আজিৰে পৰা দিল্লীত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ বৈঠক, কি কি আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকত ?
সূত্ৰৰ খবৰ অনুসৰি, এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলে তেওঁলোকৰ সাফল্যৰ খতিয়ান দাঙি ধৰিব লাগিব । এটা ফৰ্মেট দিয়া হৈছে আৰু সেই অনুসৰি তেওঁলোকে নিজ নিজ সাফল্যসমূহ প্ৰধানমন্ত্ৰী মোদীৰ আগত দাঙি ধৰিব । এই বৈঠকত ৰাজ্য চৰকাৰৰ শ্ৰেষ্ঠ কাম আৰু যিবোৰ আঁচনি ৰূপায়ণ কৰিব পৰা নাই সেইবোৰৰ ওপৰতো আলোকপাত কৰা হ’ব বুলি জানিব পৰা গৈছে ।
আজি অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে দিল্লীত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ বৈঠক অনুষ্ঠিত হ’ব । নীতি আয়োগৰ বৈকঠৰ অন্তত আজি বিয়লি ৪ বজাৰ পৰা মুখ্যমন্ত্ৰী সকলৰ এই বৈঠক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । এই বৈঠক অনুষ্ঠিত হ’ব দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত । বিজেপিৰ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ এই বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
সূত্ৰ খবৰ অনুসৰি, এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলে তেওঁলোকৰ সাফল্যৰ খতিয়ান দাঙি ধৰিব লাগিব । এটা ফৰ্মেট দিয়া হৈছে আৰু সেই অনুসৰি তেওঁলোকে নিজ নিজ সাফল্যসমূহ প্ৰধানমন্ত্ৰী মোদীৰ আগত দাঙি ধৰিব । এই বৈঠকত ৰাজ্য চৰকাৰৰ শ্ৰেষ্ঠ কাম আৰু যিবোৰ আঁচনি ৰূপায়ণ কৰিব পৰা নাই সেইবোৰৰ ওপৰতো আলোকপাত কৰা হ’ব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ ‘৫ মিনিটত মাইক বন্ধ হৈ গ’ল !’ ক্ষুব্ধ হৈ নীতি আয়োগৰ সভা বৰ্জন কৰিলে বংগৰ মমতাই
ইফালে এই বৈকত মুখ্যমন্ত্ৰী সকলৰ উপৰিও বিজেপি শাসিত ৰাজ্যসমূহৰ সংগঠনৰ নেতাসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে। সূত্ৰৰ খবৰ অনুসৰি, বিজেপি শাসিত ৰাজ্যত যদি কোনো বিশেষ আঁচনিয়ে উন্নত ফলাফল লাভ কৰিছে আৰু সেই আঁচনি জনসাধাৰণে মানি লৈছে । তেন্তে এই বৈঠকত এনে আঁচনি আৰু অধিক প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ব পাৰে । ইয়াৰ বিপৰীতে কোনো বিভাগ বা আঁচনি বা নীতিয়ে যদি বিজেপি শাসিত ৰাজ্য চৰকাৰত ভাল প্ৰদৰ্শন কৰা নাই, তেন্তে ইয়াৰ ওপৰত পৰামৰ্শ গ্ৰহণৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, আজি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় নীতি আয়োগৰ বৈঠক। এই বৈঠকত ৰাজ্যসমূহৰ উন্নয়নৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰা হ’ব। এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ আহিছে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। সেই মুখ্যমন্ত্রীসকলৰ সৈতে বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হ’ব বৈঠক ৷
লগতে পঢ়কঃ আজি দিল্লীত নিটি আয়োগৰ বৈঠকঃ বৰ্জন INDIAৰ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া