শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bohag Bihu 2025 Wishes: প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে জনালে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ওলগ, কি ক’লে ?

আজিৰ এই বিশেষ দিনটোত অসমবাসীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত নতুন বছৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে কয়, সকলোলৈ আনন্দময় আৰু প্ৰাণৱন্ত ব’হাগ বিহুৰ ওলগ জনাইছোঁ ।

Bohag Bihu 2025 Wishes: প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে জনালে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ওলগ, কি ক’লে ?
ৰঙালী বিহু
manas-borah
Manas Borah | Updated On: 14 Apr 2025 11:36 AM

আজিৰ গৰু বিহু । পুৱা ভাগতে চহা অসমীয়া কৃষক ৰাইজে গৰু বিহু উপলক্ষে পৰম্পৰা ৰক্ষা কৰি মাহ-হালধিৰে ঘৰৰ গৰু কেইটা নোৱাইছে-ধুৱাইছে । ইয়াৰ মাজতে চহা অসমীয়াৰ মাজত দেখা গৈছে ৰঙালীৰ ৰং । ৰঙালীৰ বিহু প্ৰথম দিনটোত অসমবাসীয়ে পালন কৰে গৰু বিহু । চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ দিনটোত পালন কৰা গৰু বিহু । ইয়াৰ পাছৰ দিনটো ১ বহাগ । এই দিনটোত পালন কৰা হয় মানুহৰ বিহু । পহিলা ব’হাগ হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।

আজিৰ এই বিশেষ দিনটোত অসমবাসীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত নতুন বছৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অসমত পালন কৰা ব’হাগ বিহুৰ লগতে তামিলনাডুত পালন কৰা পুথাণ্ডু, কেৰালাত পালন কৰা বিষুৰ ওলগ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । তদুপৰি ওড়িয়া নৱবৰ্ষৰো শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোলৈ আনন্দময় আৰু প্ৰাণৱন্ত ব’হাগ বিহুৰ ওলগ জনাইছোঁ । নৱবৰ্ষই আপোনাৰ প্ৰতিটো কামলৈ আৰম্ভণি, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক । আটাইৰে সুস্বাস্থ্য়ৰ লগতে সকলো আশা-আকাংশা পূৰণৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।”

ইফালে গৃহমন্ত্ৰী অমিত শ্বাহেও সামাজিক মাধ্যমৰ জৰিয়তে অসমবাসীক ওলগ জনাইছে । তেওঁ কয়, “ব’হাগ বিহু উপলক্ষে আমাৰ অসমৰ ভাই-ভনীসকললৈ হিয়াভৰা শুভেচ্ছা জনালোঁ। লুইতপৰীয়া সভ্যতাৰ গুঞ্জন তুলি অসমীয়া নৱবর্ষক আদৰণি জনোৱাৰ এই প্রাণৰ উৎসৱে সকলোৰে বাবে সুখ, সমৃদ্ধি কঢ়িয়াই আনক।”

আজি গৰু বিহুৰ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “জাতীয় জীৱনৰ প্ৰাণস্পন্দন ৰঙালী তথা ব’হাগ বিহুৰ উখল-মাখল পৰিৱেশ সকলো দিশতে গুঞ্জৰিত হৈছে৷ প্ৰকৃতিৰ বুকুত নতুন ৰঙৰ আশা সিঁচি প্ৰতি অসমীয়াৰ মন ৰঙীন কৰা বিহুটিয়ে হৈছে আমাৰ আদৰৰ ৰঙালী বিহু৷ গণ জীৱনৰ সাহ এই বিহুৰ প্ৰকৃতি শুৱনি বতৰত গৰু বিহুৱে আমাৰ জনজীৱনৰে বিশেষ তাৎপৰ্য কঢ়িয়াই আনে। আজিৰ এই গৰু বিহুৰ পৱিত্ৰ দিনটোত আটাইলৈ ভক্তিভৰা সেৱা জনালোঁ৷”

একেদৰে গৰু বিহু ওলগ জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ” অসমৰ চহা জীৱনৰ পৰম্পৰা আৰু চানেকি বহন কৰি অহা গৰু বিহুৰ পৱিত্ৰ দিনটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-আনন্দ আৰু সমন্বয়ৰ বতৰা…”