সাংসদৰ পত্নীৰ পাকিস্তানৰ সৈতে লিংক! ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱকলৈ কেবিনেটত হ’ব আলোচনা…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল। এতিয়া কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে উঠা অভিযোগৰ চৰ্চা হ’ব কেবিনেটত। এই কথা জনাই মুখ্যমন্ত্ৰীয়ে।

কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে উঠা অভিযোগৰ চৰ্চা হ’ব কেবিনেটত। নাম নোলোৱাকৈ কংগ্ৰেছ সাংসদৰ বিৰুদ্ধে এটাৰ পাছত আনটো ডাঙৰ অভিযোগ উত্থাপন কৰি গৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যাক লৈ এতিয়া সামজিক মাধ্যমত চলিছে সৰৱ চৰ্চা। অৱশ্য়ে নাম নল’লেও সকলোৱে বুজি পাইছে কোন সেইগৰাকী কংগ্ৰেছ সাংসদ। কিন্তু কেৱল কংগ্ৰেছ সাংসদগৰাকীয়ে নহয় তেওঁৰ পত্নীৰ বিৰুদ্ধেও উত্থাপন কৰা হৈছে কেইবাটাও গুৰুতৰ অভিযোগ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল । প্ৰথমটো পোষ্টত সাংসদ পত্নীয়ে ১২ বছৰ ধৰি বিদেশী নাগৰিকত্ব লৈ ভাৰতত বাস কৰা বিষয়টোক লৈ কটাক্ষ কৰে।
তেওঁ লিখিছিল, “ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে । তদুপৰি অনুমতি পোৱাৰ পাছতো এক চৰ্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব। আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া ৷ আন সকলো বিবেচনাতকৈ জাতিৰ প্ৰতি আনুগত্যই সদায় অগ্ৰাধিকাৰ পোৱাটো উচিত ।”
ইয়াৰ পৰা হৈছিল ঘটনাৰ আৰম্ভণি। আকৌ মুখ্যমন্ত্ৰীয়ে কয়, “কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব । আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্রশ্নসমূহৰ উত্তৰ দিব লাগিব । তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি। কিছু ক্ষেত্রত দায়বদ্ধতাৰ প্ৰয়োজন হয় । কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব । আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্যক জানিবলৈ বিচাৰে ।
সোনকালে হওক বা পলমকৈ হওক—জৰ্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব । আশা ৰাখিছোঁ, যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব ।”
ইয়াৰ পাছতে আহিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ। তেওঁ কয়, “মোৰ পত্নী যদি পাকিস্তানৰ ISIৰ এজেণ্ট হয় তেন্তে মই ভাৰতৰ RAWৰ এজেণ্ট। তেওঁলোকে কৰা অভিযোগবোৰৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাই, যিটো পৰিয়ালৰ ওপৰত কেইবাটাও অভিযোগ উত্থাপন কৰা হৈছে, তেওঁলোকে মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে।” লগতে তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ অভিযোগ উত্থাপন কৰিছে যাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ পৰা সকলোৰে দৃষ্টি আঁতৰি যায়।”
ইমানতে থমকি ৰোৱা নাছিল কথাবোৰ। এইবাৰ গৌৰৱ গগৈৰ পৰিয়ালৰ ভোটাৰ তালিকা প্ৰকাশ কৰি পত্নীৰ নাম নথকাকক লৈ ৰাজহুৱা প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। তেওঁ লিখিছে, “মাননীয় সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই বুলি সুধি থকাসকলৰ বাবে মোৰ সহজ উত্তৰ হ’ল— মই নাজানো। কিন্তু ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া যোৰহাটৰ ভোটাৰ তালিকাৰ প্ৰামাণিক প্ৰতিলিপিত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা দেখা গৈছে, কিন্তু তেওঁৰ পত্নীৰ নামটো ইয়াত নাই। এতিয়া সিদ্ধান্ত আপোনাৰ৷ নিজৰ সিদ্ধান্ত নিজে লোৱাটোৱেই উত্তম হ’ব বুলি বিবেচনা কৰিছোঁ।”
For those asking whether the wife of the Hon’ble MP has taken Indian citizenship, my simple answer is: I do not know. However, here is an authentic copy of the voter list from Jorhat, which includes every family member’s name—except his wife’s.
Perhaps it is best to draw our own… pic.twitter.com/aZdqtmSz7V
— Himanta Biswa Sarma (@himantabiswa) February 13, 2025
তাৰ কিছুসময় পাছতে আকৌ এটা পোষ্ট। য’ত মুখ্যমন্ত্ৰীয়ে কয়, “অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ এগৰাকী সন্মানীয় সাংসদক লৈ সম্প্ৰতি প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ আছে নেকি, সেই বিষয়ত আলোচনা কৰা হ’ব। সেই আলোচনাই বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব৷”
On February 16, the Assam Cabinet will deliberate on whether the recent revelations concerning an MP from Assam have any implications for national security. The discussion will focus on assessing the matter objectively and thoroughly, ensuring that any necessary actions are taken…
— Himanta Biswa Sarma (@himantabiswa) February 13, 2025
এই বিষয়টোক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। এতিয়া সকলোৱে অপেক্ষা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকলৈ…