শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিনা প্রতিদ্বন্দ্বিতাৰে বিজেপিৰ দখললৈ ২০০ খন পঞ্চায়ত ! কংগ্ৰেছে দিছে নেকি ‘ৱাকঅভাৰ’ ? কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?

প্ৰতিটো দলে পঞ্চায়ত দখলৰ জৰিয়তে তৃণমূল পৰ্যায়ত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে, বিজেপিয়ে ইতিমধ্যে কমেও ২০০খন আঞ্চলিক পঞ্চায়তৰ আসন বিনা প্রতিদ্বন্দ্বিতাত দখল কৰিছে ৷

বিনা প্রতিদ্বন্দ্বিতাৰে বিজেপিৰ দখললৈ ২০০ খন পঞ্চায়ত ! কংগ্ৰেছে দিছে নেকি ‘ৱাকঅভাৰ’ ? কি ক’লে মুখ্য়মন্ত্ৰীয়ে ?
হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 15 Apr 2025 18:09 PM

ৰঙালীৰ সমান্তৰালকৈ ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ । ইতিমধ্য়ে প্ৰতিটো দলে পঞ্চায়ত দখলৰ জৰিয়তে তৃণমূল পৰ্যায়ত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে, বিজেপিয়ে ইতিমধ্যে কমেও ২০০খন আঞ্চলিক পঞ্চায়তৰ আসন বিনা প্রতিদ্বন্দ্বিতাত দখল কৰিছে ৷ কংগ্ৰেছক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ইতিমধ্যে বিজেপিক ৱাকঅভাৰ দিছে !

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ১৭ৰ পৰা ১৮খন জিলা পৰিষদৰ আসনও কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ বিজেপিয়ে দখল কৰিবলৈ গৈ আছে । তেওঁ উল্লেখ কৰিছে যে, পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই শাসকীয় দলটোৱে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে ।

বিৰোধী দলক কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,“ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছে বিজেপিক এক প্ৰকাৰে ৱাকঅভাৰ দিছে । কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেলটো আমিয়ে জয়ী হ’ম।” মনকৰিবলগীয়া যে, মুখ্য়মন্ত্ৰীগৰাকী এই মন্তব্য়ই এই কথা স্পষ্ট কৰিছে যে, বিজেপিয়ে তৃণমূল পৰ্যায়ত সুদৃঢ় কৰি ৰাখিছে নিজৰ সাংগঠনিক ভেঁটি।

উল্লেখ্য় যে, এনডিএ মিত্ৰজোঁটৰ কেইবাগৰাকী নেতাই বিৰোধীক কটাক্ষ কৰি পৰ্যায়ত নিৰ্বাচনত বিজেপি জয় নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰা দেখা গৈছে । আজি আকৌ মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছে এক প্ৰকাৰে বিজেপি জয়ী হোৱাটোৱে বিচাৰিছে । কংগ্ৰেছে এক প্ৰকাৰে ৱাকঅভাৰ দিছে আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত অভিলেখ আসনত বিজেপি জয়ী হ’ব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।