বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস । সোমবাৰে ৰিটাৰ্নিং অফিচাৰৰ পৰা বিজয়ীৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে এই দুয়োগৰাকী প্ৰাৰ্থীয়ে । ডিব্ৰুগড় আৰু কাজিৰঙা সংসদীয় সমষ্টিৰ পৰা ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগে লগে ৰাজ্যসভাত অসমৰ দুখন আসন খালী হৈ পৰে । এই দুয়োখন আসনৰ বাবে শাসকীয় বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও বিৰোধী দলসমূহে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল।

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস
Updated On: 

26 Aug 2024 22:04 PM

অসমৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস । সোমবাৰে ৰিটাৰ্নিং অফিচাৰৰ পৰা বিজয়ীৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে এই দুয়োগৰাকী প্ৰাৰ্থীয়ে । ডিব্ৰুগড় আৰু কাজিৰঙা সংসদীয় সমষ্টিৰ পৰা ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগে লগে ৰাজ্যসভাত অসমৰ দুখন আসন খালী হৈ পৰে । এই দুয়োখন আসনৰ বাবে শাসকীয় বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও বিৰোধী দলসমূহে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল।

চাৰিবাৰৰ প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস সাংবাদিকৰ আগত কয়, ‘আমি দুয়োজনেই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়ী হৈছো। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক দলৰ সভাপতি ভৱেশ কলিতা, আমাৰ মিত্র আৰু দলৰ সদস্যসকললৈ আমি কৃতজ্ঞা জ্ঞাপন কৰিছো ।’ দাসৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, বিজেপিৰ নেতা ৰামেশ্বৰ তেলীয়ে মোদী চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । কিন্তু এইবাৰৰ লোকসভা নিৰ্বাচনত তেওঁৰ ঠাইত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু তেওঁ জয়ী হয় । ইয়াৰ বিপৰীতে মিছন ৰঞ্জন দাসে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ।

ৰাজ্যসভাত অসমৰ ৭ খন আসন আছে। ইয়াৰে ৬ খন আসন বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ হাতত। বিজেপিৰ দলৰ হাতত চাৰিখন আসন থকাৰ বিপৰীতে মিত্ৰ দল অগপ আৰু ইউপিপিএলৰ হাতত এখনকৈ আসন আছে । ইফালে বাকী থকা আনখন আসনত প্ৰতিনিধিত্ব কৰে এজন নিৰ্দলীয় সাংসদে।

অহা ৩ ছেপ্টেম্বৰত ৰাজ্যসভাত খালী হৈ থকা ১২ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰতিখন আসনৰ বাবে পৃথক পৃথক নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই ফলাফল ঘোষণা কৰা হ’ব। ইয়াৰ পূৰ্বেই খালী হৈ থকা অসমৰ দুখন আসনৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস ।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে