এইবাৰ গুৱাহাটী ৰে’ল ষ্টেচনত বোমাৰ ভাবুকি: বোমা বিশেষজ্ঞ, ডগ স্কোৱাডে তন্ন-তন্নকৈ চলালে তালাচী

ঘটনা অনুসৰি নিশা শ্বিলং আৰক্ষীয়ে ফোনযোগে বোমা থকাৰ খবৰ দিছিল গুৱাহাটী আৰক্ষীক। নিশা প্ৰায় ১১ বজাত ১১২ নং শ্বিলং আৰক্ষীৰ পৰা গুৱাহাটী আৰক্ষী নিয়ন্ত্ৰণলৈ এটা ফোন আহিছিল। শ্বিলং আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ অৱগত কৰিছিল বিস্ফোৰণৰ পৰিকল্পনাৰ কথা। ফোনযোগে জনাইছিল গুৱাহাটী ৰে’ল ষ্টেচন বিস্ফোৰণৰ পৰিকল্পনা কৰা বুলি।

এইবাৰ গুৱাহাটী ৰেল ষ্টেচনত বোমাৰ ভাবুকি: বোমা বিশেষজ্ঞ, ডগ স্কোৱাডে তন্ন-তন্নকৈ চলালে তালাচী

গুৱাহাটী ৰে'ল ষ্টেচনত বোমাৰ ভাবুকি

Updated On: 

12 Dec 2024 19:23 PM

বিমান বন্দৰৰ পাছত এইবাৰ ৰে’ল ষ্টেচন। এটা ভুৱা ফোনকলে জোকাৰি গ’ল মহানগৰ আৰক্ষীক৷ গুৱাহাটী ৰে’ল ষ্টেচনত বোমা থকা বুলি অজ্ঞাত লোকৰ পৰা আহিছিল ফোন৷  যাৰ বাবে পুৱাৰে পৰা গুৱাহাটীৰ ৰে’ল ষ্টেচনত চলোৱা হয় অভিযান৷ বোমা বিশেষজ্ঞ, ডগ স্কোৱাডে তন্ন-তন্নকৈ চলালে তালাচী৷ উপস্থিত হয় অগ্নিনির্বাপক বাহিনীৰ দলো বহু যাত্ৰীকো তালাচী চলালে আৰক্ষীয়ে৷ গুৱাহাটী ষ্টেচন আৰু সমীপৱর্তী অঞ্চলটো চলোৱা হয় আৰক্ষীৰ তালাচী অভিযান।

ঘটনা অনুসৰি নিশা শ্বিলং আৰক্ষীয়ে ফোনযোগে বোমা থকাৰ খবৰ দিছিল আৰক্ষীক। নিশা প্ৰায় ১১ বজাত ১১২ নং শ্বিলং আৰক্ষীৰ পৰা গুৱাহাটী আৰক্ষী নিয়ন্ত্ৰণলৈ এটা ফোন আহিছিল। শ্বিলং আৰক্ষীয়ে গুৱাহাটী আৰক্ষীৰ অৱগত কৰিছিল বিস্ফোৰণৰ পৰিকল্পনাৰ কথা। ফোনযোগে জনাইছিল গুৱাহাটী ৰে’ল ষ্টেচন বিস্ফোৰণৰ পৰিকল্পনা কৰা বুলি। সেই খবৰৰ ভিত্তিতেই পুৱাৰে পৰা ৰে’ল ষ্টেচনত অভিযান চলালে আৰক্ষীয়ে। তাৰ পাছতে ৰে’ল ষ্টেচনত সৃষ্টি হয় এক আতংকময় পৰিৱেশ৷

স্থানীয় আৰক্ষী, GRP, RPFৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীয়ে স্নিফাৰ ডগ, চিটী DSB Bomb Detection Squad আদিৰ সৈতে গুৱাহাটী ষ্টেচনত উপস্থিত হৈ সমগ্ৰ ষ্টেচন আৰু কাষৰীয়া অঞ্চলত জোৰদাৰভাৱে তালাচী চলাই। পিছে দিনজোৰা অভিযানৰ অন্তত বোমা থকাৰ কোনো শুংসূত্র নাপালে। আৰক্ষীয়ে অন্তত নাপালে কোনো বিস্ফোৰক সামগ্ৰী।

ইফালে গুৱাহাটী ৰে’ল ষ্টেচনৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংক৷ বিশ্ববিদ্যালয় চৌহদত ৮টাকৈ বোমা সংস্থাপনৰ দাবী৷ অজ্ঞাত ব্যক্তিৰ দাবীৰ পাছতেই বিশ্ববিদ্যালয় চৌহদত সৃষ্টি হয় আতংকৰ৷

লক্ষণীয়ভাৱে বিগত কিছুদিনৰ পৰা এনেধৰণৰ ঘটনা ব্যাপক ৰূপত বৃদ্ধি পাইছে। দুৰ্বৃত্তই ধাৰাবাহিকভাৱে বোমাৰ ভাবুকিৰে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিমান তথা বিমানবন্দৰৰ লগতে বিদ্যালয় আৰু চিকিৎসালয়সমূহকো এনে ভাবুকিৰ লক্ষ্য কৰি লোৱা হৈছিল যদিও শেহতীয়া কিছুদিনত বিমানৰ ক্ষেত্ৰত দুৰ্বৃত্তৰ এনে ভাবুকি অধিক বৃদ্ধি পাইছে। এতিয়া ৰে’ল ষ্টেচনলৈ অহা এনে ভাবুকিয়ে নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এতিয়া এই ধৰণৰ ভাবুকিয়ে যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কৰ্তৃপক্ষ তথা প্ৰশাসনৰ সমুখতো সমস্যাৰ সৃষ্টি কৰিছে। অৱশ্যে এনে প্ৰতিটো ভাবুকিয়েই মূৰকত মিছা প্ৰমাণিত হৈ আহিছে।

প্ৰায় দুমাহ পূৰ্বে মেঘালয়ৰ ৰাজধানী শ্বিলং অভিমুখী এখন বিমানে লাভ কৰিছিল বোমাৰ ভাবুকি। ভাবুকি লাভৰ পিছতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত জৰুৰী অৱতৰণ কৰাবলৈ বাধ্য হৈছিল বিমানখনৰ পাইলটে। এই ভাবুকি লাভ কৰা বিমানখন দিল্লীৰ পৰা শ্বিলং অভিমুখে ৰাওনা হৈছিল বুলি জানিব পৰা গৈছিল। বিমানখনত বোমা থকা বুলি ভাবুকি লাভ কৰাৰ পিছতে আতংকৰ সৃষ্টি হয় আৰু ইয়াৰ পিছতে শ্বিলঙৰ পৰিৱৰ্তে পাইলটে বিমানখন গুৱাহাটীতে অৱতৰণ কৰিব লগা হৈছিল।

 

মাত্ৰ ১৮ বছৰতে বিশ্ব চেম্পিয়ন হোৱা গুকেছে পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব জানেনে?
ঘৰত বাস্তু দোষ থাকিলে কেনেকৈ গ'ম পাব?
কৰ্দ্দৈৰ খাওঁতে সাৱধান, সমস্যাই দেখা দিব পাৰে আপোনাৰ বৃক্কৰ!
শীতকালত নৱজাতকৰ যত্ন কেনেদৰে ল'ব লাগে?