বিধায়কৰ পৰা হ’ল সাংসদঃ অসমত হ’ব উপ-নিৰ্বাচন…

নিয়ম অনুসৰি আসন খালী হোৱাৰ ৬ মাহৰ ভিতৰত নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব লাগে উপ-নিৰ্বাচন। গতিকে অসমত কেতিয়া উপ নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়া কিছুদিন পাছতেই পোহৰলৈ আহিব।

বিধায়কৰ পৰা হল সাংসদঃ অসমত হব উপ-নিৰ্বাচন...

উপ-নিৰ্বাচন

Updated On: 

05 Jun 2024 08:26 AM

৪ জুনত ঘোষণা হয় লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল। ইয়াৰ লগে লগে প্ৰায় নিশ্চিত হৈ পৰিল অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। কিয়নো বিধায়ক এৰি সাংসদ হ’ল ৫ গৰাকী নেতা। যি কেইগৰাকী বিধায়ক সাংসদ হ’ল সেই কেইগৰাকী ক্ৰমে- ধুবুৰীৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন, বৰপেটাৰ পৰা অ গ প তথা এন ডি এ প্ৰাৰ্থী ফনীভূষণ চৌধুৰী, শিলচৰৰ পৰা বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, শোণিতপুৰৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু কোকৰাঝাৰৰ পৰা জয়ন্ত বসুমতাৰী।

ইয়াৰে ৰকিবুল হুচেইন চামগুৰি সমষ্টিৰ পৰা বিধায়ক হৈ থকাৰ বিপৰীতে শিলচৰৰ পৰা পৰিমল শুক্লবৈদ্য, চিদলীৰ পৰা জয়ন্ত বসুমতাৰী, বিহালীৰ পৰা ৰঞ্জিত দত্ত আৰু বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰী বিধায়ক হৈ আছে। এই ৫ গৰাকী নেতা সাংসদ হোৱাৰ লগে লগে খালী হৈ পৰিব বিধানসভা সমষ্টি কেইটা। যাৰ বাবে পুনৰ জন প্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন।

ইয়াৰে প্ৰতি কেইটা সমষ্টিত দলসমূহে নিজাববীয়াকৈ প্ৰাৰ্থী দিব  সেয়া নিশ্চিত। কিন্তু বঙাইগাঁৱৰ প্ৰাৰ্থী কোন হ’ব তাকলৈহে এতিয়া উত্থাপন হ’ব বহু প্ৰশ্নৰ। অগপৰ দুৰ্গ স্বৰূপ বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰীয়ে বিগত ৮ টা কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে। গতিকে এই আসনখনত এতিয়া অসম গণ পৰিষদে কাক দিয়ে সেয়া লক্ষণীয় হ’ব। মিত্ৰজোঁটত থাকিলেও এই আসনখন অগপই বিজেপিক এৰি নিদি নিজৰ লগতে ৰাখিব যেন অনুমান হয়।  কিন্তু আস্থা হেৰুওৱা অগপই নিজৰ দুৰ্গ ধৰি ৰাখিব পাৰবনে সেয়া লাখটকীয়া প্ৰশ্ন।

নিয়ম অনুসৰি আসন খালী হোৱাৰ ৬ মাহৰ ভিতৰত নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব লাগে উপ-নিৰ্বাচন। গতিকে অসমত কেতিয়া উপ নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়া কিছুদিন পাছতেই পোহৰলৈ আহিব।

উল্লেখ্য যে, দেশৰ ৫৪৩ টা সমষ্টিৰ লগতে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ফলাফলো কালি ঘোষণাহ হয়। এই ১৪ খন আসনৰ ভিতৰত ১১ খন লাভ কৰে এনডিএ, ৩ খন লাভ কৰে কংগ্ৰেছে। এন ডি এ লাভ কৰা আসন কেইখনৰ ভিতৰত আছে বিজেপিৰ ৯ খন, অগপৰ এখন আৰু ইউ পি পিএলৰ এখন। কংগ্ৰেছলৈ যোৱা ৩  আসনত এইবাৰৰ নিৰ্বাচনত নগাঁৱত পৰাজিত হয় বিজেপিৰ সুৰেশ বৰা, যোৰহাটত পৰাজিত হয় তপন গগৈ আৰু ধুবুৰীত প্ৰায় ১০ লাখ ভোটত পৰাজিত হয় বদৰুদ্দিন আজমল।

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস