Bus Accident : কৰিমগঞ্জত ভয়ংকৰ বাছ দুৰ্ঘটনা…আহত ২০ জনতকৈ অধিক যাত্ৰী…
শনিবাৰে পুৱা ৰেংমাটিৰ পৰা কৰিমগঞ্জলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটো পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
অসম-মিজোৰাম সীমান্তৰ সমীপত এখন যাত্ৰীবাহী বাছ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে । স্থানীয় এক সূত্ৰই সদৰী কৰা মতে, শনিবাৰে পুৱা ৰেংমাটিৰ পৰা কৰিমগঞ্জলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটো পাথাৰকান্দিৰ বৈঠাখাল অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
সূত্ৰই সদৰী কৰা মতে,ৰেংমাটিৰ পৰা কৰিমগঞ্জলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে বাছখন । এই দুৰ্ঘটনাত ২০ জনতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে সেই স্থানত স্থানীয় আৰক্ষীৰ উপস্থিত হোৱাৰ লগতে জৰুৰীকালীন সেৱা তাৎক্ষণিকভাৱে উপলব্ধ কৰা হয় ।
ইফালে, স্থানীয় লোকৰ সহযোগত জেচিবি মেচিনেৰে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাবলগীয়া হয় । উদ্ধাৰকাৰী দলে বাছখনৰ ভিতৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰি জৰুৰী চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, দুৰ্ঘটনা কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । প্ৰাথমিক তথ্য অনুসৰি, চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
মহানগৰীত আন এক ভয়ংকৰ দুৰ্ঘটনা
মনকৰিবলগীয়া যে, শুকুৰবাৰে দিপাৱলীৰ নিশা মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । সূত্ৰৰ পৰা জানিব পৰা মৰতে, এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হৈছে । মহানগৰীৰ দক্ষিণগাঁও সাউকুছি পথত সংঘটিত হয় এই দুৰ্ঘটনা ।
জানিব পৰা মতে, নিশা এখন বলেৰ’ পিকআপ বাহনে এখন ই-ৰিক্সা মহটিয়াই নিয়ে। এই দুৰ্ঘটনাত বলেৰ’ পিকআপ ভানৰ চালকজন থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত বলেৰ’ পিকআপ ভানৰ চালক