উত্তৰ-পূবত হ্ৰাস পাইছে হিংসা ! স্বাক্ষৰিত শান্তি চুক্তিসমূহৰ সন্দৰ্ভত সংসদত কি ক’লে দিলীপ শইকীয়াই ?

মঙলবাৰে লোকসভাত সাংসদগৰাকীয়ে কয় যে, বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে ১২ খনতকৈও অধিক শান্তি চুক্তি স্বাক্ষৰ কৰিছে। লগতে তেওঁ দাবী কৰে যে, এই চুক্তিসমূহ স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা অঞ্চলটোত সন্ত্ৰাসবাদ সম্পৰ্কীয় কাৰ্যকলাপ হ্ৰাস পাইছে । লগতে কেন্দ্ৰক কি আহ্বান জনালে দিলীপ শইকীয়াই ?

উত্তৰ-পূবত হ্ৰাস পাইছে হিংসা ! স্বাক্ষৰিত শান্তি চুক্তিসমূহৰ সন্দৰ্ভত সংসদত কি কলে দিলীপ শইকীয়াই ?

সাংসদ দিলীপ শইকীয়া

Updated On: 

11 Feb 2025 19:41 PM

উত্তৰ-পূবৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে স্বাক্ষৰিত শান্তি চুক্তি কাৰ্যকৰী কৰিবৰ বাবে কেন্দ্ৰক আহ্বান জনাইছে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই । মঙলবাৰে লোকসভাত এই বিষয়টো উত্থাপন কৰি সাংসদগৰাকীয়ে কয় যে, বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে ১২ খনতকৈও অধিক শান্তি চুক্তি স্বাক্ষৰ কৰিছে। লগতে তেওঁ দাবী কৰে যে, এই চুক্তিসমূহ স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা অঞ্চলটোত সন্ত্ৰাসবাদ সম্পৰ্কীয় কাৰ্যকলাপ হ্ৰাস পাইছে ।

সাংসদ দিলীপ শইকীয়া আজি সংসদত কয়, “শান্তি চুক্তিসমূহ ১০০ শতাংশ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো।” ইয়াৰ লগতে তেওঁ কয়,” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি ঘূৰাই অনাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। শান্তি চুক্তি যেনে- এন এল এফ টি চুক্তি (২০১৯), বি আৰ ইউ (২০২০), বড়ো চুক্তি (২০২০), কাৰ্বি চুক্তি (২০২১), আদিবাসী শান্তি চুক্তি (২০২২) আৰু আলফা (আলোচনাপন্থী), এন এছ চি এন (আই এম), এন এছ চি এন (এন কে) আৰু এন এছ চি এন (আৰ)ৰ সৈতে যুদ্ধবিৰতি চুক্তিয়ে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।”

ইফালে অঞ্চলটোত হিংসাত্মক কাৰ্যকলাপ ৭৬ শতাংশ হ্ৰাস হোৱা বুলি দাবী কৰি তেওঁ কয় যে, “যোৱা সময়ছোৱাত অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ মৃত্যু ৯০ শতাংশ আৰু অসামৰিক লোকৰ মৃত্যু ৯৭ শতাংশ হ্ৰাস পাইছে। ইয়াৰ দ্বাৰা প্রমাণিত হৈছে যে, এসময়ত অশান্ত উত্তৰ-পূর্বাঞ্চল এতিয়া শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে ৷” গতিকে এই ঐতিহাসিক চুক্তিসমূহৰ সম্পূৰ্ণ ৰূপায়ণ নিশ্চিত কৰিবলৈ কেন্দ্ৰক আহ্বান জনাই দিলীপ শইকীয়াই।

ইফালে যোৱা সোমবাৰৰ দিনটোত সংসদত ব্ৰহ্মপুত্ৰৰ ওপৰত সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ বিষয়কলৈ চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ কেন্দ্ৰক আহ্বান জনাইছিল বিজেপিৰ সাংসদগৰাকীয়ে । লগতে তেওঁ য়াৰলুং ছাংপো নদীত বৃহৎ বন্ধ নিৰ্মাণে অৰুণাচল প্ৰদেশৰ লগতে অসমলৈ বিপদ কঢ়িয়াই আনিব বুলিও আশংকা প্ৰকাশ কৰে ।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?