ইস্তাহাৰ প্ৰস্তুতৰ বাবে বিচাৰিছে পৰামৰ্শ ! পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তৃণমূলত আকৰ্ষণ বৃদ্ধিৰ নতুন কৌশল বিজেপিৰ
২০২৫ চনৰ ২ আৰু ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰৰ খচৰা প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । বিজেপিৰ সূত্ৰই উল্লেখ কৰিছে যে, এই পদক্ষেপৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ প্ৰয়োজন আৰু আকাংক্ষাক প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে।

সমাগত পঞ্চায়ত নিৰ্বাচনকলৈ জনতা কাষ চাপিবলৈ বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰিছে ৰাজ্য়িক বিজেপিয়ে । ২০২৫ চনৰ ২ আৰু ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰৰ খচৰা প্ৰস্তুত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । বিজেপিৰ সূত্ৰই উল্লেখ কৰিছে যে, এই পদক্ষেপৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ প্ৰয়োজন আৰু আকাংক্ষাক প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে।
উল্লেখ্য যে, অলপতে ৰাজ্যিক বিজেপিৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত দলৰ সভাপতি দিলীপ শইকীয়া নেতৃত্বত ইস্তাহাৰ সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ইস্তাহাৰত কি কি কথা দলে গুৰুত্ব দিব সেইলৈ বিশদভাৱে আলোচনা কৰে দলটোৰ নেতৃত্বয় । এই বৈঠকত উপস্থিত আছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীৰ লগতে দলৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা আৰু দলৰ বিষয়াসকল।
কেনেধৰণে তৃণমূল পৰ্যায়ত দলটোৰ আকৰ্ষণ বৃদ্ধি কৰিব পাৰি সেই লৈয়ো বৈঠকত আলোচনা হয় । বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল গ্ৰাম্য উন্নয়নৰ মূল অগ্ৰাধিকাৰ চিনাক্তকৰণত। ইফালে, ইস্তাহাৰ প্ৰস্তুত প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰতো গুৰুত্ব দিছে দলটোৱে । দলটোৰ ফালৰ পৰা কোৱা হৈছে যে, ই গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হ’ব।
এই পদক্ষেপৰ অংশ হিচাপে দলৰ পঞ্চায়ত নিৰ্বাচনী ইস্তাহাৰত কি চাব বিচাৰে সেই সম্পৰ্কে জনসাধাৰণৰ প্ৰত্যক্ষ পৰামৰ্শ গ্ৰহণ কৰিব ৰাজ্যিক বিজেপিয়ে । তদুপৰি নিৰ্বাচনী ইস্তাহাৰৰ সন্দৰ্ভত জনসাধাৰণৰ মতামত আৰু ধাৰণা গ্ৰহণ কৰাৰ চেষ্টা কৰিছে ৰাজ্যিক বিজেপিয়ে । এই ক্ষেত্ৰত ৰাইজৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ বাবে দলটোৰ ফালৰ এটা ইমেইল, হোৱাটছএপ নম্বৰ, ডাক ঠিকনা প্ৰকাশ কৰাৰ লগতে জনসাধাৰণৰ মতামত দাখিল কৰাৰ অন্তিম তাৰিখ ধাৰ্য কৰি দিছে দলটোৱে ।
- বিজেপিয়ে প্ৰকাশ কৰা ইমেইলটো হৈছে- panchayatsankalpapatra@gmail.com
- হোৱাটছএপ নম্বৰ হৈছে- +91-91016-64593
- ডাক ঠিকনা হৈছে- বিজেপি অসম ৰাজ্যিক মুখ্য কাৰ্যালয়, অটল বিহাৰী বাজপেয়ী ভৱন, বশিষ্ঠ, গুৱাহাটী – ৭৮১০২৯
- জমা দিয়াৰ অন্তিম তাৰিখ- ১০ এপ্ৰিল, ২০২৫
এই সন্দৰ্ভত এক বিবৃতিত সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰিছে যে, এই পদক্ষেপে গ্ৰাম্য কণ্ঠক সৱল কৰিব আৰু পঞ্চায়তীৰাজ ব্যৱস্থাত জনসাধৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিব । তদুপৰি সৰ্বাংগীন আৰু প্ৰতিক্ৰিয়াশীল শাসন ব্যৱস্থা গঢ়ি তোলাৰ বিজেপিৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।