চৰাইদেউত বিজেপি নেতাই ল’লে চৰম সিদ্ধান্তঃ তদন্তৰ দাবী জনালে স্থানীয় বিধায়কে | BJP leader took his own life Charaideo Sonari Assam news - Assam Tv9

চৰাইদেউত বিজেপি নেতাই ল’লে চৰম সিদ্ধান্তঃ তদন্তৰ দাবী জনালে স্থানীয় বিধায়কে

Published: 

20 Sep 2024 13:59 PM

চৰাইদেউ জিলাৰ সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাই বাছি লৈছে আত্মহত্যাৰ দৰে চৰম পন্থা। হাজৰিকাৰ বিপক্ষে পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে তেওঁ মানসিকভাৱে ভাগি পৰিছিল আৰু ইয়াৰ পৰিণতিতে তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে।

চৰাইদেউত বিজেপি নেতাই ল’লে চৰম সিদ্ধান্তঃ তদন্তৰ দাবী জনালে স্থানীয় বিধায়কে

নিহত দেৱজিৎ হাজৰিকা

Follow Us On

এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাই জোকাৰিছে চৰাইদেউ জিলা। জিলাখনৰ সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাই বাছি লৈছে আত্মহত্যাৰ দৰে চৰম পন্থা। আজি পুৱা পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছে বিজেপি নেতাগৰাকীৰ মৃতদেহ। জানিব পৰা মতে, হাজৰিকাৰ বিপক্ষে পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে তেওঁ মানসিকভাৱে ভাগি পৰিছিল আৰু ইয়াৰ পৰিণতিতে তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লয়। মৃত বিজেপি নেতাগৰাকীয়ে চুইচাইড নোটত এগৰাকী সাংবাদিকৰ নাম উল্লেখ কৰি যোৱা বুলিও পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি হিচাপে দেৱজিৎ হাজৰিকাই দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। এগৰাকী সাংবাদিকে তেওঁৰ বিৰুদ্ধে বিগত কিছুদিন ধৰি অবিৰতভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিল। কিন্তু উত্থাপিত এই অভিযোগ সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ বুলি দাবী কৰিছে পৰিয়ালে।

নিহত দেৱজিৎ হাজৰিকাৰ পত্নী মৌচুমী হাজৰিকাই সংবাদ মাধ্যমৰ আগত নিজৰ স্বামীক নিৰ্দোষী বুলি দাবী কৰি একাংশ লোকে অভিযোগ কৰাৰ দৰে ধৰণে কেতিয়াও কোনো ধৰণৰ কেলেংকাৰীত জড়িত হোৱা নাছিল বুলি দাবী কৰে। তেওঁৰ স্বামী কোনো ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী কৰি তেওঁ লগতে দেৱজিৎ হাজৰিকা হত্যাৰ বুলি হোৱা বুলি দাবী কৰে।

তেওঁ লগতে জানিবলৈ দিয়া মতে এক মন্দিৰৰ বাবে অহা পুঁজিৰ দুৰ্নীতিৰ অভিযোগত তেওঁৰ স্বামীৰ বিৰুদ্ধে পূৰ্বেও তদন্ত হৈছিল যদিও এই তদন্তৰ পিছত তেওঁলোকৰ হাতত কোনো তথ্য প্ৰদান কৰা নাছিল। নিজকে সম্পূৰ্ণভাৱে সমাজসেৱাত সপি দিয়া দেৱজিৎ হাজৰিকাই এনেধৰণৰ দুৰ্নীতিত কেতিয়াও জড়িত হ’ব নোৱাৰে বুলি দাবী কৰে পত্নী মৌচুমী হাজৰিকাই।

এই সমগ্ৰ বিষয়ত তদন্তৰ নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় মহিলাগৰাকীয়ে। ইফালে স্থানীয় বিধায়ক তথা বিজেপি নেতা ধৰ্মেশ্বৰ কোঁৱৰে এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ দলীয় সতীৰ্থ দেৱজিৎ হাজৰিকাক নিৰ্দোষী বুলি দাবী কৰে। বিধায়কগৰাকীৰ মন্তব্য, দেৱজিৎ হাজৰিকাৰ কাৰ্যকালত ৰজাপুখুৰী পঞ্চায়তে ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ পঞ্চায়ত হিচাপে স্বীকৃতি পালে।

গতিকে তেনে এগৰাকী ব্যক্তি কেতিয়াও এনে দুৰ্নীতিত জড়িত হ’ব নোৱাৰে বুলি বিধায়কগৰাকীয়ে লগতে মন্তব্য কৰে। বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে লগতে এনে যদি দুৰ্নীতি ঘটিছেও, পূৰ্বৰ পঞ্চায়ত সচিবগৰাকীহে এই ক্ষেত্ৰত দায়ী বুলি দাবী কৰে আৰু ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনায়। বিনা কাৰণত মানসিকভাৱে হাৰাশাস্তি কৰাৰ বাবেই তেওঁ এনে পন্থা গ্ৰহণ কৰা বুলি দুখ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

ইফালে আত্মহত্যাৰ পূৰ্বে দেৱজিৎ হাজৰিকাই নিজৰ লিখি যোৱা চুইচাইড নোটত এজন সাংবাদিক তেওঁৰ এই চৰম সিদ্ধান্তৰ আঁৰত থকাৰ কথা উল্লেখ কৰি যোৱা বুলি জানিব পৰা গৈছে। নোটখনত হাজৰিকাই সাংবাদিকগৰাকীয়ে তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। সূত্ৰ অনুসৰি, চুইচাইড নোটখনত সাংবাদিকজনৰ লগতে চাৰিজন ব্যক্তিৰ নামো উল্লেখ কৰা হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version