5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন! সাহিত্যৰ যোগেদি জিনিছিল জগত…

Mamoni Raisom Goswami: ১৯৪২ চনৰ ১৪ নৱেম্বৰত গুৱাহাটীত মামণি ৰয়ছম গোস্বামীৰ জন্ম হয়।তেখেতৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱীৰ সুযোগ্য জীয়ৰী মামণি ৰয়ছম গোস্বামী।১৩ বছৰ বয়সৰ পৰাই তেওঁ সাহিত্য সাধনাত ব্ৰতী হয়। অসমীয়া সাহিত্যৰ একেধাৰে এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ হিচাপে যথেষ্ট খ্যাতি লাভ কৰা মামণি ৰয়ছম গোস্বামী এগৰাকী সমাজসেৱী হিচাপেও জনাজাত।

আজি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন! সাহিত্যৰ যোগেদি জিনিছিল জগত…
আজি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন!
trishna-kalita
Trishna Kalita | Updated On: 14 Nov 2024 10:37 AM

Mamoni Raisom Goswami birth anniversary: আজি জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ জন্ম-বাৰ্ষিকী। ১৯৪২ চনৰ ১৪ নৱেম্বৰত গুৱাহাটীত মামণি ৰয়ছম গোস্বামীৰ জন্ম হয়।তেখেতৰ প্ৰকৃত নাম ইন্দিৰা গোস্বামী। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱীৰ সুযোগ্য জীয়ৰী মামণি ৰয়ছম গোস্বামী। পিতৃ উমাকান্ত গোস্বামী এসময়ত কটন কলেজৰ অধ্যক্ষ থকাৰ উপৰিও পিছলৈ অসমৰ প্ৰথম শিক্ষাধিকাৰ হৈছিল। জন্ম-বাৰ্ষিকীত মামণি ৰয়ছম গোস্বামীক সামাজিক মাধ্যযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষা

মামণি বাইদেৱে ১৯৫৪ চনত গুৱাহাটীৰ লতাশিল প্রাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। পিছত শ্বিলঙৰ পাইন মাউন্ট স্কুলত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬০ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ দুবছৰৰ পিছত অর্থাৎ ১৯৬৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত ‘মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন’ শীর্ষক বিষয়ত পি, এইচ্, ডি ডিগ্রী লাভ কৰে।

বিবাহ আৰু কৰ্মজীৱন

মামণি বাইদেউ ১৯৬৫ চনত মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। কিন্তু দুৰ্ভাগ্যবশতঃ এক মটৰ দুৰ্ঘটনাত ১৯৬৭ চনত মাধৱেন ৰয়ছমৰ মৃত্যু হয়। তাৰ পাছত ১৯৬৮ চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ইয়াৰ এবছৰৰ পিছত ১৯৬৯ চনত বৃন্দাবনৰ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ফিল’ছফিত উপেন্দ্ৰনাৰায়ণ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰে। ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত তেওঁ অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে। ১৯৯৮ চনত সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰত সঞ্চালিকা হিচাপে ভাগ ল’বলৈ স্পেইনলৈ যাত্ৰা কৰে ৷

সাহিত্য সাধনা

১৩ বছৰ বয়সৰ পৰাই তেওঁ সাহিত্য সাধনাত ব্ৰতী হয়। অসমীয়া সাহিত্যৰ একেধাৰে এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ হিচাপে যথেষ্ট খ্যাতি লাভ কৰা মামণি ৰয়ছম গোস্বামী এগৰাকী সমাজসেৱী হিচাপেও জনাজাত। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল।  বিভিন্ন ধৰণৰ গঠনমূলক আৰু সমাজসেৱামূলক কাম-কাজৰ লগত জড়িত হোৱাৰ উপৰিও অসমত শান্তি প্ৰতিষ্ঠা প্ৰক্ৰিয়াটো তেখেতৰ অৱদান অতুলনীয়। দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়াৰ বিভাগৰ মুৰব্বী অধ্য়াপকৰ আসন শুৱনি কৰা মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। তেওঁ সাহিত্যকৃতিয়ে ২০০২ চনত ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপাঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ২০০৮ চনত ভাৰতীয় সাহিত্য আৰু সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ইউৰোপীয় সাহিত্যৰ সন্মনীয় ‘প্ৰিন্সিপাল প্ৰিন্সি ক্লজ লৰেট’ বঁটা লাভ কৰে।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। ১৯৮০ চনত ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস নামৰ তিনিখন উপন্যাসৰ সংকলন আৰু ক্ৰমে ‘নীলকণ্ঠী ব্ৰজ’ ১৯৭৬, অহিৰণ ১৯৮০, ‘দঁতাল হাতীৰ উঁৱে খোৱা হাওদা’ ১৯৮৮, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি’ ১৯৯৮, ‘দাসৰৰ্থীৰ খোজ’১৯৯৯, ‘ছিন্নমস্তাৰ মানুহটো’২০০১, আদি গ্ৰন্থতেই মামণি বাইদেউৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় পোৱা যায় আৰু এয়া অসমীয়া সাহিত্যলৈ তেওঁৰ বিশেষ অৱদান।

Latest News