দিল্লীৰ পৰা শ্বিলং অভিমুখী বিমানত বোমাৰ ভাবুকিঃ গুৱাহাটীত জৰুৰী অৱতৰণ | Bomb threat to Delhi-Shillong spicejet flight emergency landing in Guwahati Assam news - Assam Tv9

দিল্লীৰ পৰা শ্বিলং অভিমুখী বিমানত বোমাৰ ভাবুকিঃ গুৱাহাটীত জৰুৰী অৱতৰণ

দিল্লীৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলং অভিমুখী স্পাইচ জেটৰ এখন বিমানে লাভ কৰিছে বোমাৰ ভাবুকি। এই ভাবুকি লাভৰ পিছতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰাবলৈ বাধ্য হ’ল বিমানখনৰ পাইলট।

দিল্লীৰ পৰা শ্বিলং অভিমুখী বিমানত বোমাৰ ভাবুকিঃ গুৱাহাটীত জৰুৰী অৱতৰণ

স্পাইচজেটৰ বিমানত বোমাৰ ভাবুকি

Updated On: 

25 Oct 2024 17:58 PM

পুনৰ বোমাৰ ভাবুকি বিমানত। এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য হ’ল স্পাইচ জেটৰ এখন বিমান। মেঘালয়ৰ ৰাজধানী শ্বিলং অভিমুখী এখন বিমানে লাভ কৰিছে এই চিন্তনীয় ভাবুকি। ভাবুকি লাভৰ পিছতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত জৰুৰী অৱতৰণ কৰাবলৈ বাধ্য হ’ল বিমানখনৰ পাইলট। এই ভাবুকি লাভ কৰা বিমানখন দিল্লীৰ পৰা শ্বিলং অভিমুখে ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। বিমানখনত বোমা থকা বুলি ভাবুকি লাভ কৰাৰ পিছতে আতংকৰ সৃষ্টি হয় আৰু ইয়াৰ পিছতে শ্বিলঙৰ পৰিৱৰ্তে পাইলটে বিমানখন গুৱাহাটীতে অৱতৰণ কৰে।

প্ৰকাশিত খবৰ অনুসৰি, স্পাইচ জেটৰ SG2448 নম্বৰৰ বিমানখন দুপৰীয়া দিল্লীৰ পৰা শ্বিলং অভিমুখে ৰাওনা হৈছিল। বিমানখনত মুঠ ৭০ গৰাকী যাত্ৰী আছিল বুলি প্ৰকাশ পাইছে। যাত্ৰা অব্যাহত থকাৰ সময়তে অজ্ঞাত লোকে বিমানখনত বোমা থকা বুলি ভাবুকি দিয়ে। ই-মেইল যোগে এই ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ লাগে।

এই ভাবুকি লাভ কৰাৰ পিছতে লগে লগে বিমানখন গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰা হয়। বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে ৰাণ ৱে’ত ৰাখি বিমানখনৰ পুংখানুপুংখ পৰীক্ষা কৰা হয়। অৱশ্যে এই পৰীক্ষাৰ সময়ত বোমাৰ ভাবুকি মিছা প্ৰমাণিত হয়। পৰীক্ষাৰ পিছত বিমানখন পুনৰ শ্বিলং অভিমুখে ৰাওনা হয়।

লক্ষণীয়ভাৱে বিগত কিছুদিনৰ পৰা এনেধৰণৰ ঘটনা ব্যাপক ৰূপত বৃদ্ধি পাইছে। দুৰ্বৃত্তই ধাৰাবাহিকভাৱে বোমাৰ ভাবুকিৰে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিমান তথা বিমানবন্দৰৰ লগতে বিদ্যালয় আৰু চিকিৎসালয়সমূহকো এনে ভাবুকিৰ লক্ষ্য কৰি লোৱা হৈছিল যদিও শেহতীয়া কিছুদিনত বিমানৰ ক্ষেত্ৰত দুৰ্বৃত্তৰ এনে ভাবুকি অধিক বৃদ্ধি পাইছে।

এই ধৰণৰ ভাবুকিয়ে বিমানৰ যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কৰ্তৃপক্ষ তথা প্ৰশাসনৰ সমুখতো সমস্যাৰ সৃষ্টি কৰিছে। অৱশ্যে এনে প্ৰতিটো ভাবুকিয়েই মূৰকত মিছা প্ৰমাণিত হৈ আহিছে। বিগত কেইদিনমানৰ ভিতৰত এনে বোমাৰ ভাবুকিৰ ঘটনা ২৫০ খনলৈ বৃদ্ধি পাইছে। দেশত বিমান কোম্পানীসমূহে এইদৰে ধাৰাবাহিকভাৱে লাভ কৰা ভুৱা বোমাৰ ভাবুকিৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ নিয়ম কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।

এনে ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত চলিত সপ্তাহৰ আৰম্ভণিতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে The Suppression of Unlawful Acts against Safety of Civil Aviation Act, 1982ৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছিল। কেন্দ্ৰীয় চৰকাৰে লগতে এনে ধৰণৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ বিমান সংস্থাসমূহলৈ আইনগত ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনাও কৰিছে। এই পৰিকল্পনা অনুসৰি এনে ভাবুকি দিয়া অপৰাধীক ‘নো-ফ্লাই’ তালিকাত স্থান দিয়া হ’ব বুলি জানিব পৰা গৈছে।

বেংকৰ সলনি ডাকঘৰত টকা জমা কৰিলে কিমান সূত পাব?
পাকঘৰত ওলোটাকৈ নাৰাখিব কেৰাহী, আহিব পাৰে বিপদ!
কিয় পদুম ফুলৰ ওপৰত বহি থাকে দেৱী লক্ষ্মী?
ধনতেৰাচত কি কি বস্তু ক্ৰয় কৰিব নালাগে?