5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা চাহ উদ্যোগলৈ…অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক

টাটাৰ বিয়োগত সমগ্ৰ দেশৰ লগতে অসমতো পৰিছে শোকৰ ছাঁ। অসমৰ সৈতে ৰতন টাটাৰ আছিল এক সু সম্পৰ্ক। চাহ উদ্যোগৰ পৰা ২৭,০০০ কোটিটকীয়া ছেমিকণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেঞ্চাৰ কেয়াৰ হাস্পতাললৈ আগবঢ়াইছে অৱদান।

ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা চাহ উদ্যোগলৈ…অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক
অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক
barasha-misra
Barasha Misra | Updated On: 10 Oct 2024 13:28 PM

দেশৰ সুপৰিচিত উদ্যোগপতি ৰতন টাটাৰ ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।  এই মহান ব্যক্তিজনে অসমৰ প্ৰতি আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে অসম চৰকাৰে ২০২১ বৰ্ষত আগবঢ়াইছিল প্ৰথম সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’। অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ২০২১ বৰ্ষৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে ।

টাটা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল । অসমত ২০২২ চনৰ ২৮ এপ্ৰিলত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল । ইফালে ৩৪খন পলিটেকনিক গঢ়াৰো দায়িত্ব লৈছিল ৰতন টাটাই। প্ৰয়াত টাটাই কাৰিকৰী শিক্ষাৰ বাবে অসমত ২,৩৯০ কোটি টকাৰ ৮৭% বিনিয়োগ কৰে। ২০২২ৰ ৩ মে’ত অসম চৰকাৰৰে চুক্তি কৰিছিল ৰতন টাটাই।

জাগীৰোডত স্থাপন কৰা টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰকল্প। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে টাটাই। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব। প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। এয়া অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগ হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (TSAT) এই ছেমি কণ্ডাক্টৰ ইউনিট কেইটা স্থাপন কৰিব। ই অটোমোটিভ, ইলেক্ট্ৰিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, আৰু মোবাইল ফোন, লেপটপ আদিৰ বাবে প্ৰয়োজন হোৱা বহুমূলীয়া চিপ (chips) প্ৰস্তুত কৰিব। এই তিনিটা কেন্দ্ৰই প্ৰতিদিনে ৪.৮ কোটি চিপ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ পোষকতা কৰি ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন, আৰু প্ৰযুক্তি বিকাশৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াটো প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৩ আগষ্ট ২০২৪ ত মৰিগাঁও জিলাৰ জাগীৰোডত টাটা কোম্পানীৰ প্ৰথমটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন সম্পন্ন হয় ৷

টাটা টি লিমিটেড, ভাৰত চাহ উদ্যোগৰ এক আগশাৰীৰ নাম যিয়ে অসমৰ চাহক ৰাজ্যৰ বাহিৰত লৈ গৈছে আৰু ভাৰতত আৰু বিশ্বস্তৰত এক পৰিচিত পানীয় হিচাপে গঢ়ি তুলিছে। টাটা কনজ্যুমাৰ্ছ প্ৰোডাক্টছৰ সহযোগী সংস্থা এমালগেমেটেড প্লেণ্টেচনচ প্ৰাইভেট লিমিটেডে (এপিপিএল) বৰ্তমান অসমত ২১ খন চাহ বাগিচা চলায়।

সফলতাৰ যাত্ৰা

দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ৰতন টাটাৰ জন্ম হৈছিল। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাক। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল এটা ভগ্ন পৰিয়ালত। ১৯৪০ চনৰ মাজভাগত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ সাত বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল পাঁচ বছৰ। আইতাক লেডী নাৱালবাঈৰ লগত থাকিয়েই শৈশৱ পাৰ কৰিছিল।

ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষাজীৱনৰ পাতনি মেলিছিল আৰু কেথেড্ৰ’ল এণ্ডজন ক’ন’ন স্কুলত স্কুলীয়া শিক্ষা সাং কৰিছিল। ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

ৰতন টাটা টাটা চন্সৰ অন্তৱৰ্তীকালীন অধ্যক্ষ আছিল। তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত সেৱা আগবঢ়াই আহিছে। টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’ আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰ সদস্য। তদুপৰি তেওঁ প্ৰিট্জকাৰ আৰ্কিটেকচাৰ প্ৰাইজৰ জুৰী পেনেলত আছে যিটো বিশ্বৰ অন্যতম প্ৰিমিয়াৰ আৰ্কিটেকচাৰ প্ৰাইজ হিচাপে গণ্য কৰা হয়।

তেওঁ এলকোয়া ইনকৰ্পৰেশ্যন, মণ্ডেলেজ ইণ্টাৰনেশ্যনেল আৰু ইষ্ট–ৱেষ্ট চেণ্টাৰৰ ব’ৰ্ড অৱ গৱৰ্ণৰছৰ ব’ৰ্ডৰ সঞ্চালক। ইয়াৰ উপৰিও ৰতন টাটা ইউনিভাৰ্চিটি অৱ চাউথাৰ্ণ কেলিফৰ্ণিয়া, হাৰ্ভাৰ্ড বিজনেছ স্কুল ব’ৰ্ড অৱ ডিনছ এডভাইজাৰ্ছ, এক্স প্ৰাইজ আৰু কৰ্নেল ইউনিভাৰ্চিটিৰ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য। টাটা ২০০৬ চনৰ পৰা হাৰ্ভাৰ্ড বিজনেছ স্কুল ইণ্ডিয়াৰ পৰামৰ্শদাতা ব’ৰ্ডৰ (আইএবি) সদস্য আৰু ইয়াৰ পূৰ্বে ২০০১–২০০৬ চনত হাৰ্ভাৰ্ড বিজনেছ স্কুল এছিয়া-পেচিফিক এডভাইজাৰী ব’ৰ্ডৰ (এপিএবি) সদস্যও আছিল। ২০১৩ চনত ৰতন টাটাএ Carnegie Endowment for International Peaceত নিযুক্তি লাভ কৰে। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰতন টাটা-এ ভানি কোলাই প্ৰতিষ্ঠা কৰা ভেঞ্চাৰ কেপিটেল ফাৰ্ম কালাৰী কেপিটেলত পৰামৰ্শদাতাৰ ভূমিকা গ্ৰহণ কৰে।

Latest News