5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিয় বিজেপিৰ সদস্য পদ হেৰুৱালে হিমন্ত বিশ্ব শৰ্মাই?

২০১৯ চনত ৰাষ্ট্ৰব্যাপি বিজেপিৰ সদস্যৰ সংখ্যা ১৮ কোটি হোৱাৰ বিপৰীতে ২০২৪ চনত ইয়াৰ সংখ্যা হৈছিল গৈ প্ৰায় ২১ কোটি। ইয়াৰে ৪৮ লাখ বিজেপিৰ সদস্য  অসমৰ। কিন্তু এতিয়া সেই আটাইকেইজনে হেৰুৱালে বিজেপিৰ সদস্য পদ।

কিয় বিজেপিৰ সদস্য পদ হেৰুৱালে হিমন্ত বিশ্ব শৰ্মাই?
হিমন্ত বিশ্ব শৰ্মা
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 02 Sep 2024 09:24 AM

কাইলৈ অৰ্থাৎ ২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিজেপিৰ সদস্য ভৰ্তি অভিযান। ইয়াৰ পূৰ্বে ৩১ আগষ্টৰ নিশা বিজেপিৰ সক্ৰিয় বা প্ৰাথমিক সদস্য সকলোৰে সদস্যতাৰ ম্যাদ উকলি গৈছে। এক কথাত ক’বলৈ হ’লে বৰ্তমান বিজেপিত সদস্যৰ সংখ্য শূণ্য। বিজেপিয়ে দাবী কৰা অনুসৰি ২০১৪ চনৰ পৰা ক্ৰমাৎ তেওঁলোকৰ সদস্যৰ সংখ্যা  বৃদ্ধি হৈ আছে। ২০১৯ চনত ৰাষ্ট্ৰব্যাপি বিজেপিৰ সদস্যৰ সংখ্যা ১৮ কোটি হোৱাৰ বিপৰীতে ২০২৪ চনত ইয়াৰ সংখ্যা হৈছিল গৈ প্ৰায় ২১ কোটি। ইয়াৰে ৪৮ লাখ বিজেপিৰ সদস্য  অসমৰ। কিন্তু এতিয়া সেই আটাইকেইজনে হেৰুৱালে বিজেপিৰ সদস্য পদ।

কেৱল সাধাৰণ সদস্যই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো নেতা, মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে হেৰুৱাইছে সদস্যপদ। যাৰ বাবে অহা ২ ছেপ্টেম্বৰত বিজেপিয়ে আৰম্ভ কৰিব সদস্য ভৰ্তি অভিযান। কাইলৈ দিল্লী দিন দয়াল উপাধ্যায় মাৰ্গৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰি এই অভিযানৰ শুভাৰম্ভণী কৰিব। প্ৰধানমন্ত্ৰীগৰাকীক বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই সদস্য পদ প্ৰধান কৰিব। তাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথকে ধৰি বিভিন্নজনে ৩ ছেপ্টেম্বৰত সদস্য পদ গ্ৰহণ কৰিব।

২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিল হিমন্ত বিশ্ব শৰ্মা। যাৰ বাবে নতুন অভিযানৰ অধীনত অসমত প্ৰথমজন বিজেপিৰ সদস্য হ’ব মুখ্যমন্ত্ৰী। বিজেপিৰ তথ্য অনুসৰি অসমত বৰ্তমান বিজেপিৰ ৪৮ লাখ সদস্য আছে। কিন্তু নতুন অভিযানৰ অধীনত বিজেপিয়ে পুনৰ ভৰ্তি কৰাব লাগিব প্ৰায় ৬০ লাখ সদস্য।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সদস্য পদ গ্ৰহণ কৰাৰ পদ্ধতিৰ বিষয়ে জনাইছে। জাৰি কৰা তথ্য অনুসৰি কোনোৱে যদি বিজেপিৰ সদস্য পদ ল’ব বিচাৰে তেন্তে ৮৮০০০০২০২৪ নম্বৰলৈ মিছকল দিব পাৰিব। তাৰ পাছতে  মোবাইলত মেছেজ আহিব য’ত এটা লিংক থাকিব। সেই লিংকটোত ক্লিক কৰিলে সদস্যতা ভৰ্তিৰ ফৰ্মখন দেখা পাব। ফৰ্মখনত উল্লেখ থকা অনুসৰি নিজৰ তথ্য দাখিল কৰি সেয়া চাবমিট কৰিব পাৰে। তাৰ পাছতেই আপুনি বিজেপিৰ সদস্যৰ কাৰ্ড লাভ কৰিব। ইয়াৰোপৰি কাৰোবাৰ স্মাৰ্টফোন নাথাকিলে, তেওঁলোকে কি পেড ফোৰ পৰা মিছকল দিলেও সদস্য পদ লাভ কৰিব। যিসকল নেটৱাৰ্ক থকা ঠাইৰ বাহিৰত থাকে তেওঁলোকে বিজেপিৰ কাৰ্যালায়ত গৈ ফৰ্মখন সংগ্ৰহ কৰি সদস্য হ’ব পাৰিব। নমো এপৰ জৰিয়তেও সকলোৱে সদস্য পদ ল’ব লাগিব।

উল্লেখ্য যে, বিজেপিয়ে দলটোত নতুন গতি দিয়াৰ বাবে সদস্য ভৰ্তি অভিযান ২০২৪ আৰম্ভ কৰিছে।  দেশৰ সৰ্ববৃহৎ দলটোৱে নিজৰ শক্তি দুগুণ কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছে। এই  সদস্যতা ভৰ্তি অভিযানত বিজেপিয়ে বিশেষকৈ যুৱসকলক গুৰুত্ব দিব। সেইবাবে নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই অভিযানৰ শুভ আৰম্ভণী কৰাৰ বাবে আগবাঢ়িছে বিজেপি।  গতিকে বিজেপিয়ে নতুন ৰণনীতিত কিমান আগুৱাই যাব পাৰে সেয়া সময়ে ক’ব।

 

Latest News