By Election Live 2024: ৰকিবুল হুছেইৰ বাহনত দুৰ্বৃত্তৰ গুণ্ডাগিৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ
অসমৰ ৫ সমষ্টিৰ নিৰ্বাচনৰ লগতে ইয়াত দেশ আৰু বিশ্বৰ প্ৰতিটো ব্ৰেকিং নিউজ পাব। দিনটোৰ ডাঙৰ খবৰসমূহ এটা ক্লিকতে জানিবলৈ আমাৰ পেজৰ সৈতে জড়িত হৈ থাকক।
আজি ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত ৯, ১০, ৬৬৫ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ,৫৪,৭২২ জন আৰু মহিলা ভোটাৰ সংখ্যা ৪,৫৫,৯২৪ গৰাকী ৷ পাঁচ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ছিদলী সমষ্টিত মুঠ ২,১৭,২৩৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । একেদৰে বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৫৭৯ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৮৫৪ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । আনফালে ধলাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৭,৬৪২ গৰাকী ।
LIVE NEWS & UPDATES
-
ৰকিবুল হুছেইৰ বাহনত দুৰ্বৃত্তৰ গুণ্ডাগিৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ
‘নিজৰ গাড়ী নিজেই ভাঙিছে, নিজৰ ওপৰতো আক্ৰমণ কৰিব পাৰে তেখেতে’। ৰকিবুল হুছেইনে দেখুওৱা ভিডিঅ’ সন্দৰ্ভত মন্তব্য বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ।
-
ভোটাধিকাৰ সাব্যস্ত কৰি কি ক’লে পৰিমল শুক্লবৈদ্যই?
আজি অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচন। ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। যোৱা নিৰ্বাচনতকৈও অধিক ভোটৰ ব্যৱধানত আমি ধলাইত জয়লাভ কৰিম: পৰিমল শুক্লবৈদ্য
-
ৱায়ানাডত পুৱা ১১ বজালৈকে ২৭ শতাংশ ভোটদান
নিৰ্বাচন আয়োগৰ মতে, ৱায়ানাড লোকসভা আসনত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত পুৱা ১১ বজালৈকে ২৭.০৪% ভোটদান নথিভুক্ত কৰা হৈছে।
-
আয়ুষ্মান ভাৰত আঁচনিয়ে কোটি কোটি টকা ৰাহি কৰিব: প্ৰধানমন্ত্ৰী মোদী
দৰভাংগাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘আয়ুষ্মান ভাৰত যোজনা’ৰ বাবে দেশত প্ৰায় চাৰি কোটি লোকৰ চিকিৎসা কৰা হৈছে। যদি আয়ুষ্মান ভাৰত আঁচনি নাথাকিলহেঁতেন, তেন্তে এই লোকসকলৰ বেছিভাগেই চিকিৎসালয়ত ভৰ্তি নহ’লহেঁতেন। মই সুখী যে এন ডি এ চৰকাৰৰ আঁচনিৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ এটা ডাঙৰ চিন্তা দূৰ হৈছিল। কোটি কোটি পৰিয়ালে আয়ুষ্মান আঁচনিৰ পৰা প্ৰায় ১.২৫ লাখ কোটি টকা ৰাহি কৰিছে।
-
Jharkhand Voting: ঝাৰখণ্ডত পুৱা ৯ বজালৈকে ১৩.৪ শতাংশ ভোটদান
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৪৩ খন আসনৰ বাবে ভোটদান চলি আছে। পুৱাৰে পৰা ভোটাৰসকলৰ মাজত উৎসাহ দেখা গৈছে। ভোটকেন্দ্ৰত দীঘলীয়া শাৰী আছে। ইফালে, পুৱা ৯ বজালৈকে ১৩.৪ শতাংশ ভোটদান নথিভুক্ত কৰা হৈছে।
-
বিশ্বনাথ দেৱালয়ত আশিস গ্ৰহণ বিহালীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ
আজি ৫ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। উপ-নিৰ্বাচনৰ দিনটোত বিশ্বনাথ দেৱালয়ত আশিস গ্ৰহণ বিহালীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ -
চামগুৰিত এটাৰ পিছত আনটো নিৰ্বাচনী হিংসা
ভোটগ্ৰহণৰ সময়ত চামগুৰিৰ শ’লমাৰী আৰু বৰমা বিলত আৰু উত্তপ্ত পৰিস্থিতি৷ ভোটকেন্দ্ৰত সোমাই একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ৷ -
West Bengal By-Polls: আজি পশ্চিমবংগতো ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাইজে
পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ অন্তৰ্গত ১২১-হাৰোয়া বিধানসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ ভোটাৰৰ যথেষ্ঠ ভিৰ। উৎসাহী ভোটাৰসকলে তেওঁলোকৰ ভোট দিবলৈ শাৰীত ধৈৰ্য্যসহকাৰে অপেক্ষা কৰি আছে।
-
পৰিয়ালৰ নিৰাপত্তা বিচাৰি থানাত গোচৰ ৰকিবুল হুছেইন
হাতত মাৰণাস্ত্ৰ লৈ ৰকিবুল হুচেইনৰ বাসগৃহত নিশা দুৰ্বৃত্তৰ গুণ্ডাগিৰিৰ অভিযোগ। পৰিয়ালৰ নিৰাপত্তা বিচাৰি নগাঁও সদৰ থানাত গোচৰ ৰকিবুল হুচেইনৰ।
-
চামগুৰিত ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু তাঞ্জিল হুছেইনে
চামগুৰিত পিতৃ ৰকিবুল হুছেইনৰ সৈতে ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে৷
-
Assam By-polls 2024: অসম উপনিৰ্বাচনত ভোটদানৰ বাবে দীঘলীয়া শাৰী
উপ-নিৰ্বাচন অসমৰ চামগুৰি বিধানসভা আসনত অনুষ্ঠিত হৈছে। পুৱাই ভোটকেন্দ্ৰসমূহত উৎসাহী ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছিল।
Nothing Like Voting, I Voter For Sure ✨ #EarnYourSay
Long queues of enthusiastic early morning voters at polling stations in #Assam#ByeElections
Let’s step out and cast our votes.#Elections2024 #ECI pic.twitter.com/NLEiGxBmEO
— Election Commission of India (@ECISVEEP) November 13, 2024
-
Bihar By-Election Voting: বিহাৰত ৪ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত
বিহাৰত আজি চাৰিখন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে- বেলাগঞ্জ, ইমামগঞ্জ, তাৰৰী আৰু ৰামগড়। ইয়াৰ বাবে ভোটদান চলি আছে। প্ৰায় এবছৰৰ বাবে, ১২ লাখ ভোটাৰে ৪ জন বিধায়ক বাছনি কৰিব। ইয়াৰ বাবে ৩৮ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
-
ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰো আজি ভোটগ্ৰহণ
কংগ্ৰেছৰ দুৰ্গ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে প্ৰিয়ংকা গান্ধীৰ অভিষেক। ৱায়ানাড লোকসভা আসনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে ভোটাৰসকলক আহ্বান জনাইছে, “মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল, অনুগ্ৰহ কৰি আজি ভোট দিয়ক, এইটো আপোনাৰ দিন, এইটো আপোনাৰ পচন্দ কৰাৰ আৰু আমাৰ সংবিধানে আপোনাক দিয়া সৰ্বাধিক ক্ষমতা প্ৰয়োগ কৰাৰ দিন। আহক আমি একেলগে এক উন্নত ভৱিষ্যত গঢ়ি তুলিম।”
-
মংগলবাৰে শ’লমৰাত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
যোৰহাটৰ শ’লমৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বাইকত লিফ্ট দিয়াৰ পিছতেই প্ৰসেনজিৎ বৰুৱা নামৰ ব্যক্তিজনক পিছৰ চিটত বহি যোৱা লোকজনে হঠাৎ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে। ইতিমধ্যে গুৰুতৰ ভাৱে আহত ব্যক্তিজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। এই সমগ্ৰ ঘটনা ডকাইতিৰ বাবে সংঘটিত কৰা বুলি সন্দেহ।
-
চামগুৰিৰ শ’লমাৰিত বিজেপি কৰ্মীৰ উদ্ভাণ্ডালিৰ অভিযোগ
ৰাজ্যৰ ৫ সমষ্টিত পুৱাৰে পৰা চলি আছে ভোটগ্ৰহণ। চামগুৰিৰ শ’লমাৰিত ভোটকেন্দ্ৰত সোমাই কংগ্ৰেছ আৰু আৰক্ষীকো আক্ৰমণ কৰাৰ অভিযোগ।
-
চামগুৰিত ভোট দিবলৈ গৈ আহত গৰ্ভৱতী মহিলা
চামগুৰিৰ ভোটকেন্দ্ৰত উত্তেজনা। শাৰী পাতি ভোট দিবলৈ গৈও ঠেলা-হেঁচাত এগৰাকী গৰ্ভৱতী মহিলা আহত। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাৰ।
-
আজি ৰঞ্জী ট্ৰফীৰ মেচৰ যোগেদি ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিব মহম্মদ ছামীয়ে
আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছিল মহম্মদ ছামী। আজি ৰঞ্জী ট্ৰফীৰ মেচৰ যোগেদি ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন কৰিব ছামীয়ে ৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া বংগ বনাম মধ্যপ্ৰদেশৰ ৰঞ্জী মেচখনত বংগক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে আঘাতৰ পৰা মুক্ত হৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন কৰি থকা ছামীৰ খেলকলৈ সেউজ সংকেত দিছে একাডেমীয়ে।
-
ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ ভোটাধিকাৰ সাব্যস্ত
গণতন্ত্ৰৰ প্ৰতি আস্থা! প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী। ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
-
ধলাইৰ পুতিখাল ভোটকেন্দ্ৰত EVM বিকল
আজি EVM ত বন্দী হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। কিন্তু নিৰ্বাচন আৰম্ভ হোৱাৰ কিছুসময় পিছতে ধলাইৰ পুতিখাল ভোটকেন্দ্ৰত EVM বিকল হৈ পৰে।
-
গোলাঘাটত IED উদ্ধাৰৰ পিছত নিশা আৰক্ষীৰ অভিযান
গোলাঘাটৰ ৰঙাজানত গ্ৰেপ্তাৰ হোৱা IED সৰৱৰাহকাৰী দুজনক লগত লৈ গোলাঘাট আৰু মেৰাপানী আৰক্ষীৰ এটা বৃহৎ দলে নিশা মেৰাপানীৰ দয়ালপুৰত চলায় অভিজান । দুয়োৰে ঘৰ মেৰাপানীৰ দয়ালপুৰত। নিশা অভিযানত এয়াৰ গানৰ লগতে এযোৰ সেনাৰ পোছাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দুয়োজন আদিবাসী পিপলছ লিবাৰেশ্যন আৰ্মী চমুকৈ আপলাৰ সদস্য আছিল।
-
বিহালী আৰু চামগুৰিত কিমান প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে?
বিহালীত শাসকীয় বিজেপিয়ে দিগন্ত ঘাটোৱালক প্ৰাৰ্থীত্ব দিয়া বিপৰীতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব জয়ন্ত বৰাই । ইফালে, চিপিআই(এমএল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে অনন্ত গগৈয়ে। ধলাই সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনফালে ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চামগুৰি সমষ্টিত। ধলাইত বিজেপিৰ নীহাৰ ৰঞ্জন দাসৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্দলীয় প্ৰাৰ্থী হৈছে অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবী ৷ চামগুৰিত বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থীত্ব দিয়া বিপৰীতে কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইন আৰু নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থী জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচা প্ৰতিদ্বন্দ্বিতা কৰিছে ।
-
বঙাইগাঁৱত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা
বিজেপিৰ মিত্ৰদল অগপৰ দীপ্তিময়ী চৌধুৰী, কংগ্ৰেছৰ ব্ৰজেন জিৎ সিনহাক এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভা, নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ, অনুপ কুমাৰ কৰ্মকাৰ, ভদ্ৰেশ্বৰ বৰ্মন, গৌতম ৰায় লগতে দীপক দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
-
ছিদলীত কিমান গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা?
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ছিদলী সমষ্টিত তিনি গৰাকী প্ৰাৰ্থীয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইউপিপিএলে নিৰ্মল কুমাৰ ব্ৰহ্ম, বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী, কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীক প্ৰাৰ্থীত্ব দিছে ৷
-
ভোটকেন্দ্ৰৰ সংখ্যা কিমান?
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মুঠ ১০৭৮ টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । ধলাইত ২০৮ টা, চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থাৰ কৰাৰ সমান্তৰালভাৱে বিহালীত ১৫৪টা আৰু চামগুৰিত ১৯৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷
-
কিমান গৰাকী পুৰুষ-মহিলাই সাব্যস্ত কৰিব ভোটাধিকাৰ?
৯ লাখ ৯ হাজাৰ ৫৭ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪ লাখ ৫৪ হাজাৰ ৭৫ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৪ লাখ ৫৪ হাজাৰ ৯৬৩ গৰাকী। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৯ গৰাকী।
-
বিহালী, চামগুৰি, বঙাইগাঁও, ধলাই, ছিদলীত আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া
আজি ৫ সমষ্টিৰ ১,০৭৮টা কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিহালী, চামগুৰি, বঙাইগাঁও, ধলাই, ছিদলীত আৰম্ভ ভোটগ্ৰহণ।
Published On - Nov 13,2024 7:03 AM