শিশু দিৱসৰ দিনাই ৰাজ্যত শোকাৱহ ঘটনাঃ উদ্ধাৰ দুই শিশুৰ মৃতদেহ
দেশৰ আন প্ৰান্তৰ লগতে অসমতো আজি উলহ-মালহেৰে উদযাপন কৰা হয় শিশু দিৱস। পিছে এই বিশেষ দিনটোতে ৰাজ্যৰ দুই পৃথক স্থানত সংঘটিত হোৱা দুই পৃথক ঘটনাই শিশু দিৱসৰ উৎসাহ কিছু ম্লান কৰি তোলে। শিশু দিৱসৰ দিনটোতে আজি কামপুৰ আৰু মানকাচৰত উদ্ধাৰ হৈছে দুটি শিশুৰ মৃতদেহ।
আজি শিশুসকলৰ দিন। শিশু প্ৰেমৰ বাৰ্তাৰে সমগ্ৰ দেশে আজি উদযাপন কৰিলে শিশু দিৱস। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ১৪ নৱেম্বৰ দিনটো দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে। দেশৰ আন প্ৰান্তৰ লগতে অসমতো আজি উলহ-মালহেৰে উদযাপন কৰা হয় শিশু দিৱস, গ্ৰহণ কৰা হয় বিভিন্ন কাৰ্যসূচী। পিছে এই বিশেষ দিনটোতে ৰাজ্যৰ দুই পৃথক স্থানত সংঘটিত হোৱা দুই পৃথক ঘটনাই শিশু দিৱসৰ উৎসাহ কিছু ম্লান কৰি তোলে।
ইয়াৰে প্ৰথমটো ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত। শিশু দিৱসৰ দিনটোত আজি পুৱাই কামপুৰৰ কেকুঁৰিবাৰীৰ মাজেৰে বৈ যোৱা নিশাৰী নৈত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ। নিহত শিশুটি কেকুঁৰিবাৰীৰ কৃষ্ণ হাজৰিকা নামৰ স্থানীয় এগৰাকী বাসিন্দাৰ ৬ বছৰীয়া কন্যা সন্তান জাগৃতি হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে বিয়লিৰ পৰাই সন্ধানহীন হৈ আছিল ছয় বছৰীয়া শিশুটি। এনে পৰিস্থিতিত নিখোঁজ সন্তানৰ চিন্তাত উদ্বিগ্ন হৈ পৰিছিল সকলো। শিশুটিৰ সন্ধানত কেওফালে বিচাৰ-খোচাৰ কৰে পৰিয়ালৰ লগতে স্থানীয় লোকসকলেও। ইফালে নিশাৰী নৈৰ পাৰত শিশুৰ ভৰিৰ খোজ প্ৰত্যক্ষ কৰি স্থানীয় লোকে উদ্ধাৰকাৰী দলকো খবৰ দিয়ে।
এই খবৰ লাভ কৰাৰ লগে লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ নিশাৰী নৈত শিশুটিৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল। এনে অৱস্থাত উদ্ধাৰ অভিযান বন্ধ কৰিবলৈ বাধ্য হৈছিল দলটো। ইফালে আজি স্থানীয় লোকে নিশাৰী নৈতে শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে উদ্ধাৰ অভিযান চলাই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
এনে হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোক স্বাভাৱিকতেই শোকস্তব্ধ কৰি তুলিছে। নিজ সন্তানক এনে কৰুণভাৱে হেৰুৱাই শোকত ভাগি পৰিছে শিশুটিৰ পৰিয়াল। আনহাতে মানকাচৰত সংঘটিত হৈছে আনটো ঘটনা। কোনো হৃদয়হীন লোকৰ অমানৱীয় কাৰ্যৰ পৰিণতিত মৃত্যুমুখত পৰিছে এটি সদ্যোজাত শিশুৱে। কালো নদীৰ পাৰত আজি পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।
লগে লগে স্থানীয় লোকে মানকাচৰ আৰক্ষীক এই বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে কাৰ্যবাহী দণ্ডাধীশ কৌস্তভ দাসসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটি উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰিছে।
মুখলজ্জাৰ ভয়ত কোনো লোকে সদ্যোজাত শিশুটিক নদীৰ ওপৰত থকা দলঙৰ পৰা তললৈ পেলাই দিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। এনে চূড়ান্ত অমানৱীয় কাৰ্যই সকলোকে ভতভম্ব কৰি তুলিছে। সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱাৰ ভাগত একাংশ লোক দলঙৰ তলত থকা কালো নদীৰ পাৰত মৃতদেহটি প্ৰত্যক্ষ কৰে।