ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ লুইতৰ বুকুত ডুবিল শতাধিক যাত্ৰী কঢ়িয়াই নিয়া নাও, তাৰ পিছত….

এক ভয়াৱহ নাও দুৰ্ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰে ধুবুৰীত। জিলাখনৰ চালবান্দা চৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাৰ সন্মুখীন হয় এখন যাত্ৰীবাহী নাও। দুৰ্ঘটনাগ্ৰস্ত নাওখনত শতাধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। যাত্ৰীসহ নাওখন লুইতৰ বুকুত ডুব যোৱাৰ উপক্ৰম হোৱাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ লুইতৰ বুকুত ডুবিল শতাধিক যাত্ৰী কঢ়িয়াই নিয়া নাও, তাৰ পিছত....

ধুবুৰীত নাও দুৰ্ঘটনা

Published: 

20 Mar 2025 20:29 PM

এক ভয়াৱহ নাও দুৰ্ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰে ধুবুৰীত। জিলাখনৰ চালবান্দা চৰৰ সমীপত ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাৰ সন্মুখীন হয় এখন যাত্ৰীবাহী নাও। দুৰ্ঘটনাগ্ৰস্ত নাওখনত শতাধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। যাত্ৰীসহ নাওখন লুইতৰ বুকুত ডুব যোৱাৰ উপক্ৰম হোৱাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। দুৰ্ঘটনাৰ ফলত মৃত্যুৰ আশংকাত নাওখনত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত কোনোমতে প্ৰাণৰক্ষা পৰে সকলো যাত্ৰীৰ।

প্ৰকাশিত খবৰ অনুসৰি, আজি বিয়লি ইঞ্জিন চালিত যাত্ৰীবাহী নাওখন ধুবুৰীৰ পাৰ ঘাটৰ পৰা অভিমুখে যাত্ৰা কৰিছিল। কিন্তু চালবান্দা চৰ পাৰ ঘাট পোৱাৰ পূৰ্বে নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যাবলৈ ধৰে। ইয়াৰ লগে লগে নাওখনত থকা যাত্ৰীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। এক সম্ভাৱ্য ভয়ংকৰ দুৰ্ঘটনাৰ উমান বুজি নাওখনৰ চালকজনে তাৎক্ষণিকভাৱে নাওখন আন এক চৰৰ কাষলৈ চপাই দিয়ে।

আনহাতে স্থানীয় একাংশ লোকে এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰি সহায়ৰ বাবে আগবাঢ়ি আহে আৰু নাওখন টানি পাৰলৈ নিয়াৰ চেষ্টা কৰে। চালক আৰু স্থানীয় লোকসকলৰ তৎপৰতাত এইদৰে প্ৰাণৰক্ষা পৰে নাওখনত থকা যাত্ৰীসকল। নাওখন পাৰৰ কাষ চপাৰ লগে লগে যাত্ৰীসকল নাৱৰ পৰা নামি আহিবলৈ সক্ষম হয়।

নাওখনত অতিৰিক্ত যাত্ৰী তথা সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা গৈছে। যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিলেও অৱশ্যে জাহাজখন উদ্ধাৰ কৰিব পৰা নগ’ল। এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ’ল, আৰু সুৰক্ষাৰ ব্যৱস্থাৰ প্ৰতি আওকাণ কৰা হৈছিল নেকি সেই বিষয়ে তদন্ত অব্যাহত আছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?