5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam online trading scam: সলনি হ’ল চুমি-বিশাল-তাৰ্কিকৰ ঠিকনা! ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পালেহি ৮ প্ৰৱঞ্চক

অনলাইন ট্ৰেডিং গোচৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বিশাল ফুকন,চুমি বৰা আৰু তাৰ্কিক বৰাসহ আন ৮গৰাকীকৈ অভিযুক্তক গুৱাহাটীলৈ আনে। চিবিআইৰ এটা বিশেষ দলে শুকুৰবাৰে পুৱা ৮:২৫ বজাত এখন ট্ৰেভেলাৰ বাহনত গুৱাহাটীলৈ আনে ৮ অভিযুক্তক৷ CBIৰ ৭ জনীয়া এটা দলে আনে বিশাল, চুমি, তাৰ্কিক। আজি কাৰাগাৰতে CBIএ জেৰা কৰাৰ সম্ভাৱনা।

Assam online trading scam: সলনি হ’ল চুমি-বিশাল-তাৰ্কিকৰ ঠিকনা! ডিব্ৰুগড়ৰ পৰা গুৱাহাটী পালেহি  ৮ প্ৰৱঞ্চক
সলনি হ’ল চুমি-বিশাল-তাৰ্কিৰ ঠিকনা!
trishna-kalita
Trishna Kalita | Updated On: 26 Oct 2024 11:01 AM

এতিয়া পৰা চুমি, বিশালৰ নতুন ঠিকনা হ’ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে চুমি, বিশাল, তাৰ্কিকসহ ৮টাকৈ প্ৰৱঞ্চকক। ডিব্ৰুগড় কাৰাগাৰৰ পৰা ৮জনকৈ প্ৰৱঞ্চকক গুৱাহাটীলৈ স্থানান্তৰ। চুমি, তাৰ্কিক, বিশাল, অম্লানক হাজিৰ কৰোৱা হ’ব CBIৰ আদালতত। এতিয়া পৰা চুমি, বিশালৰ নতুন ঠিকনা হ’ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। অনলাইন ট্ৰেডিং গোচৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বিশাল ফুকন,চুমি বৰা আৰু তাৰ্কিক বৰাসহ আন ৮গৰাকীকৈ অভিযুক্তক গুৱাহাটীলৈ আনে। চিবিআইৰ এটা বিশেষ দলে শুকুৰবাৰে পুৱা ৮:২৫ বজাত এখন ট্ৰেভেলাৰ বাহনত গুৱাহাটীলৈ আনে ৮ অভিযুক্তক৷ CBIৰ ৭ জনীয়া এটা দলে আনে বিশাল, চুমি, তাৰ্কিক।

আজি কাৰাগাৰতে CBIএ জেৰা কৰাৰ সম্ভাৱনা। চুমি, বিশাল, তাৰ্কিকক লগতে আন ৫ প্ৰৱঞ্চকক কৰিব জেৰা। শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হয় আটাইকে। বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ৮ প্ৰৱঞ্চক। ডিব্ৰুগড়ৰ পৰা ট্ৰেভেলাৰত অনা হয় প্ৰৱঞ্চককেইটাক। CBIৰ গোচৰত গুৱাহাটীলৈ অনা হৈছে প্ৰৱঞ্চকক।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত শুকুৰবাৰৰ নিশা কটাইছে চুমি, তাৰ্কিকসহ সৰ্বমুঠ ৮ অভিযুক্তই। ডিব্ৰুগড়ৰ পৰা পোনে পোনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অনা আটাইকেইগৰাকী অভিযুক্তক। ডিব্ৰুগড়ৰ পৰা AS06AC 8418 নম্বৰৰ ৰিচা নামৰ ট্ৰেভেলাৰ গাড়ীখনত অনা হয় সকলোকে। বিশাল, চুমি, তাৰ্কিক, ৰঞ্জিত কাকতি, অম্লান বৰা, অভিজিত চান্দা, শুভনজ্যোতি কুৰ্মী, চন্দন নাথক অনা হয় গুৱাহাটীলৈ।

বিশাল ফুকন আৰু ৰনজিৎ কাকতিৰ বিৰুদ্ধে অনলাইন ট্ৰেডিং সন্দৰ্ভত দুটাকৈ গোচৰ ৰজু আছে ডিব্ৰুগড় সদৰ থানাত ৷ দুয়োটা গোচৰ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত হৈছিল চিবিআইৰ বিশেষ গোট ৷ ৩০ অক্টোবৰত গুৱাহাটীত CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব চুমি বৰা, তাৰ্কিক বৰা, বিশাল ফুকনক। গুৱাহাটীৰ CBIৰ বিশেষ আদালতত চলিব ন্যায়িক প্ৰক্ৰিয়া।

উল্লেখ্য যে , ১১ হাজাৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীক লৈ CBI-এ আৰম্ভ কৰিছে ৪১টাকৈ গোচৰৰ তদন্ত। ইয়াৰ ভিতৰত আছে দীপাংকৰ বৰ্মন, বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা, ৰঞ্জিত কাকতি, মহম্মদ ছাকিৰ আৰু ৰাজদ্বীপ দেৱ। CBIৰ তদন্তত নাম সাঙোৰ খাব পাৰে বিশাল ফুকনক বিনিয়োগ কৰিবলৈ কোটি কোটি টকা দিয়া অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ বহু কোটিপতি লোকৰ নাম।

বিশাল সা-সম্পত্তিৰ গৰাকী বিশাল-চুমি। ফ্লেট, কাৰ্যালয়, ভূমি ক্ৰয়ৰ নামত ব্যয় কৰিছিল কোটি কোটি টকা। ডুবাইত ক্ৰয় কৰিছিল কোটি টকীয়া উপহাৰ। প্ৰমোদ ভ্ৰমণৰ নামতো ব্যয় কৰা হৈছিল বহু কোটি টকা। বায়েক চুমি বৰাৰ প্ৰতিটো খৰছ বহন কৰিছিল বিশালে। বিয়াৰ পিছতে চুমি বৰাক বিশালে দিছিল ডুবাই ট্রিপ।

Latest News