শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছেপ্টেম্বৰত বিটিচিৰ নিৰ্বাচন, ইউপিপিএলৰ সৈতে মিত্ৰতাত থাকিব নে বিজেপি ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচনত । বিটিচিৰ নিৰ্বাচনত ইউপিপিএলৰ সৈতে বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ছেপ্টেম্বৰত বিটিচিৰ নিৰ্বাচন, ইউপিপিএলৰ সৈতে মিত্ৰতাত থাকিব নে বিজেপি ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 28 Jan 2025 18:53 PM

কেতিয়া অনুষ্ঠিত হ’ব বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ? এইলৈ ৰাজনৈতিক মহলত চৰ্চা অব্য়াহত থকাৰ মাজতে আজি বিটিচিৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব বিটিচিৰ নিৰ্বাচনত ।

সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘বিটিচিৰ নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম । ছেপ্টেম্বৰ মাহৰ ৩০ তাৰিখৰ ভিতৰত বিটিচিৰ নিৰ্বাচন শেষ কৰিম । আগন্তুত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্বাচনটো সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিম।’ যদি কোনো ধৰণৰ অসুবিধা হয় তেন্তে এসপ্তাহ-দহ দিন সময়লৈ দুৰ্গা পূৰ্জাৰ আগতে এই নিৰ্বাচন শেষ কৰিবলৈ চেষ্টা কৰিম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিটিচিৰ নিৰ্বাচনত ইউপিপিএলৰ সৈতে মিত্ৰতাত থাকিব নে বিজেপি ?

বিটিচিৰ নিৰ্বাচনত ইউপিপিএলৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত কি সিদ্ধান্ত ল’ব বিজেপিয়ে ? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত । তেওঁলোকে সিদ্ধান্ত ল’ব, এই নিৰ্বাচনত একেলগে খেলিব নে নিজাববীয়াকৈ খেলিব ।

তেওঁ কয়, ‘যোৱা বিটিচিৰ নিৰ্বাচনো আমি একেলগে খেলা নাছিলো । কিন্তু একেলগে চৰকাৰ কৰিছিলো । গতিকে এইটো এটা কৌশল আৰু নীতি ওপৰত নিৰ্ভৰশীল ।’ লগতে ইউপিপিএল আৰু বিজেপি দুয়োটাই এনডিএৰ অংশীদাৰ দল আৰু অংশীদাৰ হৈয়ে থাকিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডত প্ৰগতি আৰু বিকাশৰ ভেঁটি নিৰ্মাণ কৰিলে : মুখ্যমন্ত্ৰী

বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, বড়ো শান্তি চুক্তিয়ে ৫ টা বছৰ অতিক্ৰম কৰিলে । এই চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিল আৰু প্ৰগতি আৰু বিকাশৰ এক নতুন ভেঁটি নিৰ্মাণ কৰিছিল । লগতে এই চুক্তিৰ অংশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু এনডিএফবিকো ধন্যবাদ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।