰখণ্ডৰ মানুহেও গ’ম পাব যে অসমৰ মুখ্যমন্ত্ৰী মিছলীয়া। কেৱল ভাষণ দিয়ে তেওঁ। বেলেগ ৰাজ্যত তেওঁ নিবনুৱা সমস্যাৰ কথা কয়। কিন্তু অসমত ১২৬০০ পদৰ বিপৰীতে ৩২ লাখে আবেদন কৰিছে। এই ক্ষেত্ৰত একো মাত নামাতে। এয়া অতি লাজৰ কথা যে ১২৬০০ পদৰ বিপৰীতে ৩২ লাখে আবেদন কৰিছে। ইয়াৰোপৰি মূল বিষয়বোৰৰ পৰা জনতাক আঁতৰ নকৰিবলৈ বিজেপিক আহ্বান জনাই বৰাই।
ভূপেন বৰাৰ এই মন্তব্যৰ পাছতেই প্ৰত্যুত্তৰ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰা বাবে অসমত ইমান উদ্যোগ স্থাপন হৈ আছে বুলি কয়। লগতে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে আগতে ১ বছৰৰ ভিতৰত ৰাজ্যৰ সকলো জিলা ভ্ৰমণ কৰা নাই বুলিও কয়।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত শৰ্মাই কয় যে, মই গোটেই ভাৰতত থাকো বাবে অসমত উদ্যোগ আহি আছে। এতিয়া মই দিছপুৰত বহি থাকিলে হ’ব নেকি? এই কেইদিন মই দিল্লীলৈ অহা যোৱা কৰি আছো যাতে প্ৰকল্প এক্টিভ কৰিব পাৰো। যদি পাৰ্ট টাইম মুখ্যমন্ত্ৰী এগৰাকীয়ে ইমান কাম কৰি আছে তেন্তে ফুল টাইম এজনৰ প্ৰয়োজন কি আছে? মই ইয়াত থাকো নাথাকো কাম হৈ আছে।
মই কোন দিনা অসমত নাই বুলি প্ৰশ্ন কৰি শৰ্মাই কয় যে, অসমৰ প্ৰতি জিলাত কেবিনেট কৰা, এবছৰত প্ৰতিখন জিলালৈ যোৱা অসমৰ কোনগৰাকী মুখ্যমন্ত্ৰীৰ ইতিহাসত আছে? বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি আছে বুলিও কয় শৰ্মাই। উল্লেখ্য যে, খানাপাৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।