টিপকাই নদীৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট শিশুটিৰ মৃতদেহ উদ্ধাৰ... | boat collision Dhubri Tipkai river Missing child body recovered Assam news - Assam Tv9

Boat Collision : ধুবুৰীৰ টিপকাই নদীৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট শিশুটিৰ মৃতদেহ উদ্ধাৰ…

পানীত ওপঙি থকাৰ অৱস্থাত শিশুটিৰ মৃতদেহ প্ৰত্য়ক্ষ কৰে স্থানীয় লোকে । ইয়াৰ পাছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে মৃতদেহ প্ৰত্যক্ষ কৰা লোকসকলে । স্থানীয় সূত্ৰ সদৰী কৰা মতে, আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

Boat Collision : ধুবুৰীৰ টিপকাই নদীৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট শিশুটিৰ মৃতদেহ উদ্ধাৰ...

ধুবুৰীত নাও দুৰ্ঘটনা

Updated On: 

27 Oct 2024 18:22 PM

টিপকাই নদীত নাও দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা তিনি বছৰীয়া শিশুৰ মৃতদেহ দেওবাৰে পুৱা উদ্ধাৰ কৰা হয়। উল্লেখ্য যে,যোৱা নিশা ধুবুৰীত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় । সূত্ৰৰ খবৰ অনুসৰি, এই দুৰ্ঘটনাত ১০ জন লোক আহত হোৱাৰ লগতে এটি তিনি বছৰীয়া শিশু নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল । সূত্ৰৰ খবৰ অনুসৰি, ধুবুৰীৰ কাউনীবাৰী সমীপৰৱৰ্তী টিপকাই নদীত সংঘটিত হয় এই নাও দুৰ্ঘটনা । জানিব পৰা মতে, এখন বিবাহ যাত্ৰী কঢ়িয়াই নিয়া নাও আৰু আন দুখন নাৱৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলতে এই নাও দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে গুৰুতৰভাৱে আহত লোকসকলক ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় । ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আটানী আৰক্ষী আৰু উদ্ধাৰকাৰী দল । যোৱা নিশা এছ ডি আৰ এফৰ দলে শিশুটিৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছিল যদিও কোনো সন্ধান নাপালে । ইফালে আন্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়া হয় ।

আজি পুৱা পুনৰ নিৰুদ্দিষ্ট শিশুটিৰ সন্ধানত উদ্ধাৰকীৰ দলে উদ্ধাৰ অভিযান চলায় । দেওবাৰে পুৱা বহু সময়লৈকে শিশুটিৰ কোনো সন্ধান লাভ কৰা নাছিল উদ্ধাৰকাৰী দলে । ইফালে, পানীত ওপঙি থকাৰ অৱস্থাত শিশুটিৰ মৃতদেহ প্ৰত্য়ক্ষ কৰে স্থানীয় লোকে । ইয়াৰ পাছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে মৃতদেহ প্ৰত্যক্ষ কৰা লোকসকলে ।

স্থানীয় সূত্ৰ সদৰী কৰা মতে, আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, বিবাহযাত্ৰী কঢ়িওৱা নাওখনে আন দুখন নাৱত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?
শচীন-ৰোহিত নহয়, এইগৰাকী তাৰকাৰ নামত আছে অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অভিলেখ
I phone 16 : নিষিদ্ধ হ'ল আইফোন- ১৬...
দীপাৱলীত এই স্থানত ৰাখক দেৱী লক্ষ্মীৰ পদচিহ্ন, ধনেৰে উপচি পৰিব ঘৰ!