গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটী মহানগৰীত বিস্ফোৰণ! বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ
গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী মহানগৰীত শুনা গৈছে বিস্ফোৰণৰ শব্দ । মহানগৰীৰ দুটা স্থানত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। ISBTৰ সমীপত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিস্ফোৰণৰ উৎসৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান।
আজি দেশে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। ৰাজধানী দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত হৈছে দেশৰ শৌৰ্য-বীৰ্য, ঐতিহ্য। উপস্থিত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষামন্ত্ৰী। মহানগৰীৰ খানাপাৰাত পতাকা উৰুৱালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰুৱালে পতাকা। ইফালে ৰাজ্যবাসীয়ে যাতে শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱস উদযাপন কৰিব পাৰে তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । কেইবাদিন পূৰ্বৰে পৰা সষ্টম হৈ থকা দেখা গৈছে আৰক্ষী-প্ৰশাসনক। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
ইয়াৰ মাজতে গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী মহানগৰীত শুনা গৈছে বিস্ফোৰণৰ শব্দ । মহানগৰীৰ দুটা স্থানত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। ISBTৰ সমীপত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পুৱাৰ ভাগতে বেহাৰবাৰীত সংঘটিত হয় ৰহস্যজনক বিস্ফোৰণ। বিস্ফোৰণৰ পাছতে আতংকিত হৈ পৰিছে অঞ্চলবাসী৷ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। উদ্ধাৰ কৰা হৈছে এটা পৰিত্যক্ত বেগ।আৰক্ষীয়ে পৰীক্ষা কৰিছে CCTV। অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ। এই পৰ্যন্ত বিস্ফোৰণৰ উৎসৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান। বোমা বিশেষজ্ঞৰ পৰীক্ষণৰ পাছত পোহৰলৈ আহিব প্ৰকৃত তথ্য।
ইফালে বেতকুছিত বোমাতংকই বিৰাজ কৰিছে চাঞ্চল্য ৷ বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ পাচলি বজাৰত বিস্ফোৰণৰ শব্দ। সন্দেহজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত অধিক নিৰাপত্তাৰক্ষী মোতায়েন। বন্ধ কৰি দিয়া হৈছে জালুকবাৰী-খানাপাৰা ৰাষ্ট্ৰীয় ঘাইপথ৷ মেটেল ডিটেক্টৰেৰে ঘটনাস্থলী পৰীক্ষা চলাইছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই। বোমা স্কোৱাডে চলাইছে অভিযান। ফুটপাথত থকা এখন ঘুমটি দোকানত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ।
ৰাজ্যবাসীয়ে হয়তো এতিয়াও পাহৰিব পৰা নাই বিগত বৰ্ষৰ ১৫ আগষ্টৰ বোমাতংকৰ কথা। ২০২৪ৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ টা স্থানত বোমা স্থাপন কৰা বুলি আলফা (স্বাধীনে) দাবী কৰিছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে এই বোমাসমূহ নুফুটা বুলি উল্লেখ কৰি আলফা (স্বা)- এ লগতে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোমাসমূহ উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ দাবী জনাইছিল। গুৱাহাটীৰ ৮ ঠাইত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে দাবী কৰাৰ পাছতে তৎপৰ হৈ পৰিছিল আৰক্ষী। বিভিন্ন স্থানত চলিছিল আৰক্ষীৰ অভিযান।
ইফালে শনিবাৰৰ দিনটোত ঢেকীয়াজুলিৰ বাতাচিপুৰৰ খাবৰাত উদ্ধাৰ কৰা হৈছিল হেণ্ড গ্ৰেনেড। ঢেকীয়াজুলিত জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টাকৈ হেণ্ড গ্ৰেনেড উদ্ধাৰ। এখন ৰবৰৰ বাগানত উদ্ধাৰ হৈছে গ্ৰেনেডকেইটা। আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৫টাকৈ হেণ্ড গ্ৰেনেড। লগতে উদ্ধাৰ কৰা হৈছে তিনিডাল ডিট’নেটৰ।