ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ, ন্যায়ালয়ৰ নিৰ্দেশ…

ৰাজ্যত পুনৰ নিষিদ্ধ হ'ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। এইবাৰ মাঘ বিহুৰ সময়ত হাজোৰ বুলবুলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ দেখিবলৈ পোৱা নাযাব। শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ, ন্যায়ালয়ৰ নিৰ্দেশ...

ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ

Published: 

18 Dec 2024 10:07 AM

এইবাৰ ৰাজ্যত দেখিবলৈ নাপাব পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি ৰাজ্য় ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। কালি ন্যায়ালয়ে এই ৰায় প্ৰদান কৰাৰ লগতে ২০২৩ চনৰ ২৭ ডিচেম্বৰত ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই এইবাৰ মাঘ বিহুৰ সময়ত হাজোত বুলবলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বৰ্ষত ৰাজ্য চৰকাৰে কেবিনেটৰ জৰিয়তে এক এছ অ’ পি জাৰি কৰিছিল। এই এছ অ’ পিৰ বিৰোধিতা কৰি পেটা (People for the Ethical Treatment of Animals ) নামৰ এটা স্বেচ্ছাচাৰী সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই সংগঠনটোৱে আদালতত দাখিল কৰিছিল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজক লৈ জড়িত বহু নৃশংস দিশ। পেটাই ৰহাৰ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজৰ তদন্ত কৰি সেই তথ্য দাখিল কৰিছিল ন্যায়ালয়ত। পেটাৰ তথ্যৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

উচ্চ ন্যায়ালয়ত পেটাই যুক্তি দৰ্শাই যে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজে পশুৰ প্ৰতি ক্ৰুৰতা প্ৰতিৰোধৰ নিয়ম উলংঘা কৰে। ন্যায়ালয়ে ৰাজ্য চৰকাৰে জাৰি কৰি এছ অ” পিও খাৰিজ কৰে। যত উল্লেখ আছিল যে মাঘ বিহুৰ সময়ত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব। কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই যোৱা বৰ্ষত ৰাজ্যত অনুষ্ঠিত হৈছিল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ।

উচ্চ ন্যায়ালয়ত হোৱা এই গোচৰৰ শুনানিৰ সময়ত পেটাৰ হৈ যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে। তেওঁ কয় যে, ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজে বন্যপ্ৰাণী ক্ৰুৰতা সুৰক্ষা আইন ১৯৬০ উলংঘা কৰে। ইয়াৰোপৰি বুলবুলি চৰাই যুঁজে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ উলংঘা কৰে। লগতে ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এছ অ’ পি ২০১৪ চনৰ ৭ মে’ত উচ্চতম ন্যায়ালয়ে দিয়া এক গোচৰৰ উলংঘা কৰে বুলিও কয়।

এই গোচৰৰ বাবে পেটাই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি বহু প্ৰমাণ দাখিল কৰিছিল। পেটাৰ তথ্যত প্ৰমাণ হৈছিল যে কেনেকৈ যুঁজত আতংকিত আৰু আঘাতপ্ৰাপ্ত হোৱা ম’হবোৰক যুঁজিবলৈ বাধ্য কৰোৱা হয়।  এই সন্দৰ্ভত পেটাই ২০২৪ চনৰ ১৫ জানুৱাৰীত আঁহতগুৰিত অনুষ্ঠিত ম’হ যুঁজৰ তথ্য় দাঙি ধৰে। ইয়াৰ বিপৰীতে পেটাই দাখিল কৰিছিল যে কেনেকৈ অনাহাৰে, মাদক দ্ৰব্য খুৱাই কেইবাদিনো বন্দী কৰি ৰাখি বুলবুলি চৰাইক খাদ্যৰ বাবে যুঁজ কৰিবলৈ দিয়া হয়। এই সন্দৰ্ভত ২০২৪ চনৰ ১৫ জানুৱাৰীত হাজোত অনুষ্ঠিত বুলবুলি চৰাই যুঁজৰ তথ্য পেটাই দাখিল কৰিছিল।

উল্লেখ্য যে, বছৰ বছৰ ধৰি মাঘ বিহুৰ সময়ত ৰাজ্যত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আহিছে। হাজোৰ বুলবুলি চৰাই যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ বিখ্যাত। ইয়াৰ মাজতে কিছু বছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়ৰ পাছতে ৰাজ্যত বন্ধ হৈছিল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। কিন্তু যোৱা বছৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ এই যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দিছিল। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিয়েই পেটা কাষ চাপিছিল ন্যায়ালয়ৰ। অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰে আৰু ইয়াৰ পাছতেই এতিয়া ৰাজ্যত অনুষ্ঠিত কৰিব নোৱাৰিব পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ।

 

মাঘত ভুলতেও নকৰিব এইবোৰ কাম, অন্যথা জীৱনলৈ আহিব দুৰ্ভাগ্য !
চাকৰিৰ ক্ষেত্ৰত দূৰ হ'ব সকলো বাধা! কৰক এই উপায়...
বৰদিনৰ শুভেচ্ছা জনালে কিয় Merry Christmas কোৱা হয়? জানক ইয়াৰ প্ৰকৃত কাৰণ
Magh Bihu 2025: মাঘ বিহুৰ মেজি আৰু উৰুকা শব্দ দুটা ক'ৰ পৰা আহিছে?