বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়! পৰাজয় স্বীকাৰ বিৰোধী পক্ষৰ…

লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে জয় নিশ্চিত বিজেপি প্ৰাৰ্থীৰ। লোকসভাৰ দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু কোনো এগৰাকী বিৰোধী প্ৰাৰ্থীয়ে এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰিলে।

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়! পৰাজয় স্বীকাৰ বিৰোধী পক্ষৰ...

ৰামেশ্বৰ তেলী,মিছন ৰঞ্জন

Published: 

21 Aug 2024 18:45 PM

ৰাজ্যসভাৰ ক্ষেত্ৰত অসমত খালী থকা দুই আসনৰ বাবে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে। প্ৰথমখন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু দ্বিতীয়খন আসনৰ বাবে মিছন ৰঞ্জন দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী কেশৱ মহন্তকে ধৰি মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ একাংশ নেতা মন্ত্ৰী।

ৰাজ্যসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে এক প্ৰকাৰ বিজেপিৰ জয় নিশ্চিত হৈ পৰিছে। কিয়নো আজি আছিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ। কিন্তু এই দুখন আসনৰ বাবে বিৰোধীৰ এজনেও মনোনয়ন পত্ৰ দাখিল নকৰিলে। গতিকে এটা কথা প্ৰায় নিশ্চিতকৈ কব পাৰি যে অসমৰ দুইখন আসনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। অৱশ্যে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে। এই দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

মনোনয়ন পত্ৰ দাখিলৰ পাছতে দুই প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মনোনয়ন পত্ৰ দাখিল কৰাৰ দৃশ্য তেওঁ ছচিয়েল মিডিয়াত পোষ্ট কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে ২০ আগষ্টত ৰাজ্যিক বিজেপিয়ে ৰাজ্যসভাৰ ২খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল। এই আসন দুখনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ হাতত সুযোগ আছিল যদিও দল দুটাৰ মাজত সৃষ্টি হোৱা মতানৈক্যৰ বাবে এয়া সম্ভৱ হৈ নুঠিল। এই ক্ষেত্ৰত বিৰোধিয়ে কোনো ধৰণৰ চেষ্টাও নকৰিলে যাৰ বাবে বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ জয় নিশ্চিত হল।

বিজেপিয়ে প্ৰক্ষেপ কৰা দুইগৰাকী প্ৰাৰ্থী দলটোৰ পুৰণি কৰ্মকৰ্তা। নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল ৰামেশ্বৰ তেলী। চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে তেলীক টিকট নিদিলেও এক প্ৰকাৰ নিশ্চিত আছিল যে উজনি অসমৰ খোপনি ধৰি ৰাখিবলৈ বিজেপিয়ে তেওঁকে প্ৰেৰণ কৰিব।

২০০১আৰু ২০০৬ চনত তেলী দুলীয়াজানৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত অমিয়া গগৈৰ হাতত তেলী পৰাস্ত হোৱাৰ পাছত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তেলীয়ে প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পৱন সিং ঘাটোৱাৰত পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়। সেই একেই আসনৰ পৰা দ্বিতীয়বাৰৰ বাবে তেওঁ ২০১৯ চনত লোকসভালৈ নিৰ্বাচনত হয়।

আনহাতে মিছন ৰঞ্জন দাসো বিজেপিৰ এগৰাকী পুৰণি কৰ্মকৰ্তা। ১৯৮২ চনত বিজেপিত যোগদান কৰা দাসে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা এতিয়ালৈকে ৪ বাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। আৰু এতিয়া এইগৰাকী কৰ্মকৰ্তাক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে বিজেপিয়ে। জানিব পৰা মতে ৰাজনীতি ক্ষেত্ৰত ভৰি দিয়াৰ পূৰ্বে দাস এগৰাকী শিক্ষক আছিল।বৰ্তমান তেওঁ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ হিচাৰে কাৰ্যনিৰ্বাহ কৰি আছে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...