আজি বুছু ডিমাঃ কেনেকৈ ডিমাছা কছাৰীসকলে উদযাপন কৰে এই কৃষিভিত্তিক উৎসৱ, জানক
Busu dima: আজি সমগ্ৰ ডিমাছা কছাৰীসকলে পালন কৰিছে কৃষিভিত্তিক উৎসৱ বুছু ডিমা। কঠোৰ পৰিশ্ৰম কৰি ঝুম খেতি চপোৱাৰ অন্তত ডিমাছা কছাৰীসকলে এই উৎসৱ পালন কৰে।
অসমৰ অন্যতম ভূমিপুত্ৰ ডিমাচা কছাৰীসকলে আজি পালন কৰিছে বুছু ডিমা (Busu dima) । বিশেষকৈ অসম আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বাস কৰা ডিমাছা কছাৰীসকলৰ বছু ডিমা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে ৰোমান বৰ্ষপঞ্জীৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। বুছু ডিমা উৎসৱৰ সময়ত সপ্তাহযোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় য’ত বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়।
বুছু ডিমাৰ বিষয়ে
বুছু ডিমা এক কৃষিভিত্তিক উৎসৱ। কঠোৰ পৰিশ্ৰমৰ অন্তত ঝুম খেতি চপোৱা হয় আৰু তাৰ পাছতে ডিমাছা কছাৰীসকলে উলহ মালহেৰে বুছু ডিমা পালন কৰে। অসমৰ ডিমা হাচাও, কাৰ্বি আংলং, কাছাৰ, নগাঁও আদি জিলাত সাধাৰণতে এই উৎসৱৰ প্ৰভাৱ বেছি দেখা যায়। ইয়াৰোপৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু ডিমাপুৰৰ আদিবাসী ডিমা জনগোষ্ঠীৰ লোকসকলৰ বাবেও ই এক প্ৰধান উৎসৱ।
বুছু ডিমাৰ অৰ্থ হ’ল বিহু ডিমাছা অৰ্থাৎ ‘ডিমাছাসকলৰ বিহু’। উল্লেখ্য যে, ডিমাছাসকলে ব্ৰাই-শিবৰাইক দেৱতাৰ সৰ্বোচ্চ স্থান দিয়ে। এই উৎসৱৰ জৰিয়েত চপাই অনা সমস্ত কৃষিৰ ফচল ডিমাছাসকলৰ দেৱতা ব্ৰাই-শিবৰাইক উৎসৰ্গা কৰি মানৱজাতিৰ কল্যান কামনা কৰা হয়। এই উৎসৱৰ জৰিয়তে ডিমাছা কছাৰীসকলে পৰম্পৰাগত খাদ্য সম্ভাৰ, কৃষ্টি-সংস্কৃতি,ক্ৰীড়া নৈপুন্য, বয়নশিল্প, ভাস্কৰ্য শিল্প আজিও প্ৰদৰ্শিত হয়।
ভাগ
বুছু ডিমা তিনিটা ভাগত বিভক্ত।
বুছু জিদাপঃ এই অংশ দুদিনৰ পৰা তিনিদিন ধৰি উদযাপিত হয়।
চুৰেম বাইন’: এই অংশ পাঁচদিন ধৰি চলে।
হাংচেউ বুছুঃ ই ৭ দিন ধৰি চলে। হাংচেউ বুছুক হাংচেওনানাওবা (Hangsaoinanaoba) হিচাপেও জনা যায়।
কেনেকৈ পালন কৰা হয়
উল্লেখ্য যে, জিদাপ সকলোতকৈ সৰীকৃত উদযাপন। বিশষকৈ চুৰেম অংশ অধিকহাৰত উদযাপন হয়। কিয়নো হাংচেউ অংশ কেইবাদিন ধৰি চলে আৰু ইয়াক উদযাপন কৰিবলৈ বহু পৰিমাণৰ অৰ্থ আৰু শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হয়। হাংচেউ উদযাপনৰ বাবে সামূহিকভাৱে এটুকুৰা পৃথক ভুমিখণ্ডত কৃষিকৰ্ম কৰা হয় আৰু তাৰ পৰা উৎপাদিত ফচলেৰে উদযাপনৰ খা-খৰচৰ ব্যৱস্থা কৰা হয়।
বুছু ডিমা অনুষ্ঠানৰ চিহ্নৰূপে “হেইহ’-হ” (হাওবা) [“heih-ho” (Haoba)] তৈয়াৰ কৰা হয়। পৰম্পৰা অনুসৰি সূৰ্য অস্তৰ অন্তত বাইবা বাদাইলাইবা (সংগীত প্ৰতিযোগিতা) অনুষ্ঠিত হয়। ইয়াৰোপৰি ডিমাছাসকলৰ সাংস্কৃতিক ৰাজধানী মাইবঙত ডিমাছা গাভৰুসকলে বাইডামা (Baidama) নৃত্য প্ৰদৰ্শিত কৰে। এই অনুষ্ঠানসমূহৰ মুখ্য আকৰ্ষণ ডিমাছাসকলৰ পৰম্পৰাগত বাদ্য।
উৎসৱৰ প্ৰথম দিনটোক বুষুচাতাইবা (Bususataiba) বুলি কোৱা হয় আৰু এই দিনটোত সকলোৰে ঘৰত মাংস বিতৰণ কৰা হয়। উৎসৱৰ দ্বিতীয় দিনা বুছুমা (Busuma) বুলি কোৱা হয়, এই দিনটোত ডেকাসকলে জ্যেষ্ঠসকলৰ সৈতে মিলি বাগাওবা (Bagaoba) গায়। গাওঁবুঢ়া কুনাঙ (Kunang)-এ ভক্তিগীত গাই উপাস্য দেৱতা শিৱ (ব্ৰাই-শিবৰাই)-ৰ পৰা ৰাইজৰ মংগলৰ বাবে আশীৰ্বাদ বিচাৰে। ডিমাছাসকলে ৰং বিৰঙৰ কাপোৰ পৰিধান কৰি এই উৎসৱ উলহ মালহেৰে পালন কৰে।