অসমত আছে মিনি বাংলাদেশ! ৰাজ্যসভাত বিজেপি সাংসদৰ চাঞ্চল্যকৰ মন্তব্য

সংসদৰ মজিয়াতে ধুবুৰী জিলাক মিনি বাংলাদেশ আখ্যা দি এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে। ভুৱা ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে বিজেপি সাংসদজনে। যোৱা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বৃ্হৎ জয়ৰ প্ৰসংগ উল্লেখ কৰে সুধাংশু ত্ৰিবেদীয়ে এই মন্তব্য কৰে।

অসমত আছে মিনি বাংলাদেশ! ৰাজ্যসভাত বিজেপি সাংসদৰ চাঞ্চল্যকৰ মন্তব্য

বিজেপি সাংসদৰ মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্ক

Published: 

21 Mar 2025 00:13 AM

অসম কেন্দ্ৰিক এক চাঞ্চল্যকৰ মন্তব্যৰে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে এগৰাকী বিজেপি সাংসদে। সংসদৰ মজিয়াতে ধুবুৰী জিলাক মিনি বাংলাদেশ আখ্যা দি এই বিতৰ্কৰ সূত্ৰপাত ঘটাইছে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে। ভুৱা ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে বিজেপি সাংসদজনে। যোৱা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ বৃ্হৎ জয়ৰ প্ৰসংগ উল্লেখ কৰে সুধাংশু ত্ৰিবেদীয়ে এই মন্তব্য কৰে।

নিজ ভাষণত তেওঁ বিৰোধীৰ ভুৱা ভোটাৰৰ অভিযোগক প্ৰত্যাক্ৰমণ কৰি ভুৱা ভোটাৰৰ পূৰ্বে ভুৱা নাগৰিকৰ বিষয়টো স্পষ্ট কৰিব লাগিব বুলি উল্লেখ কৰে আৰু এই প্ৰসঙ্গৰে বিৰোধীয়ে কিয় এন আৰ চিত সন্মতি নিদিয়ে বুলি প্ৰশ্ন কৰে। তাৰ পিছতে তেওঁ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ১০ লাখৰো অধিক ভোটত ধুবুৰীৰ পৰা জয়লাভ কৰাৰ বিষয়ে আঙুলিয়াই দি ধুবুৰীক মিনি বাংলাদেশ বুলি উল্লেখ কৰে।

সুধাংশু ত্ৰিবেদীৰ মতে এন আৰ চি সম্পন্ন হ’লেই ভুৱা ভোটাৰৰ প্ৰসঙ্গ স্পষ্ট হৈ পৰিব যদিও বিৰোধীয়ে এন আৰ চি নিবিচাৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ জয়ৰ উদাহৰণ দিয়ে আৰু সংসদত থকা অসমৰ সহকৰ্মীসকলে অৰ্থাৎ সাংসদসকলে ধুবুৰীক ‘মিনি বাংলাদেশ’ বুলি কোৱাৰ কথা উল্লেখ কৰে। অৰ্থাৎ অসমৰ সাংসদৰ বক্তব্যৰ আধাৰত তেওঁ ধুবুৰীক মিনি বাংলাদেশ বুলি অভিহিত কৰে।

বিজেপি সাংসদগৰাকীৰ এই মন্তব্যক কেন্দ্ৰ কৰি দেশত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে এনে বক্তব্য ‘ভাৰতৰ নিৰাপত্তাৰ বাবে বিপজ্জনক’ বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰিছে। নিজা এক্স হেণ্ডেলত তেওঁ গোপীনাথ বৰদলৈয়ে ধুবুৰীৰ জনসাধাৰণক ভাৰতৰ লগত থাকিবলৈ আৰু পাকিস্তানৰ লগত নাযাবলৈ কেনেকৈ বুজাই দিছিল সেয়া তেওঁ জানেনে বুলি ত্ৰিবেদীক সমালোচনা কৰে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক্স যোগে অঞ্চলটোৰ ঐতিহাসিক পৰিচয় দাঙি ধৰে। সঞ্জয় হেগড়েৰ টুইট ৰিপোষ্ট কৰি তেওঁ লিখিছে, “ধুবুৰী পূৰ্বৰ গোৱালপাৰা জিলাৰ অংশ আছিল। সমগ্ৰ গোৱালপাৰা জিলাখনত বড়ো আৰু কোচ-ৰাজবংশী জনজাতি আদি খিলঞ্জীয়া জনগোষ্ঠীৰ লোকে প্ৰধানকৈ বসবাস কৰি আহিছে। এই গোটসমূহৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক গভীৰভাৱে শিপাই আছে।“

‘এই থলুৱা জনসাধাৰণে কেতিয়াবা পাকিস্তানত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল বা এনে উদ্দেশ্যৰ বাবে গণভোট বিচাৰিছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়’ বুলি উল্লেখ কৰি তেওঁ লগতে প্ৰব্ৰজনৰ বাবে জনগাঁথনিগত পৰিৱৰ্তনৰ প্ৰতি উদ্বেগ বাস্তৱিক আৰু স্বাভাৱিক বুলিও টুইটটোৰ জৰিয়তে মত প্ৰকাশ কৰে।

IPL 2025ত কোনখন দেশৰ কিমানজন খেলুৱৈ আছে?
গুৱাহাটীত নিশা ২ বজালৈ খোলা থাকিব WINE SHOP, কেবিনেটত ডাঙৰ সিদ্ধান্ত
শৰীৰত কি কি সমস্যা থাকিলে অধিক পৰিমাণে আদা খাব নালাগে? জানক এই স্বাস্থ্য বাৰ্তা
ভাৰতৰ ১০০ টকাৰ মূল্য পাকিস্তানত কিমান? শুনি হ'ব আচৰিত...