টকাৰ খেল! মৰণোত্তৰ পৰীক্ষাৰ নামত পুত্ৰ, নাতিক হেৰুওৱা ককাকৰ পৰা ল’লে ২৫,০০০ টকা
বিহালীৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। পুত্ৰ আৰু নাতিৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ নামত চিকিৎসক, ছুইপাৰ আদিয়ে মিলি আদায় ল'লে প্ৰায় ২৫ হাজাৰ টকা। পুত্ৰ- নাতিক হেৰুওৱা দুৰ্ভগীয়া চিদানন্দ শইকীয়াই উত্থাপন কৰিছে বহু গুৰুতৰ অভিযোগ।
কিছুদিন পূৰ্বে ৰাজ্যত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। নিজৰ ৭ বছৰীয়া পুত্ৰক হত্যা কৰি পিতৃয়ে বাছি লৈছিল চৰম পন্থা। এই ঘটনাৰ প্ৰায় ১০- ১২ দিন উকলি গ’ল। কিন্তু শেহতীয়াকৈ পৰিয়ালৰলোকে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। উল্লেখ কৰা প্ৰয়োজন যে , বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ মৃগাংক শইকীয়া (৩২)ই যোৱা ৭ নৱেম্বৰৰ সন্ধিয়া ৭ বছৰীয়া পুত্ৰ আয়ুস্মান শইকীয়াক হত্যা কৰাৰ পাছত নিজে আত্মহত্যা কৰিছিল। ৮ নৱেম্বৰক চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃগাংকৰ মৃতদেহ।
এই ঘটনাৰ প্ৰায় ১২ দিন পাছত মৃগাংকৰ পিতৃ তথা আয়ুস্মানৰ ককাক চিদানন্দ শইকীয়াই সংবাদ মেল সম্বোধন কৰি গুৰুতৰ অভিয়োগ উত্থাপন কৰে। তেওঁ কয়, ৮ নৱেম্বৰত দুটাকৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ২৫ হাজাৰ টকা ভৰিবলগীয়া হৈছিল। সেইদিনা পৰিয়ালটোক গহপুৰ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ নিবলৈ গাড়ীৰ যোগাৰ কৰি নিদিয়াত নিজেই গাড়ীৰ ব্যৱস্থা কৰিব লগা হৈছিল। ফলত গহপুৰৰ পৰা বিহালীলৈ প্ৰায় ৩০ কিলোমিটাৰ যাবলৈ দুখন এম্বুলেন্সে ৭ হাজাৰকৈ মুঠ ১৪ হাজাৰ টকা লৈছিল।
আনহাতে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে সাজু কৰাৰ সময়ত চিকিৎসকে দৰ দাম কৰাৰো অভিযোগ উত্থাপন কৰে চিদানন্দ শইকীয়াই। তেওঁ কয় যে, ৮ নৱেম্বৰৰ দিনা মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা কৰিবৰ বাবে চিকিৎসকে তেওঁৰ পৰা এটা মৃতদেহৰ বিনিময়ত ৩ হাজাৰ টকাকৈ মুঠ ৬ হাজাৰ টকা আদায় কৰিছিল। সেই কাণ্ড ইমানেই নিকৃষ্ট আছিল যে টকা নিদিয়া পৰ্যন্ত চিকিৎসকে মৃতদেহত হাতেই লগোৱা নাছিল। ইমানেই নহয়, মৰণোত্তৰ পৰীক্ষাৰ পাছত ছুইপাৰজনে এটা মৃতদেহৰ বিনিময়ত ২৫০০ টকাকৈ মুঠ ৫০০০ টকা আদায় লৈছিল।
শইকীয়াই লগতে অভিযোগ কৰে যে, এই বিষয়টোত আৰক্ষীয়ে ভালদৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজিলৈ আৰক্ষীয়ে বিচাৰি উলিওৱা নাই মৃগাংক শইকীয়াৰ স্কুটীখন। মৃগাংকৰ পেন্টৰ পকেটত উদ্ধাৰ হৈছিল স্কুটীৰ চাবি। কিন্তু আজিলৈ এ এছ ৩২ এ ৩০৪৫ নম্বৰৰ টিভিএছ কোম্পানীৰ এন্ট্ৰ’ স্কুটীখন বিচৰা নাই আৰক্ষীয়ে। সেই স্কুটীখনলৈয়ে পুত্ৰক হত্যা কৰি মৃগাংক পলায়ন কৰিছিল।
আনহাতে ঘটনা সন্দৰ্ভত মৃগাংকৰ পত্নীয়েও একেই অভিযোগ উত্থাপন কৰি কৈছে যে আৰক্ষীয়ে ঘটনাৰ তদন্ত গাফিলতি কৰিছে। এই কাণ্ড হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ কৰিছে পত্নীয়ে। পৰিয়ালৰ এই অভিযোগৰ পাছতেই বিশ্বানাথ জিলাৰ আৰক্ষী অধীক্ষকে বিষয়টোৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।