5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam: অসম জাতীয় পৰিষদত যোগদান কৰিব ‘কাজিৰঙাৰ ৰজা’ই….

AJP: অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ সাজু হৈছে এগৰাকী প্ৰাক্তন বিধায়ক। বোকাখাত সমষ্টিৰ দুবাৰৰ বিধায়ত তথা কাজিৰঙাৰ ৰজা খ্যাত জীতেন গগৈয়ে যোগদান কৰিব জাতীয় পৰিষদত। অৱশ্যে আনুষ্ঠানিক ঘোষণা বাকী আছে।

Assam: অসম জাতীয় পৰিষদত যোগদান কৰিব ‘কাজিৰঙাৰ ৰজা’ই….
লুৰিণজ্যোতি- জীতেন গগৈ
barasha-sarma
Barasha Sarma | Published: 03 Oct 2024 12:27 PM

আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিবলৈ সাজু হৈছে এগৰাকী প্ৰাক্তন বিধায়ক। দুবাৰকৈ নিৰ্দলীয় বিধায়ক হিচাপে জয়ী হোৱা এইগৰাকী নেতাই ৪ অক্টোবৰত যোগদান কৰিব অসম জাতীয় পৰিষদত।  যোগদান প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে, কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে।

অসম জাতীয় পৰিষদত যোগদান কৰাৰ লগে লগে ‘কাজিৰঙাৰ ৰজা’ খ্যাত জীতেন গগৈৰ আৰম্ভ হ’ব নতুন ৰাজনৈতিক ইনিংছ। বোকাখাতৰ দুবাৰৰ বিধায়ক জীতেন গগৈয়ে যোগ দিব এজেপিত। ইয়াৰ লগত সংগতি ৰাখিয়েই ৪ অক্টোবৰত বোকাখাত অঞ্চলত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।  এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ।

‘বোকাখাট নিৰ্মাণ গোট’ নামৰ সংগঠনৰ নেতা জীতেন গগৈ। ২০০১ চনত প্ৰথমবাৰৰ বাবে বোকাখাতৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল গগৈ। তাৰ পাছত ২০০৬ চনত দ্বিতীয়বাৰৰ বাবে বোকাখাত সমষ্টিৰ বিধায়ক হৈ দিছপুৰলৈ আহিছিল। দুটাকৈ কাৰ্যকাল সমষ্টিটোৰ বিধায়ক হিচাপে আছিল যদিও পৰৱৰ্তী সময়ত বোকাখাত সমষ্টি অতুল বৰাৰ হাতলৈ যায়ষ পৰৱৰ্তী সময়ত দীৰ্ঘদিন ধৰি ৰাজনীতিৰ পৰা আঁতৰি আছিল তেওঁ।

ৰাজনীতিৰ পৰা আঁতৰি আছিল যদিও কিছুদিন পূৰ্বে কৈছিল যে জাতীয়তাবাদৰ প্ৰতি তেওঁৰ দুৰ্বলতা আগৰ পৰাই আছে। এইগৰাকী নেতাৰ যোগদানৰ পাছতেই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বোকাখাত সমষ্টিত অগপ নেতা তথা মন্ত্ৰী অতুল বৰাৰ প্ৰতিদ্বন্দ্বী জীতেন গগৈ হ’ব পাৰে বুলি  ক’ব পাৰি। অৱশ্যে ইয়াৰ বাবে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।  নিৰ্মাণ গোটৰ নামতে নিৰ্দলীয় বিধায়ক হৈছিল গগৈ।  তেওঁৰ লগতে ৪ অক্টোবৰত জাতীয় পৰিষদত চামিল হ’ব নিৰ্মাণ গোট। অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বই এই বিষয়ে জানিবলৈ দিছে।

উল্লেখ্য যে, বিধায়ক হৈ থকাৰ সময়ত বা পৰৱৰ্তী সময়চোৱাত বিভিন্ন কথাক লৈ প্ৰায়ে চৰ্চাত আছিল গগৈ। তেওঁ আনকি নিজকে ‘কাজিৰঙাৰ ৰজা’ বুলিও ঘোষণা কৰিছিল। এইগৰাকী নেতাই এতিয়া হাতত তুলি লব আঞ্চলিক ৰাজনৈতিক দলৰ পতাকা। উল্লেখ্য যে, ২০২৬ চনত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলক শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে অসম জাতীয় পৰিষদে। বিগত সময়চোৱাত কেইবাবাৰো যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি দলটোৱে মজবুত হোৱাৰ প্ৰসায় কৰি আছে।

Latest News