মিছন বসুন্ধৰা ৩.০ৰ পৰা কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিলৈ...! সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ | big announcements by assam cm Himanta Biswa Sarma on facebook live Assam news - Assam Tv9

মিছন বসুন্ধৰা ৩.০ৰ পৰা কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিলৈ…! সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ

দীপাৱলীৰ প্ৰাৰক্ষণত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে ৩ শতাংশ মৰগীয়া বানচ। সেইদৰে অনতি পলমে কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি ক্ষেত্ৰত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰৰে ।

মিছন বসুন্ধৰা ৩.০ৰ পৰা কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিলৈ...! সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ

Updated On: 

19 Oct 2024 11:44 AM

১৩ নৱেম্বৰত ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচন। ধলাই, চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁও সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। ফেচবুক লাইভযোগে এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ৫ সমষ্টিত বিজেপি, UPPL আৰু AGPৰ দলীয় কৰ্মকৰ্তাসকলক সমৰ্পণৰ মনোভাৱেৰে ৰাইজৰ ওচৰলৈ গৈ চৰকাৰে কৰা কাম-কাজসমূহৰ বিষয়ে সুন্দৰকৈ বুজাই দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। যাতে আটাইকেইটা সমষ্টিতে NDAয়ে ভাল ফলফল দেখুৱাব পাৰে।

কাইলৈৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০। প্ৰথম দুটা সংস্কৰণত ১০ লাখতকৈও অধিক পৰিয়ালে ভূমিৰ ওপৰত নিজৰ অধিকাৰ লাভ কৰিছে। মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণত ভূমিৰ অধিকাৰ লাভ নকৰা অৱশিষ্ট পৰিয়ালসমূহক দিয়া হ’ব ভূমি পট্টা। অতিৰিক্তভাৱে গাঁওৰ নামঘৰ, মন্দিৰ, স্কুল, ক্লাব আদি সামাজিক অনুষ্ঠানসমূক ভূমি পট্টা দিয়াৰ ওপৰত দিয়া হ’ব গুৰুত্ব। ২০ অক্টোবৰত দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰা হ’ব মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ কাম। মহানগৰীৰ পাহাৰ এলেকাত বাস কৰা বহুলোকে প্ৰিমিয়াম বেছি হোৱা বাবে ভূমিৰ পট্টা গ্ৰহণ কৰিব পৰা নাই । মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণত হ্ৰাস কৰা হ’ব প্ৰিমিয়াম। এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

৩ নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভাষা গৌৰৱ সপ্তাহ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে- ভাষাৰ সৈতে জড়িত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব এই ভাষা গৌৰৱ সপ্তাহত। ৰাজ্যৰ বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, সাহিত্যসভা, ক্লাব, মহিলা সমিতি সকলোৱে পালন কৰাৰ লগতে যোগদান কৰিব পাৰিব ভাষা গৌৰৱ সপ্তাহত। ৩ অক্টোবৰত অসমীয়া ভাষাই লাভ কৰিছিল ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি। অসমীয়া ভাষাৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে আয়োজন কৰা হ’ব অনুষ্ঠানৰ। ইয়াৰ যোগেদি অসমীয়া ভাষাক ‘ধ্ৰুপদী ভাষা’ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে জনোৱা হ’ব প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা। লগতে এই সপ্তাহত নিজৰ নিজৰ ভাষাৰ উত্থান সম্পৰ্কে কৰা হ’ব আলোচনা।

 

২৭ অক্টোবৰত ADREৰ শেষৰটো পৰীক্ষা। মেট্ৰিক উত্তীৰ্ণ-অনুতীৰ্ণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পৰীক্ষা। আগবেলা পৰীক্ষাত বহিব ৮ লাভ ২৭ হাজাৰ পৰীক্ষাৰ্থী। পিছবেলা পৰীক্ষাত বহিব ৫ লাখ ৫২ হাজাৰ পৰীক্ষাৰ্থী। সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে। সুন্দৰ পৰিৱেশত পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিব পাৰিব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। পৰীক্ষাৰ অন্তত লগত লৈ আহিব পাৰিব প্ৰশ্নকাকত। আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব OMR শ্বীট। ৱেব পৰ্টেলৰ পৰা লাভ কৰিব Answer key। এতিয়ালৈ পেপাৰ 3ত ৯৫ হাজাৰ ২৩গৰাকীয়ে পৰীক্ষাৰ্থী সংগ্ৰহ কৰিছে OMR শ্বীট। পেপাৰ 4ত ২০ হাজাৰ ৫৫গৰাকী পৰীক্ষাৰ্থীয়ে সংগ্ৰহ কৰিছে OMR শ্বীট। লগতে পেপাৰ 5ত ৭ হাজাৰ ২৩১গৰাকী প্ৰাৰ্থীয়ে SEBAৰ পৰা সংগ্ৰহ কৰিছে OMR শ্বীট। ফেচবুক লাইভযোগে এই তথ্য  জনালে মুখ্যমন্ত্ৰীয়ে।

দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে ৩ শতাংশ মৰগীয়া বানচ। সেইদৰে অনতি পলমে কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি ক্ষেত্ৰত সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰৰে । সকলোৰে আগতীয়াকৈ দীপাৱলীৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।

সূৰ্যদেৱৰ মন্ত্ৰ জপ কৰাৰ সঠিক নিয়ম কি?
দেৱালীৰ দিনটোত নকৰিব এইবোৰ ভুল
২০ বছৰ ধৰি ছলমান-ছোহেলইৰ ঘনিষ্ঠ বন্ধু ল’ৰেন্স, একেলগে চিনেমাতো কৰিছে কাম
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?