5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰহস্য ফাদিল! এইদৰে প্ৰেমিক চিন্টুয়ে হত্যা কৰিছিল প্ৰেয়সীক, আৰু পাছত এক ভয়ংকৰ কাণ্ড

তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে চিন্টুৰ বায়েকৰ ঘৰতো অভিযান চলায়। এই অভিযানৰ সময়ত চিন্টুয়ে হত্যা কৰা স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নাৰিকলি মন্দিৰৰ প্ৰসাদ আৰু আন কিছু আপত্তিজনক সামগ্ৰী।

ৰহস্য ফাদিল! এইদৰে প্ৰেমিক চিন্টুয়ে হত্যা কৰিছিল প্ৰেয়সীক, আৰু পাছত এক ভয়ংকৰ কাণ্ড
কৃষ্ণামণি. চিন্টু
barasha-sarma
Barasha Sarma | Published: 31 Jul 2024 10:16 AM

অৱশেষত ৰহস্য ফাদিল হ’ল মঙলদৈৰ কৃষ্ণামণি ডেকা হত্যাকাণ্ডৰ। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি অভিযুক্ত প্ৰেমিক চিন্টু নাথেই হত্যা কৰিছিল কৃষ্ণামণিক। ইতিমধ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে লাভ কৰিছে প্ৰমাণ। জানিব পৰা মতে দুটাকৈ মৃত্যুৰ তদন্তত আৰক্ষীয়ে জেৰা চলাই আছিল কৃষ্ণামণিৰ এগৰাকী বন্ধুক। এই জেৰাৰ সময়তে পোহৰলৈ আহে যে চিন্টু নাথে হত্যা কৰিছে কৃষ্ণামণিক। মঙলদৈৰ নিকটৱৰ্তী পকাবাঙিপাৰাত থকা চিন্টু নাথৰ বায়েকৰ ঘৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল।

দৰং আৰক্ষীৰ তদন্ত অনুসৰি দিনৰ ভাগত চিন্টুয়ে বাইকেৰে মঙলদৈৰ নিকটৱৰ্তী পকাবাঙিপাৰাত থকা বায়েকৰ ঘৰলৈ কৃষ্ণামণিক লৈ গৈছিল। কৃষ্ণামণি, চিন্টু আৰু আন এজন যুৱকৰ ফোন ৰেকৰ্ডিঙৰ পৰা এই হত্যাকাণ্ডৰ বহু তথ্য পোহৰলৈ আহিছে। তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে চিন্টুৰ বায়েকৰ ঘৰতো অভিযান চলায়। এই অভিযানৰ সময়ত চিন্টুয়ে হত্যা কৰা স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নাৰিকলি মন্দিৰৰ প্ৰসাদ আৰু আন কিছু আপত্তিজনক সামগ্ৰী।

উল্লেখ্য যে, ৩০ জুলাইত  মঙলদৈৰ নিকটৱৰ্তী বৰ আঠিয়াবাৰী গাঁৱত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। পাছলৈ এই মৃতদেহটো কৃষ্ণামণি নাথৰ বুলি চিনাক্ত হৈছিল। উদ্ধাৰৰ সময়ত মৃতদেহটো কাপোৰেৰে মেৰিয়াই থৈছিল। তাৰ পাছতেই মৃতদেহটো জিম্মাত লৈ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে ঘৰৰ পৰা ছিপাঝাৰৰ নাৰিকলি মন্দিৰলৈ বুলি ওলাই গৈছিল কৃষ্ণামণি। মাতৃয়ে বাৰাম্বাৰ বাধা দিয়াৰ পাছতো এই কথা শুনা নাছিল যুৱতীগৰাকীয়ে।

মন্দিৰলৈ যোৱা কৃষ্ণামণি ঘূৰি অহা নাছিল ঘৰলৈ। পৰিয়ালৰ মানুহে বাৰে  বাৰে ফোন কৰিছিল যদিও ফোন অফ আছিল। তাৰ পিছদিনাই মঙলবাৰে উদ্ধাৰ হয় কৃষ্ণামণিৰ মৃতদেহ। আৰক্ষীয়ে মৃতদেহটোৰ ডিঙি আৰু শৰীৰত আঘাতৰ চিন দেখা পাইছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ মূল কাৰণ।

এই হত্যাকাণ্ডৰ বাবে কৃষ্ণামণিৰ মাতৃয়ে জগৰীয়া কৰিছিল প্ৰেমিক চিন্টুক। দুমনীচকীৰ প্ৰেমিক চিন্টুৰ লগত ৪ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কৃষ্ণা।  কিন্তু তেওঁলোকৰ মাজত বিভিন্ন কথাক লৈ কাজিয়া আৰু প্ৰায়ে চিন্টুয়ে কৃষ্ণাক হত্যাৰ ভাবুকি দিছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি থকাৰ মাজতেই উদ্ধাৰ হয় চিন্টুৰ মৃতদেহ। কৃষ্ণা হত্যাকাণ্ডৰ কিছু সময় পাছতেই আত্মহত্যা কৰে চিন্টুয়ে। অৱশ্যে কি কাৰণে চিন্টুয়ে প্ৰেয়সীক হত্যা কৰি নিজে চৰম সিদ্ধান্ত ল’লে এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Latest News