শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আলফা(স্বা), দল-সংগঠনৰ সকীয়নিৰ পাছত অসমত বাতিল ‘বিহাৰ দিৱস’ৰ কাৰ্যসূচী…

বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ অন্তত অসমত বাতিল হ'ল বিহাৰ দিৱসৰ কাৰ্যসূচী। অহা ২২ মাৰ্চত অসমৰ বিভিন্ন প্ৰান্তত বিহাৰ দিৱস আয়োজনৰ প্ৰস্তুতি চলিছিল।

আলফা(স্বা), দল-সংগঠনৰ সকীয়নিৰ পাছত অসমত বাতিল ‘বিহাৰ দিৱস’ৰ কাৰ্যসূচী…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Mar 2025 08:11 AM

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাছতেই অসমত বাতিল হ’ল ‘বিহাৰ দিৱস’ৰ কাৰ্যসূচী। বিহাৰ ৰাজ্য স্থাপনৰ ১১৩ বৰ্ষপূতি উপলক্ষে অহা ২২ মাৰ্চত ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে বিহাৰ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল। বিহাৰ ফাউণ্ডেশ্যনৰ গুৱাহাটী চেপ্তাৰে জি এম চি প্ৰেক্ষাগৃহত পতা কাৰ্যসূচীত অংশ ল’বলৈ আমন্ত্ৰিত হৈছিল ৰাজ্যপালকে ধৰি বিভিন্ন গন্য-মান্য ব্যক্তি। কিন্তু অসমত বিহাৰ দিৱস অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি একাংশ দল-সংগঠনে ইয়াক বাতিল কৰাৰ দাবী তুলিছিল। ইয়াৰ পাছতে অসমত বিহাৰ দিৱসৰ কাৰ্যসূচী বাতিল কৰে বিজেপিয়ে।

অসমত ‘বিহাৰ দিৱস’ অনুষ্ঠিত কৰাৰ কোনো যুক্তি নাই বুলি ইয়াৰ বিৰোধিতা কৰিছিল সদৌ অসম ছাত্ৰ সন্থা, আটাছু, জাতীয় সংগ্ৰামী সেনা অসম, অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয় দল সংগঠনে। তেওঁলোকে বিহাৰ দিৱস কাৰ্যসূচী বাতিল কৰি উদ্যোক্তাসকলক ক্ষমা খুজিবলৈ দাবী কৰিছিল।

ইমানেই নহয়, নিষিদ্ধ সংগঠন আলফা (স্বা)য়ে এই কাৰ্যসূচীৰ বিৰোধিতা কৰি এক বিবৃতি প্ৰকাশ কৰিছিল। আলফা (স্বা)য়ে কৈছিল যে, থলগিৰিৰ চোতালত বিহাৰ দিৱস উদযাপন কৰাটো কোনো কাৰণতেই সহ্য কৰা নহ’ব। গতিকে, উক্ত অনুষ্ঠানৰ সৈতে জড়িত থলগিৰি আৰু বহিৰাগত সকলোকে উক্ত কাৰ্য্যসূচী বাতিল কৰিবলৈ নিৰ্দেশনা প্রদান কৰা হ’ল। যদি এই নির্দেশনা অমান্য কৰি বিহাৰ দিৱস উদযাপন কৰাৰ মৰসাহ কৰে তেন্তে তাৰ পৰিণতি ভয়ংকৰ হ’ব, আৰু তেনে এক অনাকাংক্ষিত আৰু অবাঞ্ছিত পৰিস্থিতিৰ বাবে পৃষ্ঠপোষক সকলেই দায়ী হ’ব লাগিব।

এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে, ৰাজভৱনসমূহে বিভিন্ন ৰাজ‍্যৰ দিৱস পালন কৰে। অসমত পূৰ্বে ৰাজ-ভৱনৰ উদ‍্যোগত ‘বিহাৰ দিৱস’, ‘উৰিষ‍্যা দিৱস’ আদি পালন কৰা হৈছে। সেই একেই হিচাপত অন্য ৰাজ্যতো অসম দিৱস পালন হৈ আহিছো আৰু ইয়াৰ কেতিয়াও বিৰোধিতা কৰা নাই। কিন্তু ৰাজনৈতিক দলে জিলাই জিলাই বিহাৰ দিৱস উদযাপন কৰা গ্ৰহণযোগ্য নহয়।  তিনিচুকীয়াত বিহাৰী সম্প্ৰদায়ৰ লোক বেছি থকা বাবে বিহাৰ দিৱস বিজেপিয়ে অনুষ্ঠিত কৰিব বিচাৰিছে বুলি তেওঁ কয়।

এই সকলোবোৰৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে কালি বিহাৰ দিৱসৰ সমৰ্থনত মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছিল যে, অসমত বিহাৰ দিৱস উদযাপন নকৰাৰ কোনো যুক্তি দেখা নাই। শৰ্মাই কয় যে, দেশৰ বিভিন্ন প্ৰান্তত অসম দিৱস পালন কৰা হয়। গতিকে অসমত বিহাৰ দিৱস উদযাপন কৰা ডাঙৰ কথা নহয়। যদি অসম দিৱস বিহাৰ, উত্তৰ প্ৰদেশত পালন কৰে, তেন্তে আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম । তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব । এই বিষয়ক লৈ ৰাজনীতি কৰা কোনো অৰ্থ নাই বুলি কৈছিল শৰ্মাই।

 

অন্য খবৰ পঢ়কঃ অসমত ‘বিহাৰ দিৱস’ উদযাপন কৰিলে পৰিস্থিতি বিষম হ’বঃ আলফা (স্বা)