শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপিক দুৰ্বল কৰাৰ অৰ্থ হ’ল ভাৰতৰ বিশ্ব নেতা হোৱাৰ পথত ‘বাধা’, ৪৬ সংখ্যক বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?

আজি বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস । এই বিশেষ দিনটোত ৰাজ্যৰ বিজেপিৰ দলী কৰ্মীসকলক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপিক দুৰ্বল কৰাৰ অৰ্থ হ’ল ভাৰতৰ বিশ্ব নেতা হোৱাৰ পথত ‘বাধা’, ৪৬ সংখ্যক বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 06 Apr 2025 12:53 PM

আজি দেশজুৰি পালন কৰা হৈছে বিজেপিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস । এই বিশেষ দিনটোত ৰাজ্যৰ বিজেপিৰ দলী কৰ্মীসকলক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে কয় যে, শাসকীয় ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰাৰ অৰ্থ হ’ব ভাৰতৰ বিশ্ব নেতাৰ পদ অৰ্জনৰ পথত বাধা সৃষ্টি কৰা।

“বিজেপিক দুৰ্বল কৰাৰ অৰ্থ কোনো ব্যক্তিক দুৰ্বল কৰা নহয়। ইয়াৰ অৰ্থ হৈছে এটা মতাদৰ্শ আৰু জাতীয় গৌৰৱক দুৰ্বল কৰা। বিজেপিক দুৰ্বল কৰাৰ অৰ্থ হ’ব ভাৰতক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ পথত অগণন বাধাৰ সৃষ্টি কৰা।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আগন্তুক বছৰবোৰত ভাৰতক বিশ্বৰ আগশাৰীৰ নেতা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ল’বলৈ প্ৰতিজন দলীয় কৰ্মীক অনুৰোধ জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

ৰাজ্য়িক কাৰ্যালয়ত বিজেপিৰ পতাকা উত্তোলন

বিজেপিক কোনে বদনাম আৰু দুৰ্বল কৰে ?

তেওঁ লগতে কয়, “বিজেপিয়ে জাতিৰ সেৱা কৰি যাব , মইও একে কামনা কৰিছোঁ। সকলোকে জাতিৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছো।” আগন্তুক সময়ছোৱাত প্ৰগতি আৰু শক্তিৰ দিশত দলটোক দুৰ্বল আৰু বদনাম কৰিবলৈ বহু শ্ৰেণীয়ে চেষ্টা কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে, ছ’চিয়েল মিডিয়াৰ সহায়ত বিজেপিক বদনাম আৰু দুৰ্বল কৰিব পাৰে।

বিজেপি অবিহনে উত্তৰ-পূবত উন্নয়ন নহ’লহেঁতেন

ৰাম মন্দিৰ নিৰ্মাণ কেৱল এটা মন্দিৰ নিৰ্মাণ কৰাই নহয়, বৰঞ্চ ৫০০ বছৰীয়া দাসত্বৰ পৰা নিজকে মুক্ত কৰাৰ এক উজ্জ্বল উদাহৰণ বুলি উল্লেখ কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, ব্যক্তিগত স্বাৰ্থতকৈ জাতি প্ৰথম । জাতিৰ স্বাৰ্থৰ আগত আন কোনো ধৰণৰ ধাৰণা নাথাকে। তেওঁ কয়, “বিজেপি নোহোৱা হ’লে ৱাকফ সংশোধনী বিধেয়ক আইনত পৰিণত নহ’লহেঁতেন। একেদৰে ৩৭০ ধাৰা বিলুপ্ত নহ’লহেঁতেন বা বিজেপি নহ’লে সংখ্যালঘু মহিলাসকলে ট্ৰিপল তালাকৰ পৰা ন্যায় নাপালেহেঁতেন। বিজেপি অবিহনে উত্তৰ-পূবত উন্নয়ন নহ’লহেঁতেন।”

অসমৰ প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক প্ৰভাৱ এৰি গৈছে বিজেপিয়ে

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, বিজেপিয়ে অসমৰ প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক প্ৰভাৱ এৰি যাবলৈ সক্ষম হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন স্বায়ত্ত শাসিত পৰিষদ, পৌৰসভা আৰু পঞ্চায়ত বিজেপিয়ে শাসন চলাই আছে। বিজেপিয়ে অসমীয়া সমাজখনক শক্তিশালী কৰাৰ বাবে কাম কৰি আছে বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে, পুৱা ৰাজ্যিক বিজেপিৰ মুৰব্বী দিলীপ শইকীয়াৰ সৈতে মুখ্যমন্ত্ৰী শৰ্মাই দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ নেতা আৰু সাধাৰণ সদস্যৰ উপস্থিতিত দলৰ পতাকা উত্তোলন কৰে। জাতীয়তাবাদৰ প্ৰতি জীৱন উৎসৰ্গা কৰা অগণন কৰ্মীক শ্ৰদ্ধাঞ্জলি জনায় ।

বিজেপিত নাই পৰিয়ালমুখী ৰাজনীতি !

মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে,”পৰিয়ালমুখী ৰাজনীতি আমাৰ দলত এতিয়ালৈকে প্ৰৱেশ কৰা নাই। ই এটা শ্ৰমিক নেতৃত্বাধীন দল হৈ আহিছে আৰু অদূৰ ভৱিষ্যতেও তেনেকৈয়ে থাকিব।” জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে যিদৰে কংগ্ৰেছক পৰিয়াল পৰিচালিত দললৈ ৰূপান্তৰিত কৰিলে, সেয়া বিজেপিয়ে কেতিয়াও নকৰে আৰু সেই পথেৰে যাত্ৰা নকৰে । কাৰণ ই এটা পাৰ্থক্য থকা দল বুলি দাবী মুখ্যমন্ত্ৰীৰ ।