5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজিৰ দিনটোতেই ‘কা’ আন্দোলনত শ্বহীদ হৈছিল অসমৰ ৫ নিৰীহ যুৱক…

দীপাঞ্জল নামৰ যুৱকজন গুৱাহাটী সৈনিক ভৱন কেন্টিনৰ কৰ্মচাৰী আছিল। সকলো ৰাজপথলৈ ওলাই অহা দেখি মাকক ফোন কৰি কৈছিল ,''ময়ো অসমীয়া মইও ওলাই যাও''। তাৰ আধা ঘন্টা পাছত অসম আৰক্ষীৰ বুলেটে বুকু ভেদি গৈছিল দীপাঞ্জলৰ।

আজিৰ দিনটোতেই ‘কা’ আন্দোলনত শ্বহীদ হৈছিল অসমৰ ৫ নিৰীহ যুৱক…
কা আইন
barasha-sarma
Barasha Sarma | Published: 12 Dec 2024 12:39 PM

সেইদিনা আছিল ২০১৯ চনৰ, ১২ ডিচেম্বৰ তথা অসমবাসীৰ বাবে পাহৰিব নোৱাৰা এটা দিন! প্ৰায় ৫ বছৰ আগতে আজিৰ দিনটোতেই অসমৰ হাজাৰ হাজাৰলোক ৰাজপথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদস্থলীতেই প্ৰাণ হেৰুৱাইছিল ৫জনকৈ নিৰীহ যুৱকে।  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬(কেব) বিষয়টো উত্থাপন হোৱাৰ পাছতেই ৰাজ্যত কেব বিৰোধী আন্দোলনে গা কৰি উঠিছিল । তাৰ মাজতে গৃহীত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ই ৰূপান্তৰিত হৈ নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ লৈ।

দুয়োখন সদনত গৃহীত হোৱাৰ পাছত ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰি ‘কেব’ক আইনলৈ ৰূপান্তৰিত কৰিছিল। চৰকাৰৰ এই সিদ্ধান্তই যেন ৰাইজৰ জ্বলা জুইত ঘিউ ঢালি দিয়াৰ কাম কৰিছিল আৰু ইয়াৰ ফলশ্ৰুতিত লাখ লাখ অসমীয়া ৰাজপথলৈ ওলাই আহি ‘কা’ বাতিল কৰাৰ বিৰোধিতা কৰিছিল। সেই আন্দোলনৰ মাজতেই ১২ ডিচেম্বৰৰ দিনা প্ৰাণ হেৰুৱাই ৫ নিৰীহ যুৱকে। ইয়াৰ ভিতৰত আছিল দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু দ্বীপাঞ্জল দাস। এই আটাইকেইগৰাকী শ্বহীদত সুঁৱৰি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই ৫ শ্বহীদে আজিলৈকে ন্যায় লাভ নকৰিলেও সাক্ষী হৈ ৰ’ব ত্যাগ আৰু বলিদানৰ।

কেব হ’ল, কা হ’ল, প্ৰতিবাদ হ’ল, শ্বহীদ হ’ল আৰু আইনখনো কাৰ্যকৰী হ’ল। অসমৰ লাখ লাখ মানুহৰ আবেগ অনুভূতিক ভৰিৰে মোহাৰি বিজেপি চৰকাৰে কাৰ্যকৰী কৰিলে কা।  শেহতীয়াকৈ কাৰ অধীনত অসমতো কেইবাজনক নাগৰিকত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিয়ম অনুসৰি কাৰ অধীনত নাগৰিকক আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে। উল্লেখ কৰা প্ৰয়োজন যে, এই আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, পাৰ্ছীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়।

কা আইনলৈ ৰূপান্তৰ হোৱা বা কাৰ্যকৰী হোৱা অসম তথা অসমীয়া আবেগ অনুভূতি আৰু অস্তিত্বত চৰম আঘাত। অৱশ্যে এতিয়া আগৰ দৰে পৰিবেশে নাই। প্ৰতিবাদ শেষ হ’ল, মানুহৰ মন পৰিবৰ্তন হ’ল। এসময়ক কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ডিঙিৰ শিৰ ফুলাই কথা কোৱা সকলেই এতিয়া ঘূৰি ফুৰিছে চৰকাৰৰ প্ৰতিনিধিৰ চাৰিওফালে। অসমৰ লাখ লাখ মানুহ এতিয়াও সাক্ষী হৈ আছে কেনেকৈ মানুহে ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে, কেনেকৈ একাংশই কাৰ হাতত ধৰি ৰাজনীতি গৰম কৰিলে বা কেনেকৈ নিজৰ স্বাৰ্থৰ বাবে একাংশই কাক ব্যৱহাৰ কৰিব। এই সকলো অসমীয়া দেখি আহিছে আৰু সময়ৰ হাতত ইয়াৰ উত্তৰ আছে।

মুঠতে কা আইনখনে একাংশৰ পৰা কাঢ়ি নিলে আৰু একাংশক বহুত দিলে। যিসকল তথাকথিত জাতীয়তাবাদীৰ কথা শুনি ৰাজপথলৈ মানুহ ওলাই আহিছিল সেই জাতীয়তাবাদীসকলে এতিয়া ক্ষমতাৰ ৰাগীত মত্ত হৈ পৰিছে। কিন্তু কাৰ বিনিময়ত অসমৰ মানুহে হেৰুৱালে বহুতো। ৫ জন শ্বহীদ হ’ল, বহু ঘূনীয়া হ’ল। সেই ৫ শ্বহীদৰ ভুল কি আছিল। দীপাঞ্জল নামৰ যুৱকজন গুৱাহাটী সৈনিক ভৱন কেন্টিনৰ কৰ্মচাৰী আছিল। সকলো ৰাজপথলৈ ওলাই অহা দেখি মাকক ফোন কৰি কৈছিল ,”ময়ো অসমীয়া মইও ওলাই যাও”। তাৰ আধা ঘন্টা পাছত অসম আৰক্ষীৰ বুলেটে বুকু ভেদি গৈছিল দীপাঞ্জলৰ। চেম ষ্টেফৰ্ড নামৰ কিশোৰজন লতাশিললৈ জুবিন আহিব বুলি চাবলৈ গৈছিল। হাতীগাঁৱৰ পৰা লতাশিললৈ কাৰ্ফিউৰ মাজেৰে খোজকাঢ়ি যোৱাৰ সময়তে হাতীগাঁও চাৰিআলিৰ সমীপত আৰক্ষীৰ গুলীত নিহত হৈছিল চেম।

 

Latest News