কিদৰে মাত্ৰ ২৫ বছৰীয়া চমু জীৱনত দেশৰ কিংবদন্তি হৈ পৰিল বীৰচা মুণ্ডা…
ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজৰ অন্য এক মহানায়ক আছিল বীৰচা। ইয়াৰ সমান্তৰালকৈ বীৰচাই আদিবাসী অধিকাৰ আৰু সংস্কৃতিৰ হকে আন এক শক্তিশালী যুঁজ। এনে মহানতাৰে বীৰচা হৈ পৰিছিল আদিবাসীসকলৰ বাবে ভগৱান স্বৰূপ। লগতে দেশৰ ইতিহাসৰ এক কিংবদন্তি ব্যক্তি।
১৯৪৭ চনৰ ১৫ আগষ্ট| এই দিনটোতেই ব্ৰিটিছ উপনিৱেশিক শাসনৰ বিৰুদ্ধে শতিকাজোৰা যুঁজৰ অন্তত ভাৰতে লাভ কৰে আকাংক্ষিত স্বাধীনতা। স্বাধীনতাৰ প্ৰতি সমৰ্পিত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ত্যাগ আৰু সাহসৰ ভেটিত গঢ় লৈ উঠা অক্লান্ত যুঁজ আৰু বিদ্ৰোহৰ দীৰ্ঘকালীন পৰিক্ৰমাৰ অন্তত ব্ৰিটিছৰ শোষণমূলক আৰু দমনমূলক শাসনক উৎখাত কৰি পুনৰ প্ৰতিষ্ঠা হৈছিল পৰম আকাংক্ষিত স্বাধীনতা। ভাৰতৰ স্বাধীনতা যুঁজৰ এই দীঘলীয়া ইতিহাসত লিপিবদ্ধ হৈছিল সহস্ৰ স্বাধীনতা সেনানিৰ নাম। কিন্তু তাৰ মাজত হেৰাই গৈছিল সংগ্ৰামৰ এক মহান সেনাৰ নাম।
সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা এই মহান সেনানিজনেই হ’ল বীৰচা মুণ্ডা। ১৮৭৫ চনৰ ১৫ নৱেম্বৰত তেতিয়াৰ বেংগল প্ৰভিন্সৰ লোহাৰডাগা জিলাৰ উলিহাটুত জন্ম লাভ কৰে বীৰচা মুণ্ডাই। বীৰচাৰ পিতৃৰ নাম আছিল সুগনা মুণ্ডা আৰু মাতৃৰ নাম আছিল কাৰ্মি হাটু। শিশুকালত বীৰচাই পিতৃ-মাতৃৰ সৈতে উলিহাটুৰ চকদাদত বাস কৰিছিল।
আন সাধাৰণ আদিবাসী শিশুৰ দৰেই মুণ্ডায়ো সাধাৰণভাৱেই পাৰ কৰিছিল শৈশৱকাল। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৱে বীৰচাৰ ভৱিষ্যত গঢ়াৰ বাবে মোমায়েকৰ ঘৰলৈ পঠাই দিয়ে । মোমায়েকৰ গাঁও আয়ুভাটুত জয়পাল নাগ নামৰ শিক্ষকগৰাকীয়ে পৰিচালনা কৰা চালগাৰ বিদ্যালয়ত বীৰচাক নাম লগাই দিয়া হয়। বীৰচাৰ তীক্ষ্ণ মেধাৰ উমান পাই জয়পাল নাগে তেওঁক জাৰ্মান মিছন স্কুলত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে।
নাগৰ পৰামৰ্শ মানি বীৰচাক জাৰ্মান মিছন স্কুলত নাম লগাই দিয়ে মোমায়েকে। ইয়াৰ সমসাময়িকভাৱে বীৰচাৰ পৰিয়ালটো খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হয় আৰু বীৰচাৰ নতুন নাম হৈ পৰে বীৰচা ডেভিদ। কিন্তু বীৰচাই অতি সোনকালেই বুজি উঠিছিল যে খ্ৰীষ্টান মিছনাৰীসকলে জনজাতীয় লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰি পৰম্পৰাগত জনজাতীয় ব্যৱস্থা ধ্বংস কৰিছে।
খ্ৰীষ্টান মিছনেৰী স্কুলত পঢ়ি থকাৰ সময়ৰে পৰা অন্যায়-অত্যাচাৰ বিৰুদ্ধে প্ৰতিবাদী বীৰচা মুণ্ডা সত্বাৰ জাগ্ৰত হয়৷ তেওঁ ক্ৰমাৎ খ্ৰীষ্টান মিছনাৰীসকলক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছিল আৰু মুণ্ডা তথা ওৰাওন সম্প্ৰদায়ৰ ধৰ্মান্তপৰকৰণৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। ইয়াৰ পিছতে সমাজ সংস্কাৰৰ কাৰ্যক্ষেত্ৰত নামি পৰে বীৰছা। বীৰচা মুণ্ডাই জনজাতীয় লোকসকলক তেওঁলোকৰ মূল পৰম্পৰাগত জনজাতীয় ধৰ্মীয় ব্যৱস্থা অনুসৰণ কৰিবলৈ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছিল।
বীৰচাৰ শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ জনজাতীয় লোকসকলে ক্ৰমশ: ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজতখনতো জড়িত হৈ পৰে। সমান্তৰালকৈ জনজাতীয় লোকসকলৰ ভূমি অধিকাৰৰ প্ৰসঙ্গতো সজাগ হৈ উঠে বীৰচা। ইয়াৰ পিছতে বীৰচা মুণ্ডাৰ নেতৃত্বত জনজাতীয় লোকসকলে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ কৰে ব্যাপক সংগ্ৰাম। ১৮৯৩-৯৪ত ব্ৰিটিছে ছুটাগনাগপুৰ অৰণ্যত নতুন বন আইন বলৱৎ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
ব্ৰিটিছৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বীৰচা মুণ্ডাৰ নেতৃত্বত আদিবাসী লোকসকলে আন এক জংগী আন্দোলন আৰম্ভ কৰে। এনে কাৰণত ১৮৯৫ চনৰ ২৪ আগষ্টত ব্ৰিটিছে বীৰচা মুণ্ডাক দুবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে। পিছে ব্ৰিটিছৰ এই শাস্তিয়ে ৰুদ্ধ কৰিব পৰা নাছিল বীৰচাক আৰু কাৰামুক্ত হৈ পুনৰ আন্দোলনত নামি পৰে। ১৯০০ চনৰ ৩ ফেব্ৰুৱাৰিত আৰক্ষীয়ে এখন অৰণ্যৰ পৰা বীৰচা মুণ্ডাক গ্ৰেপ্তাৰ কৰে আৰু কাৰাৰুদ্ধ অৱস্থাতে সেই বৰ্ষৰ ৯ জুনত তেওঁৰ মৃত্যু হয়।
লক্ষণীয়ভাৱে মাত্ৰ ২৫ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছিল বীৰচাই। কিন্তু এই কম বয়সতে বীৰচাই নিজৰ সংগ্ৰামী সত্বাৰ জৰিয়তে জনতজাতীয় সমাজখনৰ লগতে ভাৰতীয় ইতিহাসত এক কিংবদন্তী হিচাপে নিজকে আত্মপ্ৰতিষ্ঠা কৰে। বীৰচা মুণ্ডাৰ জীৱন আদিবাসী লোকসকলৰ বাবে উৎসৰ্গিত আছিল। আদিবাসীসকলৰ অধিকাৰ, সংস্কৃতিৰ লগতে দেশৰ হকে যুঁজৰ বাবে বীৰচাৰ ত্যাগ আৰু বীৰত্বৰ বাবেই আদিবাসীসকলে তেওঁক ভগৱান হিচাপে গ্ৰহণ কৰি আহিছে।